ফৰ্বছ ইণ্ডিয়াৰ প্ৰভাৱশালী তাৰকাৰ তালিকাত শীৰ্ষ স্থানত ৰশ্মিকা মন্দান্না

author img

By

Published : Oct 18, 2021, 2:25 PM IST

Forbes India list
ফৰ্বছ ইণ্ডিয়াৰ প্ৰভাৱশালী তাৰকাৰ তালিকাত শীৰ্ষ স্থানত ৰশ্মিকা মন্দানা ()

ফৰ্বছ ইণ্ডিয়া(Forbes India)ৰ তালিকাত বিজয় দেবেৰাকোন্দা, সামন্থাক পিছ পেলাই শীৰ্ষ স্থানত দক্ষিণ ভাৰতীয় ছবিৰ অভিনেত্ৰী ৰশ্মিকা মন্দান্না(Rashmika Mandanna) । ছ'চিয়েল মিডিয়াত সৰ্বাধিক ফল'ৱাাৰ্ছ আছে ৰশ্মিকাৰ । তেলেগু আৰু কানাড়া ছবিত অভিনয় কৰি অনুৰাগীৰ মন জয় কৰা ৰশ্মিকাই ফৰ্বছ ইণ্ডিয়াৰ প্ৰভাৱশালী তাৰকাৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে ।

চিটাৰা ডেস্ক, ১৮ অক্টোবৰ: ৰশ্মিকা মন্দান্না, কেৱল দক্ষিণ ভাৰততে নহয়, এতিয়া বলীউডতো নিজৰ স্থান নিশ্চিত কৰিবলৈ সক্ষম হোৱা এগৰাকী সফল অভিনেত্ৰী । বিভিন্ন ভাষাৰ ছবিৰ কামত এতিয়া ব্যস্ত হৈ আছে অভিনেত্ৰীগৰাকী । ছ'চিয়েল মিডিয়াত লাখ লাখ অনুৰাগী আছে ৰশ্মিকাৰ । জনপ্ৰিয়তাৰ দৌৰত বহু অভিনেতা, অভিনেত্ৰীক পিছ পেলাইছে ৰশ্মিকাই ।

শেহতীয়াকৈ ফৰ্বছ ইণ্ডিয়াই প্ৰকাশ কৰা প্ৰভাৱশালী তাৰকাৰ তালিকাত শীৰ্ষ স্থানত আছে ৰশ্মিকা মন্দান্নাৰ নাম । এই তালিকাত ৰশ্মিকাই বিজয় দেবেৰাকোন্দা, সামন্থা আৰু যশকো চেৰ পেলাইছে । তেলেগু আৰু কানাড়া ছবিত অভিনয় কৰি অনুৰাগীৰ মন জয় কৰা ৰশ্মিকাই ছ'চিয়েল মিডিয়াত সৰ্বাধিক ফল'ৱাৰ্ছ থকাৰ বাবে তালিকাখনৰ শীৰ্ষ স্থান লাভ কৰিছে । এই তালিকাৰ দ্বিতীয় স্থানত আছে পেলি চুপুলু আৰু অৰ্জুন ৰেড্ডীৰ ছবিৰ জৰিয়তে খ্যাতি অৰ্জন কৰা বিজয় দেবেৰাকোন্দা আৰু তাৰ পিছত আছে কানাড়া ছবিৰ অভিনেতা যশ ।

সামান্থা ৰুথ প্ৰভু এই তালিকাত চতুৰ্থ স্থানত আছে আৰু আল্লু অৰ্জুন আছে পঞ্চম স্থানত । লাইক, মন্তব্য, ভিডিঅ' চোৱা, আৰু সামাজিক মাধ্যমত তাৰকাৰ ফল'ৱাাৰ্ছৰ সংখ্যা আদিৰ ভিত্তিত ফৰ্বছ ইণ্ডিয়াৰ প্ৰভাৱশালী তাৰকাৰ তালিকা প্ৰকাশ কৰা হয় ।

কোৰুজ স্কোৰ'ৰ জৰিয়তে এই বিবেচনা কৰা হয় । গণনাত ১০ ভিতৰত ৰশ্মিকাই 9.88, বিজয় দেবেৰাকোন্দাই ৯.৬৭, যশে ৯.৫৪ আৰু সামান্থাই ৯.৪৯ স্ক'ৰ লাভ কৰে । আল্লু অৰ্জুনে স্ক'ৰ লাভ কৰে । ফৰ্বছে ৩০ ছেপ্টেম্বৰ পৰ্যন্ত তেলেগু, তামিল, মালায়ালম আৰু কানাড়া ছবি উদ্যোগৰ জনপ্ৰিয় তাৰকাসকলৰ ইনষ্টাগ্ৰাম পোষ্টৰ ওপৰত নিৰ্ভৰ কৰি এই বিবেচনা কৰিছে।

ৰশ্মিকা মন্দান্নাই আল্লু অৰ্জুনৰ আগন্তুক একচন-ড্ৰামা ছবিত এগৰাকী গাঁৱলীয়া ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছে । উল্লেখ্য যে ৰশ্মিকা শীঘ্ৰেই শৰৱাানন্দৰ আদাৱল্লী মিকু জোহাৰুলুত উপস্থিত হ'ব । অভিনেত্ৰীগৰাকীয়ে হিন্দী ছবি গুড বাই আৰু মিছন মজনুৰ জৰিয়তে বলীউডতো জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: অতি সোনকালে সম্পন্ন হ’ব বিকি কৌশলৰ Engagement

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.