ETV Bharat / sports

বিডব্লিউএফ ৱৰ্ল্ড চেম্পিয়নশ্বিপছ : ব্ৰঞ্জৰ পদকতে ক্ষান্ত প্ৰণীঠ

author img

By

Published : Aug 25, 2019, 1:35 PM IST

বিডব্লিউএফ ৱৰ্ল্ড চেম্পিয়নশ্বিপছ : ব্ৰঞ্জ পদকতে ক্ষান্ত প্ৰণীঠ

ভাৰতৰ শ্বাটলাৰ ছাই প্ৰণীঠে শনিবাৰে বিডব্লিউএফ (BWF) ৱৰ্ল্ড চেম্পিয়নশ্বিপছত ব্ৰঞ্জ পদক দখল কৰিছে ৷ ইয়াৰ পূৰ্বে শ্বাটলাৰ পি. ভি. সিন্ধুয়ে চীনৰ চেন য়ু ফেইক 21-7, 21-14 ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে ৷

স্পৰ্টছ ডেস্ক, 25 আগষ্ট : ভাৰতৰ শ্বাটলাৰ ছাই প্ৰণীঠে শনিবাৰে বিডব্লিউএফ (BWF) ৱৰ্ল্ড চেম্পিয়নশ্বিপছৰ ছেমি ফাইনেলত বিশ্ব ৰেংকিঙৰ শীৰ্ষ স্থানৰ কেন্ট' মম'তাৰ হাতত 21-13, 21-8 ছেটত পৰাস্ত হয় ৷ 42 মিনিটৰ যুঁজত ভাৰতীয় খেলুৱৈ গৰাকীয়ে দুটাকৈ পোনপটীয়া ছেটত পৰাস্ত হয় ৷ পৰাজয়ৰ পাচতো ব্ৰঞ্জ পদক দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে প্ৰকাশ পাডুকনৰ পাছতে এই টুৰ্ণামেন্টত পদক দখল কৰা দ্বিতীয় গৰাকী ভাৰতীয় হিচাপে পৰিচিত হয় প্ৰণীঠ ৷

ইয়াৰ পূৰ্বে শ্বাটলাৰ পি. ভি. সিন্ধুয়ে চীনৰ চেন য়ু ফেইক 21-7, 21-14 ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে ৷ পোনপটীয়া ছেটত ভাৰতীয় খেলুৱৈ গৰাকীয়ে চীনৰ প্ৰতিদ্বন্দীক 39 মিনিটতে পৰাস্ত কৰিবলৈ সক্ষম হয় ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.