তুমি 'মিনি শ্বক' দিলা : পি.ভি. সিন্ধুক ক'লে কিৰেণ ৰিজিজুয়ে

author img

By

Published : Nov 2, 2020, 7:32 PM IST

সিন্ধুৰ অৱসৰৰ বাতৰি

পি.ভি. সিন্ধুয়ে ক্ৰীড়াজগতৰ পৰা অৱসৰ গ্ৰহণ কৰা বুলি তেওঁৰ অনুৰাগীসকল বিভ্ৰান্ত হৈ পৰিছিল ৷ কিন্তু এই কথা মিছা প্ৰমাণিত হোৱাৰ পাচতে সেই সম্পৰ্কত মন্তব্য কৰে ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুয়ে ৷ তেওঁ কয় যে, সিন্ধুয়ে 'মিনি শ্বক' দিলে ৷

স্পৰ্টছ ডেস্ক, 2 নৱেম্বৰ : কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুয়ে পি. ভি. সিন্ধুক কয় যে, তেওঁ সকলোকে 'মিনি শ্বক' দিলে ৷ টুইটাৰৰ জৰিয়তে সিন্ধুয়ে "I Retire" বুলি লিখি সকলোকে হতভম্ব কৰি তোলাৰ পাচতে এই মন্তব্য কৰে ৰিজিজুয়ে ৷

ভাৰতীয় শ্বাটলাৰ
পি.ভি. সিন্ধু

অফিচিয়েল টুইটাৰৰ জৰিয়তে সিন্ধুয়ে কয় যে, ডেনমাৰ্ক অ'পেন হৈছে তেওঁৰ অন্তিম মেচ আৰু তেওঁ ক্ৰীড়াক বিদায় জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

ৰিজিজুয়ে টুইটাৰৰ জৰিয়তে কয়, "@Pvsindhu তুমি 'মিনি শ্বক' দিলা কিন্তু তোমাৰ দৃঢ়তাক লৈ মই সদায়ে বিশ্বাসী ৷ মই নিশ্চিত যে, দেশলৈ বহু সন্মান কঢ়িয়াই আনিবলৈ তোমাৰ বহু সাধ্য আছে ৷"

উল্লেখ্য যে, সিন্ধুয়ে 2018 চনৰ কমনৱেলথ গেমছ আৰু এছিয়ান গেমছত দখল কৰিছিল ৰূপৰ পদক ৷ লগতে তেওঁ লাভ কৰিছে দেশৰ সন্মানীয় বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন, পদ্মশ্ৰী আৰু পদ্ম বিভূষণ ৷ যোৱা বৰ্ষত তেওঁ BWF World Championships ৰ চেম্পিয়ন হৈছিল ৷ অলিম্পিকত ৰূপৰ পদকজয়ী প্ৰথম আৰু একমাত্ৰ শ্বাটলাৰ হৈছে সিন্ধু ৷

ক'ভিড-19 ৰ ফলত সমগ্ৰ বিশ্বতে লাখ লাখ লোকৰ মৃত্যু হোৱা বাবে এক বিয়োগাত্মক প্ৰভাৱ পৰাৰ বিষয়েহে তেওঁ টুইটাৰৰ জৰিয়তে মন্তব্য কৰিছিল ৷ কিন্তু প্ৰথমে "Denmark Open was the last straw. I retire" ৰে আৰম্ভণি কৰাত সকলো বিভ্ৰান্ত হৈ পৰে ৷

  • You actually gave a mini shock @Pvsindhu1 but I had unflinching faith in your power of determination. I'm sure you have the strength and stamina to bring many more laurels for India 🇮🇳! https://t.co/D4VIT7Poyv

    — Kiren Rijiju (@KirenRijiju) November 2, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

টুইটাৰৰ পাচৰ পৰ্যায়ত সিন্ধুয়ে স্পষ্টীকৰণ দিয়ে যে, তেওঁৰ এই মন্তব্যই অনুৰাগীক মিনি হাৰ্ট এটেক দিলেও তেওঁৰ অনুৰাগীয়ে এই বিষয়ত চকু ৰাখিবৰ বাবেহে কৰিছে ৷ শেষৰফালে তেওঁ কয় যে, তেওঁ কেৱল কৰ'ণা ভাইৰাছৰ দ্বাৰা সৃষ্ট নকাৰাত্মক চিন্তা, অনিশ্চয়তা আদিৰ পৰাহে অৱসৰ ল'ব বিচাৰিছে ৷

লগতে পঢ়ক : পইন্ট তালিকাৰ দ্বিতীয় স্থানৰ যুঁজত বেংগালুৰ বনাম দিল্লী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.