ETV Bharat / sports

প্ৰশিক্ষকসকল দলৰ সফলতাৰ বাবেহে দায়িত্বশীল : গেৰী কিৰ্ষ্টেন

author img

By

Published : May 24, 2020, 3:20 PM IST

দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ গেৰী কিৰ্ষ্টেন ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক থকাৰ লগতে আফ্ৰিকা ক্ৰিকেট দলৰ বাবেও নিজৰ অৱদান আগবঢ়াইছে । তেওঁৰ কাৰ্যকালতেই ভাৰতীয় ক্ৰিকেট দলে মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ২০১১ চনৰ এদিনীয়া বিশ্বকাপ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল ।

Coach is responsible for the success of a team, not individuals: Gary Kirsten
Coach is responsible for the success of a team, not individuals: Gary Kirsten

স্পৰ্টছ ডেস্ক, ২৪ মে': প্ৰাক্তন দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ তথা ২০১১ চনৰ ভাৰতৰ বিশ্বকাপ জয়ৰ প্ৰশিক্ষক গেৰী কিৰ্ষ্টেনে শেহতীয়াকৈ প্ৰশিক্ষকক লৈ আগবঢ়াইছে এক গুৰুত্বপূৰ্ণ মন্তব্য । কিৰ্ষ্টেনৰ মতে প্ৰশিক্ষক এনে এটা নেতৃত্বৰ অৱস্থান য'ত দল আৰু ব্যক্তিগত খেলুৱৈক কি দৰে সাফল্য লাভ কৰিবলৈ তথা তাৰ বাবে কি ধৰণৰ পৰিৱেশ প্ৰয়োজন সেই সম্পৰ্কে গভীৰভাৱে বুজি পোৱাৰ দৰকাৰ বুলি উল্লেখ কৰে ।

গেৰী কিৰ্ষ্টেন ভাৰতীয় ক্ৰিকেট দলৰ সৈতে মুখ্য় প্ৰশিক্ষকৰ ভূমিকাত জড়িত আছিল আৰু তেওঁৰ কাৰ্যকালতেই ২০১১ চনত ভাৰতে শ্ৰীলংকাক পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল ।

দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন খেলুৱৈগৰাকীয়ে লগতে উল্লেখ কৰে, প্ৰশিক্ষকক বিভিন্ন ধৰণৰ কৌশলৰ প্ৰয়োজনীয়তাৰ আৱশ্য়ক । যিয়ে পেচাগত ক্ৰিকেট দলসমূহক সুন্দৰকৈ চলাই নিবলৈ সকলো ক্ষেত্ৰতে তেওঁলোকক দৃষ্টি ৰাখিবলৈ অনুমতি প্ৰদান কৰে ।

৫২ বছৰীয়া গেৰীৰ মতে, দলৰ মাজত বিভিন্ন ধৰণৰ ব্যক্তিত্বক সূচাৰুৰূপে পৰিচালনা কৰাৰ গুণ প্ৰশিক্ষকৰ মাজত থাকিব লাগে । যাতে সকলো খেলুৱৈয়ে সফলতা লাভ কৰিবলৈ সুযোগ লাভ কৰে ।

গেৰী কিৰ্ষ্টেন
গেৰী কিৰ্ষ্টেন

প্ৰশিক্ষকক দলৰ ভিতৰত উচ্চ প্ৰদৰ্শনৰ পৰিৱেশ স্থাপন কৰাৰ চেষ্টা কৰিব লাগে আৰু খেলুৱৈৰ ব্যক্তিগত সফলতাত কৈ দলৰ সফলতাৰ ওপৰত অধিক দায়িত্বশীল হ'ব লাগে বুলি উল্লেখ কৰে কিৰ্ষ্টেনে । আনহাতে সকলো নতুন প্ৰশিক্ষকক তেনে খেলুৱৈৰ পৰা সহযোগ লাভ কৰা দৰকাৰ, যিয়ে নতুনকৈ সংস্কৃতি বা কাম কৰাৰ পদ্ধতি চলাই নিব পাৰে । ইয়াৰ বাবে সময়ৰ প্ৰয়োজন হয় । সেই সকল খেলুৱৈক জয়ী হ'বলৈ তেওঁলোকৰ বিশ্বাস, পাৰদৰ্শিকতা আৰু ভাল সম্পৰ্কৰ প্ৰয়োজন । আমি অতি কম সময়ৰ ভিতৰতেই প্ৰশিক্ষকৰ পৰা বহু বেছি আশা পালি লও বুলিও কয় ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষকগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.