ETV Bharat / sports

টি-20 বিশ্বকাপৰ পাচতে ক্ৰিকেট কেৰিয়াৰ সম্পৰ্কত সিদ্ধান্ত ল'ব ডেল ষ্টেইনে

author img

By

Published : Feb 12, 2020, 7:54 PM IST

টি-20 বিশ্বকাপৰ পাচতে নিজৰ কেৰিয়াৰৰ কথা চিন্তা কৰিব পেচাৰ ডেল ষ্টেইনে ৷ ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক টি-20 শৃংখলাত স্থান লাভৰ পাচতে এই কথা প্ৰকাশ কৰে খেলুৱৈগৰাকীয়ে ৷

টি-20 বিশ্বকাপৰ পাচতে কেৰিয়াৰ সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ
ডেল ষ্টেইনৰ ক্ৰিকেট কেৰিয়াৰ

স্পৰ্টছ ডেস্ক, 12 ফেব্ৰুৱাৰী : দক্ষিণ আফ্ৰিকাৰ পেচাৰ ডেল ষ্টেইনে মন্তব্য কৰে যে, এই বছৰৰ শেষৰফালে অনুষ্ঠিত হ'বলগা টি-20 বিশ্বকাপৰ পাচতে আন্তৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ ভৱিষ্যত সম্পৰ্কত তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিব ৷

দক্ষিণ আফ্ৰিকাৰ পেচাৰ
ডেল ষ্টেইন

উল্লেখ্য যে, পেচাৰ গৰাকীয়ে পূৰ্বেই ক্ৰিকেটৰ দীঘলীয়া ফৰমেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল ৷ ইয়াৰোপৰি, যোৱা 11 মাহে তেওঁ জাতীয় দলৰ হৈ অংশগ্ৰহণ কৰা নাই ৷ কিন্তু, ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগা আগন্তুক টি-20 মেচৰ দক্ষিণ আফ্ৰিকা স্কোৱাডত তেওঁক স্থান প্ৰদান কৰা হৈছে ৷

36 বৰ্ষীয় খেলুৱৈগৰাকীয়ে কয় যে, আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা প্ৰায় এটা বছৰ আঁতৰি থকাৰ পাচত এতিয়া তেওঁ দলক পুনৰবাৰ প্ৰতিনিধিত্ব কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে ৷

দক্ষিণ আফ্ৰিকাৰ পেচাৰ
ডেল ষ্টেইন

তেওঁ কয়, "মই ক্ৰিকেট খেলি ভাল পাওঁ ৷ মই সদায় শুৱাৰ পৰা উঠি অন্য কোনো কাম কৰি ভাল নাপাওঁ ৷ মই খেলিবৰ বাবে সাজু হৈ আছো৷"

ষ্টেইনে কয়, "সৰ্বোচ্চ স্তৰত খেলিবলৈ মোৰ হাবিয়াস যেতিয়ালৈকে আছে আৰু বেটছমেনসকলক ধূলিসাৎ কৰিবলৈ শক্তি থকালৈকে মই খেলি যাম ৷ যদি এয়া মই কৰিব পাৰো তেন্তে মই ক্ৰিকেট অব্যাহত ৰাখিম আৰু যদি নোৱাৰো তেন্তে মোৰ ক্ৰিকেট কেৰিয়াৰ সম্পৰ্কত ভাবিবলৈ বাধ্য হ'ম ৷"

উল্লেখ্য যে, বিগ বেছ লীগৰ দৰে ঘৰুৱা ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে পেচাৰগৰাকীয়ে ৷ Mzansi Super League (MSL) দৰে ঘৰুৱা ক্ৰিকেটতো তেওঁ তৃতীয় সৰ্বোচ্চ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ৷

আৰু পঢ়ক : 19 বছৰ অনুৰ্ধ বিশ্বকাপত হতাহতিত জড়িত ক্ৰিকেটাৰক শাস্তি প্ৰদানৰ দাবী জ্যেষ্ঠ ভাৰতীয় খেলুৱৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.