ETV Bharat / sports

চাইনা অ'পেনত যাত্ৰা সমাপ্ত ভাৰতৰ

author img

By

Published : Sep 20, 2019, 6:47 PM IST

চাইনা অ'পেনত যাত্ৰা সমাপ্ত ভাৰতৰ

ইণ্ডোনেছিয়াৰ খেলুৱৈৰ হাতত কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈ চাইনা অ'পেনৰ পৰা বাহিৰ ভাৰতীয় শ্বাটলাৰ বি চাই প্ৰণীত ৷ ইয়াৰ লগে লগে এই চেম্পিয়নশ্বিপত যাত্ৰা সমাপ্ত হয় ভাৰতৰ ৷

স্পৰ্টছ ডেস্ক, ২০ চেপ্তেম্বৰঃ চীন অ'পেন ৱৰ্ল্ড টুৰ ছুপাৰ 1000 বেডমিণ্টন চেম্পিয়নশ্বিপত যাত্ৰা সমাপ্ত ভাৰতৰ ৷ শুকুৰবাৰে বিশ্ব ৰেংকিঙৰ 9 নম্বৰ স্থানত থকা ইণ্ডোনেছিয়াৰ এন্থোনী ছিনিচুকাৰ হাতত 21-16, 6-21,16-21 ছেটত পৰাস্ত হয় চাই প্ৰণীত ৷ 55 মিনিটলৈ চলা মেচখনত বি চাই প্ৰণীত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ লগে-লগেই প্ৰতিযোগিতাত অন্ত পৰে ভাৰতৰ প্ৰতিদ্বন্দিতা ৷ প্ৰণীতে প্ৰথমখন ছেটত জয় লাভ কৰিবলৈ সক্ষম হৈছিল যদিও দ্বিতীয়খন ছেটত 6-21ত ধৰাশায়ী হয় প্ৰণীত ৷ আনহাতে অন্তিমখন ছেটতো 16-21 ব্যৱধানত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় ভাৰতীয় শ্বাটলাৰগৰাকী ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.