ETV Bharat / sitara

স্ব-গৃহত ঋষি কাপুৰৰ বাবে প্ৰাৰ্থনা সভা

author img

By

Published : May 3, 2020, 8:47 PM IST

Rishi Kapoor prayer meet held at his residence, Ranbir, Neet's pic surfaces online
স্ব-গৃহত ঋষি কাপুৰৰ বাবে প্ৰাৰ্থনা সভা

শনিবাৰে প্ৰসিদ্ধ অভিনেতা ঋষি কাপুৰৰ মুম্বাইস্থিত গৃহত তেওঁৰ আত্মাৰ শান্তিৰ বাবে আয়োজন কৰা হয় প্ৰাৰ্থনা সভা ৷ শেহতীয়াকৈ এই প্ৰাৰ্থনা সভাৰ পৰা পত্নী নীতু সিং আৰু পুত্ৰ ৰণবীৰ সিঙৰ এখন ফটো ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত ৷

চিটাৰা ডেস্ক,3 মে'ঃবলীউডৰ প্ৰসিদ্ধ অভিনেতা ঋষি কাপুৰে 30 এপ্ৰিলৰ দিনা বিদায় মাগিলে এই পৃথিৱীৰ পৰা ৷ তেওঁৰ অন্তিম সংস্কাৰৰ বাবে একত্ৰিত হ'ল পৰিয়ালৰ কিছু মানুহৰ লগতে কিছু সংখ্যক আত্মীয়-স্বজন ৷ তেওঁলোকৰ বাহিৰে অন্য চেলিব্ৰেটী অন্তিম সংস্কাৰত উপস্থিত থাকিবলৈ সম্ভৱ নহ'ল দেশত চলি থকা লক্ ডাউনৰ বাবে ৷ সকলোৱে ছ'চিয়েল মিডিয়া যোগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অভিনেতাগৰাকীক ৷

শেহতীয়াকৈ ঋষি কাপুৰৰ পৰিয়ালে তেওঁৰ আত্মাৰ শান্তিৰ বাবে আয়োজন কৰে এক প্ৰাৰ্থনা সভাৰ ৷ এই প্ৰাৰ্থনা সভাৰ পৰাই পত্নী নীতু সিং আৰু পুত্ৰ ৰণবীৰ সিঙৰ এখন ফটো ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত ৷

Rishi Kapoor prayer meet held at his residence, Ranbir, Neet's pic surfaces online
স্ব-গৃহত ঋষি কাপুৰৰ বাবে প্ৰাৰ্থনা সভা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.