ETV Bharat / sitara

তাপসী পান্নুৰ আগন্তুক ছবি থাপ্পৰৰ ট্ৰেইলাৰে অতিক্ৰম কৰিছে 10 মিলিয়ন ভিউজ

author img

By

Published : Feb 3, 2020, 2:29 PM IST

থাপ্পৰ নামৰ এখন নতুন ছবি লৈ আহি আছে তাপসী পান্নু ৷ শেহতীয়াকৈ মুক্তি পাইছে ঘৰুৱা হিংসাৰ ওপৰত নিৰ্মিত ছবি থাপ্পৰৰ ট্ৰেইলাৰ ৷ অতি কম সমৰ ভিতৰতে 10 মিলিয়ন ভিউজ অতিক্ৰম কৰিছে তাপসী পান্নু অভিনীত থাপ্পৰৰ ট্ৰেইলাৰে ৷

'Thappad' trailer shoots up to 10 million views
থাপ্পৰৰ ট্ৰেইলাৰে অতিক্ৰম কৰিছে 10 মিলিয়ন ভিউজ

চিটাৰা ডেস্ক,3 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে মুক্তি পালে তাপসী পান্নুৰ আগন্তুক ছবি থাপ্পৰৰ ট্ৰেইলাৰ ৷ অতি কম সময়ৰ ভিতৰতে 10 মিলিয়ন ভিউজ অতিক্ৰম কৰিছে ঘৰুৱা হিংসাৰ ওপৰত নিৰ্মিত ছবি থাপ্পৰৰ ট্ৰেইলাৰে ৷ নিজৰ ইনষ্টাগ্ৰাম একাউন্ট যোগে এই কথা জানিবলৈ দিয়ে অভিনেত্ৰীগৰাকীয়ে ৷ এই ছবিখনৰ জৰিয়তে এই বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছে যে, চৰ বা থাপৰ মৰাটো কেতিয়াও সৰু কথা নহয় ৷ ট্ৰেইলাৰটোৰ জৰিয়তে লগতে এইটো দেখুওৱা হৈছে যে কেনেকৈ এটা মাত্ৰ থাপৰে বিবাহিত দম্পতীৰ জীৱন সলনি কৰি দিব পাৰে ৷

থাপ্পৰৰ ট্ৰেইলাৰে অতিক্ৰম কৰিছে 10 মিলিয়ন ভিউজ-

তাপসী পান্নু অভিনীত ছবিখনৰ ট্ৰেইলাটোৱে তাপসীৰ অনুৰাগীসকলৰ মাজত যথেষ্ট উৎসুকতা বৃদ্ধি কৰিছে ৷ তাপসী পান্নুৰ এটা বিশেষ সংলাপে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ তাপসীয়ে ছবিখনত এগৰাকী গৃহিণীৰ চৰিত্ৰ ৰূপায়ন কৰিছে ৷ ছবিখনৰ ট্ৰেইলাৰটোত তাপসীয়ে ঘৰুৱা হিংসাৰ বিৰোধিতা কৰি কয়," হয় ,মাত্ৰ এটা থাপ্পৰ ৷ কিন্তু নোৱাৰে মাৰিব ৷"

ভূষণ কুমাৰ আৰু অনুভৱ সিনহাৰ দ্বাৰা নিৰ্মিত সামাজিত বাৰ্তাসূচক ছবিখন ছবিগৃহলৈ আহিব এই বৰ্ষৰ 28 ফেব্ৰুৱাৰী তাৰিখে ৷

লগতে পঢ়কঃমোক এনেকুৱা এজন মানুহ লাগে যি মোক ছোৱালী হোৱাৰ অনুভৱ কৰাব পাৰে : দিশা পাটানী

Intro:Body:

'Thappad' trailer shoots up to 10 million views






Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.