ETV Bharat / sitara

তেলেগু তাৰকা বিজয় দেৱেৰক'ন্দাৰ সৈতে চাৰা আলি খানৰ ফেন ম'মেন্ট

author img

By

Published : Feb 14, 2021, 5:05 PM IST

Sara Ali Khan's 'fan moment' with Vijay Deverakonda
Sara Ali Khan's 'fan moment' with Vijay Deverakonda

তেলেগু হাৰ্টথ্ৰৱ বিজয় দেৱেৰক'ন্দাৰ সৈতে বলিউদ ডিভা চাৰা আলি খানৰ ফেন ম'মেন্ট ৷ ইনষ্টাগ্ৰামত তেলেগু হাৰ্টথ্ৰৱ বিজয়ৰ সৈতে উঠা এখন চেল্ফি শ্বেয়াৰ কৰিছে চাৰাই ৷ কৰন জোহৰে দিয়া এটা পাৰ্টীত উপস্থিত আছিল দিপীকা পাডুকনৰ লগতে বিজয় দেৱেৰক'ন্দা, ঈশান খট্টৰ, অনন্যা পাণ্ডে, সিদ্ধাৰ্থ চটোৰ্বেদী আৰু চাৰা আলি খান ৷

চিটাৰা ডেস্ক, 14 ফেব্ৰুৱাৰী: বলিউদ ডিভা চাৰা আলি খান তেলেগু তাৰকা বিজয় দেৱেৰক'ন্দাৰ এগৰাকী বিশাল অনুৰাগী ৷ তেলেগু হাৰ্টথ্ৰৱ বিজয়ৰ সৈতে অভিনেত্ৰী গৰাকীয়ে এখন চেল্ফি প্ৰকাশ কৰাৰ পাছতে সামাজিক মাধ্যমত এক ধুমুহাৰ সৃষ্টি হৈছে ৷ তেলেগু হাৰ্টথ্ৰৱ গৰাকী বৰ্তমান লিগাৰ ছবিত অভিনয় কৰাৰ কৰাৰ বাবে সাজু হৈছে ৷ লিগাৰ ছবিখনত বিজয়ৰ সৈতে অনন্য পাণ্ডেকো দেখিবলৈ পোৱা যাব ৷

শনিবাৰে নিশা কৰন জোহৰে দিয়া এটা পাৰ্টীত দিপীকা পাডুকনৰ লগতে বিজয় দেৱেৰক'ন্দা, ঈশান খট্টৰ, অনন্যা পাণ্ডে, সিদ্ধাৰ্থ চটোৰ্বেদী আৰু চাৰা আলি খান উপস্থিত আছিল বুলি জানিব পৰা গৈছে ৷ আটাইকেইজন আলহীকে পুৱা প্ৰায় 4 বজাত কৰণ জোহৰৰ ঘৰৰ পৰা ওলাই যোৱা দেখিবলৈ পোৱা গৈছিল ৷

সামাজিক মাধ্যমত যদিও কৰণ জোহৰৰ ঘৰৰ পাৰ্টীৰ কোনো আভাস দেখিবলৈ পোৱা যোৱা নাই, তথাপি চাৰাৰ সামাজিক মাধ্যমৰ একাউন্টৰ যোগেদি এই পাৰ্টীৰ কিছু আভাস পোৱা গৈছে ৷ কেদাৰনাথৰ অভিনেত্ৰী গৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰামত এখন চেল্ফি শ্বেয়াৰ কৰিছে, য'ত অভিনেত্ৰী গৰাকীক বিজয়ৰ সৈতে দেখিবলৈ পোৱা গৈছে ৷ বিজয়ক টেগ কৰি শ্বেয়াৰ কৰা ফটোখনত চাৰাই 'ফেন ম'মেন্ট' বুলি কেপচন দিছে ৷

সহ অভিনেতা বৰুন ধাৱনৰ সৈতে চাৰাক শেহতীয়াকৈ অটিটি মঞ্চত মুক্তি লাভ কৰা ছবি কুলি নম্বৰ 1 (Coolie No. 1) ত দেখিবলৈ পোৱা গৈছিল ৷ অভিনেত্ৰী গৰাকী বৰ্তমান তেওঁৰ আহিব লগীয়া ছবি 'অটৰংগী ৰে' ৰ দৃশ্যগ্ৰহণত ব্যস্ত আছে বুলি জানিব পৰা গৈছে ৷ হিমাংশু শৰ্মাৰ চিত্ৰনাট্য আৰু আনন্দ এল ৰায়ৰ পৰিচালনাৰ 'অটৰংগী ৰে' ত অক্ষয় কুমাৰ, ধনুষ আৰু নিম্ৰট কৌৰক দেখিবলৈ পোৱা যাব ৷

লগতে পঢ়ক: অটিটি প্লেটফৰ্মত মুকলিৰ বাবে সাজু মনোজ বাজপেয়ীৰ চাইলেন্স

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.