ETV Bharat / sitara

তামিল ছবিৰ নিৰ্দেশক কে ভি আনন্দৰ দেহাৱসান

author img

By

Published : Apr 30, 2021, 12:05 PM IST

KV Anand passed away
হৃদৰোগত আক্ৰান্ত হৈ তামিল ছবিৰ নিৰ্দেশক কে ভি আনন্দৰ মৃত্যু

চিৰ বিদায় মাগিলে তামিল ছবিৰ নিৰ্দেশক কে ভি আনন্দে । চেন্নাইত হৃদৰোগত আক্ৰান্ত হৈ শুক্ৰবাৰে পুৱা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । প্ৰখ্যাত ছবি নিৰ্দেশকগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে গুণমুগ্ধই ।

চিটাৰা ডেস্ক, ৩০ এপ্ৰিল: তামিল ছবিৰ নিৰ্দেশক তথা চিনেমেট'গ্ৰাফাৰ কে ভি আনন্দৰ পৰলোকপ্ৰাপ্তি । শুক্ৰবাৰে পুৱা চেন্নাইত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । হৃদৰোগত আক্ৰান্ত হৈ ৫৪ বছৰ বয়সত মৃত্যু হয় ছবি নিৰ্দেশকগৰাকীৰ । উল্লেখ্য যে, কে ভি আনন্দে শ্ৰেষ্ঠ চিনেমেট'গ্ৰাফীৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল ।

তেওঁ 'কানা কান্দেন', 'আয়ান', 'কো', 'মাত্ৰান', 'আনেগন', 'কাৱন' আৰু 'কাপ্পান'ৰ আদি ছবিৰ নিৰ্দেশনা কৰিছিল । ১৯৯৪ চনত কে ভি আনন্দে মালায়ালম ছবি 'থেনমাভিন কোমবাথ'ৰ জৰিয়তে চিনেমেট'গ্ৰাফাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল ।

এক দশকৰো অধিক সময় ধৰি চিনেমেট'গ্ৰাফাৰ হিচাপে কাম কৰাৰ পিছত, আনন্দে ২০০৫ চনত 'কানা কান্দেন' ছবিখনৰ জৰিয়তে ছবি নিৰ্দেশনাৰ কাম আম্ভ কৰে । তেওঁৰ মৃত্যু তামিল ছবি জগতত শোকৰ ছাঁ পৰিছে আৰু ছবি জগতৰ লোকৰ লগতে নিৰ্দেশকগৰাকীৰ মৃত্যুত তেওঁৰ গুণমুগ্ধই শোকপ্ৰকাশ কৰিছে ।

লগতে পঢ়ক:ক্ৰিছ প্ৰেট অভিনীত "দ্য টুমৰ' ৱাৰ"ৰ ট্ৰেইলাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.