ETV Bharat / sports

টি-20 বিশ্বকাপলৈ আইচিচিক বিশেষ আহ্বান ৱাছিম আক্ৰামৰ

author img

By

Published : Jun 5, 2020, 1:35 PM IST

Akram urges ICC to wait for a suitable time to host T20 World Cup
Akram urges ICC to wait for a suitable time to host T20 World Cup

কৰ'ণা ভাইৰাছৰ বিভীষিকাৰ ফলতেই স্তব্ধ ক্ৰীড়াজগত । চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰ মাহত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া টি-20 বিশ্বকাপলৈও আহিছে অনিশ্চয়তা । এই সন্দৰ্ভত পাকিস্তানী প্ৰাক্তন ক্ৰিকেটাৰৰ আইচিচিক বিশেষ আহ্বান ।

স্পৰ্টছ ডেস্ক, 5 জুনঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আইচিচিক পাকিস্তানৰ প্ৰাক্তন মহান ক্ৰিকেটাৰ ৱাছিম আক্ৰামৰ এক বিশেষ আহ্বান । আইচিচিক COVID-১৯ ৰ পাচত এক "উপযুক্ত সময়ত" পুৰুষ টি-২০ বিশ্বকাপ আয়োজনৰ আহ্বান কিংবদন্তি খেলুৱৈগৰাকীৰ । কাৰণ দৰ্শক অবিহনে টি-20 বিশ্বকাপ অকল্পনীয় বুলি বৃহস্পতিবাৰে উল্লেখ কৰে প্ৰাক্তন খেলুৱৈগৰাকীয়ে ।

টি-20 বিশ্বকাপলৈ আইচিচিক বিশেষ আহ্বান ৱাছিম আক্ৰামৰ
টি-20 বিশ্বকাপলৈ আইচিচিক বিশেষ আহ্বান ৱাছিম আক্ৰামৰ

কিংবদন্তী খেলুৱৈগৰাকীয়ে কয়, "ব্যক্তিগত ভাৱে, মই ভাবো এইয়া উচিত সিদ্ধান্ত নহ'ব । মই ক'ব খোজিছো কেনেকৈ দৰ্শক অবিহনে ক্ৰিকেট বিশ্বকাপ খেলিবলৈ পাৰিব ।"

তেওঁ ইয়াৰ লগতে কয়, "বিশ্বকাপ মানেই বৃহৎ জনসমাগম, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শকসকল নিজৰ-নিজৰ দলক সমৰ্থন কৰিবলৈ আহে । এইয়া সকলো এটা পৰিৱেশৰ সম্পৰ্কিত আৰু এইটো বন্ধ দুৱাৰত আয়োজন কৰিব নোৱাৰে ।"

Akram urges ICC to wait for a suitable time to host T20 World Cup
আইচিচি

এতিয়া অহা 10 জুনত হে আইচিচিয়ে টি-20 বিশ্বকাপলৈ কি সিদ্ধান্ত গ্ৰহণ কৰে সেইয়া লক্ষ্যণীয় হ'ব । অনুমান কৰা হৈছে যে কৰ'ণা ভাইৰাছৰ ফলত অষ্ট্ৰেলিয়াত চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰ মাহত হ'বলগীয়া টি-20 বিশ্বকাপ স্থগিত কৰা হ'ব ।

আনহাতে, বলত থুঁ ব্যৱহাৰ নিষেধাজ্ঞাৰ সন্দৰ্ভতো আইচিচিক "দ্ৰুত সমাধান" কৰাৰ আহ্বান খেলুৱৈগৰাকীৰ । কাৰণ ঘামৰ অনুমতি প্ৰদান কৰাই যথেষ্ট নহয় বুলি কয় আক্ৰামে । থুঁ আৰু ঘাম দুয়োটাই পৃথক ধৰণে আচৰণ কৰে বুলি কয় মহান পাকিস্তানী বলাৰগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.