ETV Bharat / sitara

কৰ্মৰ আভাষ দৰ্শকৰ সৈতে শ্বেয়াৰ বলীউডৰ নৱাগতাৰ

author img

By

Published : Apr 7, 2021, 8:27 PM IST

sara ali khan-Shanaya Kapoor
চাৰা আলী খান-চনায়া কাপুৰ

ফিল্ম ফেয়াৰত নৃত্য প্ৰদৰ্শনৰ এক আভাষ ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছে অভিনেত্ৰী চাৰা আলী খানে ৷ ইফালে নৱাগতা চনায়া কাপুৰেও এখন আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে ৷

চিটাৰা ডেস্ক,7 এপ্ৰিল: বিগত 27 মাৰ্চত মুম্বাইত অনুষ্ঠিত হোৱা 66 সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছ অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰিছিল অভিনেত্ৰী চাৰা আলী খানে ৷ নৃত্য প্ৰদৰ্শনৰ এক মুহুৰ্ত ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছে চাৰাই ৷ ইয়াৰ বিপৰীতে নৱাগতা চনায়া কাপুৰেও ইনষ্টাগ্ৰামযোগে এক আকৰ্ষণীয় ফটোশ্বুটৰ ফটো শ্বেয়াৰ কৰে ৷

বুধবাৰে অনুৰাগীলৈ ভিডিঅ’টি শ্বেয়াৰ কৰি আকৌ অনুৰাগীসকলে এই নৃত্যৰ ভিডিঅ’ পাব বুলি ব্যক্ত কৰে চাৰাই ৷ গ্ৰীণৰুমত সাজু হোৱাৰ পৰা মঞ্চত নৃত্য প্ৰদৰ্শন কৰালৈকে সকলো ভিডিঅ’ সাচি ৰাখিছে মোহময়ী অভিনেত্ৰী গৰাকীয়ে ৷

আনহাতে, চনায়া কাপুৰেও কৰা ফটোশ্বুটৰ এখন আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰি অনুৰাগীসকলক মোহিত কৰে ৷ অভিনেতা সঞ্জয় কাপুৰ আৰু মেহদীপ কাপুৰৰ কন্যা চনায়া কাপুৰে মন’কিনী সাজ আৰু এটি কোটেৰে সৈতে তোলা ফটো শ্বেয়াৰ কৰে ৷

উল্লেখ্য যে, বলীউডত খোজ পেলাবলৈ সাজু হৈছে চনায়া কাপুৰ ৷ কৰণ জোহৰৰ আহিবলগীয়া ছবিত শীঘ্ৰেই দেখিবলৈ পোৱা যাব চনায়া কাপুৰক ৷

লগতে পঢ়ক : সুশান্ত সিং ৰাজপুতৰ ওপৰত ছবি নিৰ্মান কৰিব ৰাম গোপাল বাৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.