ETV Bharat / sitara

প্ৰয়াত অভিনেতা ঋষি কাপুৰৰ 69 সংখ্যক জন্মদিনত শ্ৰদ্ধাৰে সোঁৱৰণ

author img

By

Published : Sep 4, 2021, 7:24 AM IST

rishi kapoor 69 th birthday: neetu kapoor shared heartwarming post
প্ৰয়াত অভিনেতা ঋষি কাপুৰৰ 69 সংখ্যক জন্মদিনত শ্ৰদ্ধাৰে সোঁৱৰণ

আজি প্ৰয়াত অভিনেতা ঋষি কাপুৰৰ 69 সংখ্যক জন্মদিন ৷ বলীউডৰ বিখ্যাত কাপুৰ পৰিয়ালত জন্মগ্ৰহণ কৰা ঋষি কাপুৰৰ ছবিৰ যাত্ৰা আছিল যথেষ্ট অনুপম ৷ পিতৃৰ ছবিত অভিষেক ঘটায়ে শ্ৰেষ্ঠ শিশু শিল্পীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা ঋষি কাপুৰে পিছলৈ বলীউডৰ ৰোমাণ্টিক হিৰ’ত পৰিণত হয় ৷ তেওঁৰ জন্মদিনৰ এই দিনটোত তেওঁলৈ ইটিভি ভাৰতৰ তৰফৰ অশেষ শ্ৰদ্ধাঞ্জলি...

চিটাৰা ডেস্ক, 4 ছেপ্তেম্বৰ : প্ৰয়াত অভিনেতা ঋষি কাপুৰৰ 69 সংখ্যক জন্মদিন উপলক্ষে ইনষ্টাগ্ৰামযোগে এটি আবেগিক পোষ্ট শ্বেয়াৰ কৰিলে অভিনেতাগৰাকীৰ পত্নী তথা জ্যেষ্ঠ অভিনেত্ৰী নীতু কাপুৰে ৷ নীতু কাপুৰে ঋষি কাপুৰৰ এখন ছবিৰ পৰা এখন ফটো শ্বেয়াৰ কৰে ৷ ফটোখনৰ তলত লিখা আছিল "A Strong gust ogf wind ruined everything" অৰ্থাৎ ‘এজাক প্ৰচণ্ড ধুমুহাই সকলো থানবান কৰি গ’ল ৷’

rishi kapoor 69 th birthday: neetu kapoor shared heartwarming post
সৌজন্য ইনষ্টাগ্ৰাম

অভিনেতাগৰাকীৰ জন্মদিনৰ এদিন পূৰ্বে নীতু কাপুৰে লিখিছিল "Just one of those days." ৷ নীতু কাপুৰে প্ৰায়েই সামাজিক মাধ্যমত প্ৰয়াত অভিনেতাগৰাকীৰ ফটো শ্বেয়াৰ কৰে ৷ ইয়াৰ পূৰ্বেও নীতু কাপুৰে ঋষি কাপুৰৰ এখন ঐতিহাসিক ফটো শ্বেয়াৰ কৰিছিল ৷ ছবিখনত অভিনেতাগৰাকীয়ে কোনোবাৰ সৈতে কথা পাতি আছিল আৰু নীতু কাপুৰ তেওঁৰ কাষত বহি আছিল ৷

rishi kapoor 69 th birthday: neetu kapoor shared heartwarming post
সৌজন্য Google

ছবিখনৰ বৰ্ণনাত নীতু কাপুৰে লিখিছিল "This was me having a birds-eye view on every time he spoke.. quite an ironical pic"

নীতু কাপুৰৰ উপৰিও অভিনেতাগৰাকীৰ কন্যা ৰিধিমা কাপুৰেও সামাজিক মাধ্যমযোগে পিতৃৰ ছবি শ্বেয়াৰ কৰি জন্মদিনত অভিনেতাগৰাকীৰ স্মৰণ কৰে ৷ ৰিধিমাই ইনষ্টাগ্ৰামযোগে নিজৰ কন্যাৰে পিতৃৰ এখন ফটো শ্বেয়াৰ কৰে ৷

rishi kapoor 69 th birthday: neetu kapoor shared heartwarming post
সৌজন্য Google

ঋষি কাপুৰৰ জন্ম হৈছিল 1952 চনৰ 2 ছেপ্তেম্বৰত ৷ বলীউডৰ বিখ্যাত কাপুৰ পৰিয়ালত জন্মলাভ কৰা ঋষি কাপুৰে পিতৃ ৰাজ কাপুৰৰ ‘Mera Naam Joker’ ছবিখনৰে বলীউডত অভিষেক ঘটাইছিল ৷ ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ শিশু শিল্পীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ বলীউডত lead actor হিচাপে তেওঁ অভিষেক ঘটাইছিল Bobby ছবিখনৰ জৰিয়তে ৷ ছবিখনত তেওঁৰ বিপৰীতে অভিনয় কৰিছিল অভিনেত্ৰী ডিম্পল কাপাডিয়াই ৷

rishi kapoor 69 th birthday: neetu kapoor shared heartwarming post
সৌজন্য Google

Bobby ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল ৷ 1973 পৰা 2000ৰ ভিতৰত তেওঁ প্ৰায় 92 খনকৈ ছবিত romantic lead হিচাপে অভিনয় কৰিছিল ৷ 2018 চনত ঋষি কাপুৰ লিউকেমিয়াত আক্ৰান্ত বুলি ধৰা পৰে ৷ ইয়াৰ পিছতে তেওঁ উন্নত চিকিৎসাৰ বাবে নিউয়ৰ্কলৈ যায় ৷ প্ৰায় এবছৰীয়া চিকিৎসাৰ অন্তত 2019 চনৰ 26 ছেপ্তেম্বৰত তেওঁলোক ভাৰতলৈ উভতে ৷

rishi kapoor 69 th birthday: neetu kapoor shared heartwarming post
সৌজন্য Google

2020 চনৰ 29 এপ্ৰিলত তেওঁ শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগা বাবে তেওঁক Sir H. N. Reliance Foundation Hospitalত ভৰ্তি কৰোৱা হয় ৷ কিন্তু 2020 চনৰ 30 ছেপ্তেম্বৰত তেওঁ লিউকেমিয়াত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ৷

rishi kapoor 69 th birthday: neetu kapoor shared heartwarming post
সৌজন্য Google

লগতে পঢ়ক : অসমীয়া বোলছবিৰ তাৰকা অভিনেতা নিপন গোস্বামীলৈ জন্মদিনৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.