ETV Bharat / sitara

পাঠানৰ দৃশ্যগ্ৰহণৰ বাবে জন-দীপিকা সহ বাদশ্বাহৰ যাত্ৰা অশান্ত ইউৰোপলৈ

author img

By

Published : Mar 5, 2022, 3:13 PM IST

শুকুৰবাৰে নিশা মুম্বাই এয়াৰপ’ৰ্টত দেখা গ’ল বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান, জন আব্ৰাহাম আৰু দীপিকা পাডুকনক ৷ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বাবে ইউৰোপ অশান্ত হৈ থকাৰ মাজতে পাঠানৰ দৃশ্যগ্ৰহণৰ বাবে স্পেইনলৈ ৰাওনা হৈছে তিনিওগৰাকী তাৰকা শিল্পী (Pathan movie cast) ৷

Pathan
স্পেইনলৈ ৰাওনা হ’ল পাঠান টীম

চিটাৰা ডেস্ক, 5 মাৰ্চ : আকৌ এবাৰ ৰূপালী পৰ্দাত নিজৰ অভিনয়ৰ যাদুৰে দৰ্শকক মুহিবলৈ সাজু হৈছে কিং খান ৷ পাঁচ বছৰৰ মূৰত শ্বাহৰুখৰ অনুৰাগীয়ে স্ক্ৰীনত দেখিবলৈ পাব অভিনেতা গৰাকীক (Shahrukh new movie name) ৷ তেওঁৰ নতুন ছবি পাঠানৰে চৰ্চাত আছে অভিনেতাজন (Shahrukh Khan new film) ৷

পাঠান ছবিখনৰ শ্বুটিং বিভিন্ন দেশত কৰা হৈছে (Pathan movie shooting places) ৷ স্পেইনতো ছবিখনৰ এটা অংশৰ শ্বুটিং কৰাৰ পৰিকল্পনা পূৰ্বতে নিৰ্ধাৰণ কৰা হৈছিল (Pathan movie shooting in Spain) ৷ সেই সূত্ৰেই এই যুদ্ধকালীন পৰিস্থিতিটো স্পেইনলৈ যাত্ৰা কৰিছে ছবিখনৰ কলা কুশলী সকলে ৷

বৰ্তমানে ৰাছিয়াই একেৰাহে চলাই থকা যুদ্ধৰ বাবে এই মুহূৰ্তত ইউৰোপীয় দেশ সমূহৰ পৰিস্থিতি ভাল হৈ থকা নাই । এনে পৰিস্থিতিত, এই দেশসমূহক কোনো ক্ষেত্ৰতে সুৰক্ষিত বুলি ক’ব নোৱাৰি ৷ এনে পৰিস্থিতিৰ মাজতো এতিয়া স্পেইনলৈ উৰা মাৰিছে শ্বাহৰুখ সহ দলটোৱে ৷

শুকুৰবাৰে শ্বাহৰুখৰ এয়াৰপ’ৰ্ট লুকেও দৃষ্টি আৰ্কষণ কৰিলে সকলোৰে ৷ ক’লা ৰঙৰ টি-চাৰ্ট আৰু পেণ্টৰ সৈতে এটা নীলা ৰঙৰ জেকেট পৰিধান কৰা কিং খানক বেচ ষ্টাইলিছ দেখা গ’ল ৷ ইপিনে পত্নী প্ৰিয়া ৰাঞ্চালৰ সৈতে গৈছে স্পেইনলৈ ওলাইছে জন আব্ৰাহামো ৷ দীপিকা পাডুকনেও এটা গাঢ় গুলপীয়া ৰঙৰ লেডাৰ পেণ্টৰ সৈতে এটা ৰঙা ৰঙৰ চুৱেটাৰ পৰিধান কৰা ৰাওনা হ’ল স্পেইন অভিমুখে ৷

2 মাৰ্চত পাঠান টীমে ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰি এটা ভিডিঅ’ পোষ্ট কৰিছিল (Pathan release date) ৷ অহা 25 জানুৱাৰীত হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি লাভ কৰিব ছবিখনে ৷

লগতে পঢ়ক: Tiger3 release date: ঈদৰ সময়ত 'টাইগাৰ থ্ৰি'ৰ জৰিয়তে অনুৰাগীৰ হৃদয় জিনিব ছলমান-কেটৰিণাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.