ETV Bharat / sitara

ঋষি কাপুৰৰ শ্ৰাদ্ধঃ ৰিধিমা, ৰণবীৰ, আলিয়া, কৰিশ্মাৰ প্ৰাৰ্থনা

author img

By

Published : May 13, 2020, 2:11 PM IST

Rishi Kapoor's terahvi: Alia, Karisma join Ranbir, Riddhima to offer prayers
ঋষি কাপুৰৰ শ্ৰাদ্ধ

মঙলবাৰে ধৰ্মীয় ৰীতি-নীতিৰে আয়োজন কৰা হয় অভিনেতা ঋষি কাপুৰৰ শ্ৰাদ্ধ ৷ পৰিয়ালৰ সদস্য সকলে মিলিত হৈ আয়োজন কৰা এই প্ৰাৰ্থনাসভাত আলিয়া ভাট্ট, কৰিশ্মা কাপুৰ আৰু শ্বেতা বচ্চন, নন্দা সহিত বন্ধুবৰ্গ আৰু আত্মীয় সকলে অংশগ্ৰহণ কৰে ৷

চিটাৰা ডেস্ক,13 মে': প্ৰসিদ্ধ অভিনেতা ঋষি কাপুৰৰ মৃত্যু হৈছিল 30 এপ্ৰিলত ৷ অন্তিম সংস্কাৰৰ 13 দিনৰ দিনা মঙলবাৰে শ্ৰাদ্ধৰ আয়োজন কৰে পৰিয়ালবৰ্গই ৷

ঋষি কাপুৰৰ কন্যা ৰিধিমাই ইনষ্টাগ্ৰাম যোগে অনুষ্ঠানটোৰ কেইখনমান ফটো শ্বেয়াৰ কৰে ৷ এখন ফটোত ঋষি কাপুৰৰ পুত্ৰ ৰণবীৰ কাপুৰে পূজা কৰা পৰিলক্ষিত হৈছে ৷

ফটোৰ কেপচনত লিখে, "আপোনাৰ উত্তৰাধিকাৰ চিৰকাল থাকিব , আমি বহুত ভালপাওঁ আপোনাক ৷ "

অন্য এখন ফটোত ৰিধিমাক দেউতাকৰ ফটো ফ্ৰেমৰ ওচৰত ৰৈ থকা পৰিলক্ষিত হৈছে ৷

দিল্লীত বাস কৰা ৰিধিমাই এই শোকৰ সময়ছোৱাত বৰ্তমান নিজৰ পৰিয়ালৰ লগত মুম্বাইত আছে ৷ লক্ ডাউনৰ বাবে দিল্লীৰ পৰা মুম্বাইলৈ 1400 কি.মি পথ গাড়ীৰে যাত্ৰা কৰে ৰিধিমাই ৷ ৰিধিমাৰ লগত আহে স্বামী ভৰত চাহনী আৰু কন্যা সমাৰাও ৷

এই অনুষ্ঠানত আলিয়া ভাট্ট, ৰণধীৰ কাপুৰ,কৰিশ্মা কাপুৰ, অধাৰ জৈন, অৰমান জৈন, শ্বেতা কাপুৰ, নব্যা নন্দা সহিত বহুকেইজন আত্মীয় আৰু বন্ধু বান্ধৱ উপস্থিত থাকে ৷

লগতে পঢ়কঃলক্ ডাউনৰ শিক্ষাঃ ফুলকুমলীয়া বয়সতে কান্ধত পৰিছে পৰিয়ালৰ দায়িত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.