বলীউডত পদাৰ্পণৰ বাবে সাজু কণ্ঠশিল্পী য়োহানী

author img

By

Published : Oct 19, 2021, 2:00 PM IST

Sri Lankan sensation Yohani to debut in Bollywood with this superstar's film

অজয় দেৱগণ, সিদ্ধাৰ্থ মালহোত্ৰা আৰু ৰাকুলপ্ৰীত সিং অভিনীত ছবি Thank God ৰ জৰিয়তে বলীউডত পদাৰ্পণৰ প্ৰস্তুতি আৰম্ভ কৰিছে শ্ৰীলংকাৰ কণ্ঠশিল্পী য়োহানীয়ে ৷ ছবিখন পৰিচালনা কৰিছে ইন্দ্ৰ কুমাৰে ৷

চিটাৰা ডেস্ক, 19 অক্টোবৰ : ‘মানিকে মাগে হিথে’ গীতটিৰ অভুতপূৰ্ব সফলতাৰ পিছত এইবাৰ বলীউডত পদাৰ্পণৰ বাবে প্ৰস্তুত হৈছে শ্ৰীলংকাৰ কণ্ঠশিল্পী য়োহানী ৷ অজয় দেৱগণ, সিদ্ধাৰ্থ মালহোত্ৰা আৰু ৰাকুলপ্ৰীত সিং অভিনীত ছবি ‘Thank God’ ৰ জৰিয়তে বলীউডত পদৰ্পণ কৰিব শিল্পীগৰাকীয়ে ৷ সূত্ৰই জনোৱা অনুসৰি য়োহানীয়ে ‘মানিকে কে মাগে হিথে’ গীতটিৰ হিন্দী সংস্কৰণটোত কণ্ঠ নিগৰাব ছবিখনত ৷

এই সন্দৰ্ভত ছবিখনৰ পৰিচালক ইন্দ্ৰ কুমাৰে কয়, "য়োহানীৰ গীতটিয়ে চৌদিশে খলকনি তুলিছে আৰু মই এই ব্লকবাষ্টাৰ গীতটি Thank God ৰ অংশ হিচাপে ব্যৱহাৰ কৰিবলৈ সুবিধা দিয়াৰ বাবে মই ভূষণজীৰ ওচৰত কৃতজ্ঞ ৷ আমি গীতটিৰ হিন্দী সংস্কৰণটোক লৈ যথেষ্ট আশাবাদী আৰু শীঘ্ৰেই আমি ইয়াৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰিম ৷ Thank God লাইফ কমেডীৰ এক অনন্য অংশ তথা মই আৰু মোৰ দলে ছবিখন অহা বছৰ দৰ্শকৰ আগত মুকলি কৰি দিবলৈ বাট চাই আছোঁ" ৷

শেহতীয়াকৈ বিগ বচ 15 আৰু দ্য বিগ পিকচাৰত ভূমুকি মৰা য়োহানীয়ে বলীউডৰ অংশ হ’বলৈ পাই যথেষ্ট আনন্দ প্ৰকাশ কৰে ৷ কণ্ঠশিল্পী গৰাকীয়ে কয়, "মই ভাৰতৰ পৰা যথেষ্ট মৰম আৰু সমৰ্থন লাভ কৰিছো আৰু মই ভূষণ কুমাৰ, ইন্দ্ৰ কুমাৰ আৰু Thank God ৰ সমগ্ৰ টীমক এই চেগতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰো মোৰ গীতটিৰ হিন্দী সংস্কৰণটো ছবিখনত পৰিৱেশনৰ সুবিধা দিয়াৰ বাবে ! মই অতি শীঘ্ৰে ভাৰত ভ্ৰমণ কৰিম বুলি আশাবাদী" ৷

লগতে পঢ়ক : ফৰ্বছ ইণ্ডিয়াৰ প্ৰভাৱশালী তাৰকাৰ তালিকাত শীৰ্ষ স্থানত ৰশ্মিকা মন্দান্না

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.