পইন্ট তালিকাৰ দ্বিতীয় স্থানৰ যুঁজত বেংগালুৰ বনাম দিল্লী

author img

By

Published : Nov 2, 2020, 5:28 PM IST

IPL 2020: RCB, DC face each other to seal top-two spot

আজি শ্বেইখ জায়েদ ষ্টেডিয়ামত অন্তিমখন লীগ মেচত মুখামুখি হ'ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ (RCB) আৰু দিল্লী কেপিটেলছ (DC) ৷ দুয়ো দলে বৰ্তমান 14 পইন্ট সংগ্ৰহ কৰি আছে যদিও নেট ৰাণ ৰেটৰ (NRR) জৰিয়তে মুম্বাই দলৰ পাচতে দ্বিতীয় স্থান অধিকাৰ কৰিছে বেংগালুৰ দলে ৷

স্পৰ্টছ ডেস্ক, 2 নৱেম্বৰ : আজি শ্বেইখ জায়েদ ষ্টেডিয়ামত অন্তিমখন লীগ মেচত মুখামুখি হ'ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ (RCB) আৰু দিল্লী কেপিটেলছ (DC) ৷ দুয়ো দলে বৰ্তমান 14 পইন্ট সংগ্ৰহ কৰি আছে যদিও নেট ৰাণ ৰেটৰ (NRR) জৰিয়তে মুম্বাই দলৰ পাচতে দ্বিতীয় স্থান অধিকাৰ কৰিছে বেংগালুৰ দলে ৷ আজিৰ মেচত জয়ী দলে প্লে' অফত স্থান সুনিশ্চিত কৰিবলৈ সক্ষম হ'ব ৷

আনহাতে, পৰাজয়বৰণ কৰা দলটোয়ে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ৷ একেৰাহে চাৰিখনকৈ মেচত পৰাজয়ৰ সন্মুখীন হোৱা দিল্লী দলে জয়েৰে প্লে' অফত স্থান সুনিশ্চিত কৰাৰ চেষ্টা কৰিব ৷ দলটোৰ টপ অৰ্ডাৰ বেটছমেন পৃথ্বী শ্ব', আজিংকা ৰাহানে, শিখৰ ধাৱান আৰু শ্ৰেয়াস আয়াৰে দলক দৃঢ় আৰম্ভণি দিবলৈ অসমৰ্থ হয় ৷

টপ অৰ্ডাৰৰ বেটছমেনৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে মিডল অৰ্ডাৰত ঋষভ পন্ত আৰু ছিমৰন হেথমেয়াৰে অতিৰিক্ত চাপ নিয়ন্ত্ৰণ কৰিবলৈ অসমৰ্থ হয় ৷ মাৰ্কাছ ষ্টইনিছেও দলটোৰ হৈ বিশেষ প্ৰভাৱ পেলাবলৈ অসমৰ্থ হৈ আহিছে ৷

ফাষ্ট বলাৰ কাগিছো ৰাবাডা আৰু এনৰিক নৰ্টজেও শেহতীয়াকৈ বলিঙত উজ্বলি উঠিবলৈ সক্ষম হোৱা নাই ৷ বেটে-বলে উজ্বীৱিত প্ৰদৰ্শন কৰা অক্সৰ পেটেলক পূৰ্বৰ মেচত বাহিৰত ৰখাটোও এক ভুল সিদ্ধান্ত হিচাপে পৰিগণিত হৈছিল ৷

আনহাতে, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ দলেও পূৰ্বে একেৰাহে তিনিখন মেচত পৰাজয়ৰ সন্মুখীন হৈছে ৷ কোহলী নেতৃত্বাধীন দলটোৰ প্ৰধান শক্তি বেটিং যদিও ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে পূৰ্বৰ মেচত দলটোৰ টপ অৰ্ডাৰ ব্যৰ্থ হয় ৷ ইয়াৰ ফলত দলটোৱে 5 উইকেটত পৰাস্ত হ'বলগা হয় ৷

অপেনাৰ দেৱদত্ত পাল্লিকাল আৰু এৰন ফিন্সৰ লগতে মিডল অৰ্ডাৰত কোহলী আৰু এবিডি ভিলিয়াৰ্ছ দলটোৰ মূল চালিকা শক্তি ৷ কিন্তু ফিন্সৰ পৰিৱৰ্তে দলত স্থান লাভ কৰা জ'ছ ফিলিপে দুখন মেচত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল ৷

বলিঙত য়ুজবেন্দ্ৰ চাহালে সমগ্ৰ দায়িত্ব গ্ৰহণ কৰিছে যদিও নৱদ্বীপ ছাইনী, ইছুৰু উদানা, মহম্মদ ছিৰাজে সংগ্ৰাম কৰিবলৈ বাধ্য হৈছে ৷ পূৰ্বে বেংগালুৰ আৰু দিল্লী দলৰ মুখামুখিত দিল্লীয়ে কোহলী বাহিনীক 59 ৰাণত পৰাস্ত কৰিছিল ৷

স্কোৱাড :

দিল্লী কেপিটেলছ : শ্ৰেয়াস আয়াৰ, কাগিছো ৰাবাডা, মাৰ্কাছ ষ্টইনিছ, সন্দীপ লেমিছানে, আজিংকা ৰাহানে, ৰবিচন্দ্ৰন অশ্বিন, শিখৰ ধাৱান, শিমৰন হেথমেয়াৰ, এলেক্স কেৰী, মোহিত শৰ্মা, পৃথ্বী শ্ব', ললিত যাদৱ, অভেশ খান, অক্সৰ পেটেল, তুষাৰ দেশপাণ্ডে, ঋষভ পন্ত, হৰ্ষল পেটেল, কিমো পল, এনৰিক নৰ্টজে, ডেনিয়েল চেমছ ৷

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ : বিৰাট কোহলী, এবিডি ভিলিয়াৰ্ছ, পাৰ্থিৱ পেটেল, এৰন ফিন্স, জছ বাটলাৰ, ক্ৰিছ মৰিছ, মইন আলি, মহম্মদ ছিৰাজ, শ্বাহবাজ আহমেদ, দেৱদত্ত পাডিক্কাল, য়ুজবেন্দ্ৰ চাহাল, নৱদ্বীপ ছাইনী, ডেল ষ্টেইন, পৱন নেগী, ইছুৰু উদানা, শিৱম ডুবে, উমেশ যাদৱ, গুৰকিৰত সিং মান, ৱাশ্বিংটন সুন্দৰ, পৱন দেশপাণ্ডে, আদাম জাম্পা ৷

লগতে পঢ়ক : ড৹ কৰ্ণী সিং শ্বুটিং ৰেঞ্জৰ এথলেটৰ দেহত ক’ভিড পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.