ETV Bharat / sports

এলান ড'নাল্ডৰ বিৰুদ্ধে কিয় প্ৰতিশোধৰ মানসিকতা লৈছিল আক্ৰামে !

author img

By

Published : Jun 9, 2020, 3:13 PM IST

ইংলেণ্ডৰ লংকাশ্বায়ৰ (Lancashire) হৈ খেলাৰ সময়ত আঘাতপ্ৰাপ্ত হোৱা এক ঘটনা সন্দৰ্ভত শেহতীয়াকৈ মুখ খুলিছে পাকিস্তানৰ ক্ৰিকেটাৰ ৱাছিম আক্ৰামে । এই ঘটনাৰ পাচতেই কিয় অধিক প্ৰতিশোধমুখৰ হৈ পৰিছিল ৱাছিম আক্ৰাম !

Akram recounts 'revenge psyche' after Donald bouncer got him 20 stitches
Akram recounts 'revenge psyche' after Donald bouncer got him 20 stitches

স্পৰ্টছ ডেস্ক, 9 জুনঃ দক্ষিণ আফ্ৰিকাৰ দ্ৰুতবেগী বলাৰ এলান ড'নাল্ডৰ সৈতে হোৱা এক ঘটনা সন্দৰ্ভত শেহতীয়াকৈ আমোদজনক ৰহস্য ফাদিল কৰিছে পাকিস্তানৰ কিংবদন্তি ক্ৰিকেটাৰ ৱাছিম আক্ৰামে । এখন মেচত ড'নাল্ডৰ এটা বাউঞ্চাৰ বলত আঘাতপ্ৰাপ্ত হৈ বহু কেইটা চিলাইৰ (stitches) সন্মুখীন হোৱাৰ পাচতেই প্ৰতিশোধ লোৱাৰ মানসিকতা লৈছিল বুলি উল্লেখ কৰে পাকিস্তানী ক্ৰিকেটাৰগৰাকীয়ে ।

এলান ড'নাল্ড
এলান ড'নাল্ড

আক্ৰাম আৰু ড'নাল্ড দুয়োৱে নিজৰ ক্ৰিকেট জীৱনৰ সময়ত একোজনকৈ বিধ্বংসী দ্ৰুতবেগী বলাৰ আছিল । চুইং আক্ৰামৰ প্ৰমুখ্য অস্ত্ৰ হোৱাৰ বিপৰীতে বেটছমেনৰ বাবে ত্ৰাসৰ কাৰণ আছিল ড'নাল্ডৰ গতিবেগ ।

আক্ৰামে সেই ঘটনা ৰোমন্থন কৰি কয়, মই মোৰ থুতৰিত 20 টা চিলাইৰ সন্মুখীন হ'বলগীয়া হৈছিল । মোৰ মতে,এইয়া 1989 ঘটনা যেতিয়া মই অসমতল পিট্ছত আঠ নম্বৰ বেটিঙৰ বাবে খেলপথাৰত অৱতীৰ্ণ হৈছিলো । প্ৰায় 150 কিলোমিটাৰ দ্ৰুতবেগেৰে অতি সহজেই বাউঞ্চাৰ বল কৰিছিল ড'নাল্ডে । সেই সময়ত মই এজন যুৱ খেলুৱৈ আছিলো আৰু মই বলটো টানি মাৰিবলৈ চেষ্টা চলাওতেই বেটৰ ওপৰ অংশত বলটো লাগি মোৰ থুঁতুৰিত আঘাত কৰিছিল ।

তেওঁ লগতে কয়, বলাৰে সাধাৰণতে প্ৰতিশোধৰ মানসিকতা থাকে আৰু মইয়ো ভাবিছিলো এই বলাৰজনক সুদাই নেৰাৰ কথা । মই হাস্পতাললৈ গৈছিলো আঘাত গভীৰ হোৱাৰ বাবে দন্ত চিকিৎসকে মোক 10 টা চিলাই ভিতৰ ফালে আৰু 10 চিলাই বাহিৰ ফালে লগাইছিল । তাৰ পাচত চিকিৎসকে মোক বিশ্ৰামৰ বাবে পৰামৰ্শ দিছিল । কিন্তু মই বিচাৰিছিলো পুনৰ গৈ বল কৰিবলৈ । মই আবেলি ভাগত বলিং কৰিছিলো আৰু আমি মেচখন জয়ী হ'বলৈ সক্ষম হৈছিলো । কিন্তু মেচখনত ড'নাল্ড বেটিং কৰিবলৈ নাহিল কাৰণ তেওঁ ভয় খাইছিল বুলি উল্লেখ কৰে আক্ৰামে ।

আক্ৰামে টেষ্ট ক্ৰিকেটত 502 টা আৰু এদিনীয়া ক্ৰিকেটত 414 টা উইকেট লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ড'নাল্ডে টেষ্টত 330 টা আৰু এদিনীয়াত 272 টা উইকেট লাভ কৰিবলৈ সক্ষম হৈছিল ।

লগতে চাওকঃ কৃতিমানৰ আলোকেৰে মুখৰিত ধেমাজিৰ এটা পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.