ETV Bharat / sitara

অসমবাসীৰ মৰমৰ পাপনলৈ জন্মদিনৰ শুভেচ্ছা

author img

By

Published : Nov 24, 2021, 11:47 AM IST

অসমীয়া লোক সংগীত আৰু বলীউডৰ মেলডী গীতসমূহত এক সুকীয়া স্থান দখল কৰা অসম গৌৰৱ কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত (Angaraag Papon Mahant) ৰ আজি 46 বছৰীয়া জন্মদিন ৷ পাপনলৈ অনুৰাগীসকলে প্ৰেৰণ কৰা ওপজা দিনৰ শুভেচ্ছাৰে ভৰি পৰিছে ছ’চিয়েল মিডিয়া ৷

angaraag papon mahanta birthday
অংগৰাগ পাপন মহন্তৰ জন্মদিন

চিটাৰা ডেস্ক, 24 নৱেম্বৰ : অসমীয়া সংগীত জগত তথা বলীউডৰ জনপ্ৰিয় প্লে’ বেক কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত (Angaraag Papon Mahanta) ৰ আজি ওপজা দিন ৷ আজি 46 বছৰ বয়সত ভৰি দিলে অসম গৌৰৱ পাপনে ৷

ছ’চিয়েল মিডিয়াযোগে অসংখ্য শুভাকাংক্ষীয়ে জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জনাইছে পাপনক ৷ অসমীয়া আৰু হিন্দী ভাষাৰ উপৰিও বঙালী, তামিল, কানাড়া আদি ভাষাতো পাপনৰ গীতৰ সুৱাস পোৱা যায় ৷ Folk Fusion বেণ্ড পাপন আৰু ‘দ্য ইষ্ট ইণ্ডিয়া কোম্পানী’ (The East India Company) ৰ মুখ্য গায়ক আৰু প্ৰতিষ্ঠাপক হৈছে পাপন মহন্ত ৷ পাপনে তেওঁৰ অনুৰাগীসকলক ‘Paponist’ নামেৰে সম্বোধন কৰে ৷

angaraag papon mahanta
অংগৰাগ পাপন মহন্ত

বিশেষকৈ অসমীয়া লোক সংগীত আৰু বলীউডৰ মেলডী গীতসমূহত পাপনে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতীয় শাস্ত্ৰীয় আৰু লোক সংগীতেৰে সংগীতৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ আৰম্ভ কৰিছিল কণ্ঠশিল্পীগৰাকীয়ে ৷ আৰম্ভণিতে খোল আৰু তবলা শিকাৰ লগতে তেওঁ কণ্ঠস্বৰ শিকিছিল ।

গীটাৰ, কীবৰ্ড আৰু হাৰমোনিয়ামতো ৰাপ আছে অংগৰাগ পাপনৰ ৷ সংগীতৰ এই যাত্ৰাত তেওঁৰ প্ৰয়াত পিতৃ খগেন মহন্ত আৰু মাতৃ অৰ্চনা মহন্তৰ আছে এক গুৰুত্বপূৰ্ণ অৱদান ৷ অৰ্থাৎ সংগীতৰ অ, আ, ক, খৰ শিক্ষা তেওঁ পিতৃ-মাতৃৰ পৰাই আয়ত্ব কৰিছিল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

‘মন মোৰ উৰি গুচি যায়’, ‘জোনাকে বিচাৰে কি’, ‘জোনাকী ৰাতি’, ‘ভালপাব নাজানিলো’, ‘প্ৰতিদিনে’, ‘সোঁৱৰণি’, ‘পখী পখী মোৰ মন’, ‘এবেলি মোক’, ‘দুপৰৰে ৰ’দালি’ আদি বহুকেইটা পাপনে কণ্ঠ নিগৰোৱা অসমীয়া গীতে ইতিমধ্যে যথেষ্ঠ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ৷

আনহাতে, MTV Coke Studio ত ‘শ্যামৰাই কলিয়া’ আৰু ‘দিনে দিনে’ লোকগীত পৰিৱেশন কৰি এক অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে পাপনে ৷ ভাৰতীয় হিন্দী চলচ্চিত্ৰ জগতত ‘মোহ মোহ কে ধাগে’, ‘হামনাৱা’, ‘বুলেয়া’, ‘কৌন মেৰা’ আদি গীতসমূহত কণ্ঠ নিগৰাই বলীউডৰ প্লে’ বেক গায়ক সকলৰ মাজতো স্থান দখল কৰিবলৈ সক্ষম হয় এইগৰাকী অসম সন্তানে ৷

angaraag papon mahanta
অংগৰাগ পাপন মহন্ত

সুমধুৰ তথা মেলডী কণ্ঠৰে সংগীতপ্ৰেমীৰ হৃদয়ত সুকীয়া স্থান দখল কৰা পাপনে ইতিমধ্যে IIFA Awards, Mirchi Music Awards, GiMA Awards আদি বহুকেইটা ছবি বঁটা লাভ কৰিছে ৷ ইয়াৰোপৰি, তেওঁ কণ্ঠদান কৰা ‘মোহ মোহ কে ধাগে’ গীতটিয়ে National Film Awards লাভ কৰিবলৈ সক্ষম হয় ৷

গীত গোৱাৰ উপৰিও সামাজিক কাম-কাজতো বিশেষভাৱে জড়িত আছে পাপনে ৷ পাপনৰ নেতৃত্বত গঢ় লৈ উঠা এটা স্বেচ্ছাসেৱী সংগঠনে প্ৰাথমিকভাৱে পাৰিপাশ্বিক সমস্যাৰ সমস্যাসমূহ সমাধানত গুৰুত্ব দিয়ে ৷ বানপানী আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ সময়তো সহায় আগবঢ়ায় এই সংগঠনটোৱে ৷

angaraag papon mahanta
অংগৰাগ পাপন মহন্ত

এইগৰাকী অসম গৌৰৱ অংগৰাগ পাপন মহন্তৰ সংগীতৰ যাত্ৰা এইদৰে অব্যাহত থাকক ৷ ইটিভি ভাৰত চিটাৰা তৰফৰ পৰা পাপনলৈ থাকিল জন্মদিনৰ অলেখ শুভেচ্ছা ৷

লগতে পঢ়ক: 49th International Emmy Awards : বঁটা লাভত ব্যৰ্থ নৱাজুদ্দিন ছিদ্দিকী,আৰ্য়া, বীৰ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.