ETV Bharat / sitara

হাতত আঘাতৰ চিন, ঘৰ্মাক্ত শৰীৰ ! অনুশীলনত ব্যস্ত বিকী

author img

By

Published : Mar 22, 2021, 2:14 PM IST

হাতত আঘাতৰ চিন, ঘৰ্মাক্ত শৰীৰ ! অনুশীলনত ব্যস্ত বিকী
হাতত আঘাতৰ চিন, ঘৰ্মাক্ত শৰীৰ ! অনুশীলনত ব্যস্ত বিকী

বিকী কৌশলে সঘনাই শ্বেয়াৰ কৰিছে মাৰ্শ্বেল আৰ্ট প্ৰশিক্ষণৰ সময়ৰ ফটো । সোমবাৰৰ পুৱা কেনেদৰে আৰম্ভণি হ'ল সেয়া অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিলে বিকীয়ে । ছ'চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰা এখন ফটোত বিকীৰ হাতত আঘাতৰ চিন স্পষ্টকৈ দেখা হৈছে । পোষ্টটোত অভিনেতাগৰাকীয়ে লিখিছে যে, 'তেজ, ঘাম আৰু মলি'ৰে আৰম্ভ হৈছে তেওঁৰ সোমবাৰৰ পুৱা ।

চিটাৰা ডেস্ক, ২২ মাৰ্চ: সোমবাৰে বলীউডৰ হাৰ্টথ্ৰব বিকী কৌশলে মাৰ্শ্বেল আৰ্ট প্ৰশিক্ষণৰ সময়ৰ এখন ফটো শ্বেয়াৰ কৰিছে । ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰা ফটোখনত দেখা পোৱা গৈছে যে, বিকীৰ সোঁ হাতত তেজৰ দাগ থকা বেণ্ডেজ । আগন্তুক ছবি 'ইমমৰ্টেল অশ্বত্থামা'ৰ বাবে বৰ্তমান মাৰ্শ্বেল আৰ্টৰ প্ৰশিক্ষণ লোৱাত ব্যস্ত হৈ আছে অভিনেতাগৰাকী ।

শেহতীয়াকৈ বিকী কৌশলে মাৰ্শ্বেল আৰ্টৰ প্ৰশিক্ষণৰ সময়ৰ ফটো আৰু ভিডিঅ' ছ'চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছে, য'ত তেওঁক মাৰ্শ্বেল আৰ্টত ব্যৱহৃত অস্ত্ৰ ঘূৰাই থকা দেখিবলৈ পোৱা গৈছে । সোমবাৰে ইনষ্টাগ্ৰামযোগে এখন ফটো শ্বেয়াৰ কৰি বিকীয়ে লিখিছে যে, "সোমবাৰৰ পুৱা 'তেজ, ঘাম আৰু মলি'ৰে আৰম্ভণি" । ফটোখনত বিকীৰ হাতত আঘাতৰ চিন দেখা পোৱা গৈছে ।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতাজনে যদিও পোনপটীয়াকৈ আগন্তুক ছবিখনৰ নাম প্ৰকাশ কৰা নাই যদিও এক সূত্ৰই প্ৰকাশ কৰা মতে, তেওঁ 'উৰি' ছবিৰ নিৰ্দেশক আদিত্য ধৰৰ ছবি 'ইমমৰ্টেল অশ্বত্থামা'ৰ বাবে এই কঠোৰ অনুশীলন কৰি আছে । ছবিখনৰ বাবে বিকীয়ে মাৰ্শ্বেল আৰ্টৰ লগতে ঘোঁৰা চালনাৰ প্ৰশিক্ষণো গ্ৰহণ কৰি আছে ।ছবিখনত বিকীক এক পৌৰাণিক চৰিত্ৰত অভিনয় কৰা দেখা যাব ।

ৰনি স্ক্ৰুৱালাৰ দ্বাৰা নিৰ্মিত ছবিখনত অশ্বত্থামাৰ চৰিত্ৰটো মহাভাৰতৰ এটা অধ্যায়ৰ ওপৰত আধাৰিত । 'ভূত পাৰ্ট ৱান: দা হণ্টেড শ্বিপ'ত শেষবাৰৰ বাবে দেখা পোৱা অভিনেতাগৰাকীয়ে ইতিমধ্যে মানুষী ছিল্লৰৰ সৈতে যশ ৰাজ ফিল্মছৰ এখন ছবিত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছে ।

লগতে পঢ়ক:সুশান্তৰ মৃত্যুৰ সময়ত মৌন হৈ ৰৈছিল একালৰ প্ৰেয়সী কীৰ্তি সেনন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.