ETV Bharat / sitara

দীপিকাৰ সৈতে ৰণবীৰৰ শেহতীয়া ফটো শ্বেয়াৰ

author img

By

Published : Mar 13, 2021, 2:52 PM IST

প্ৰায় দুমাহৰ পিছত দিপীকাৰ সৈতে ফটো শ্বেয়াৰ কৰিলে ৰণবীৰে
প্ৰায় দুমাহৰ পিছত দিপীকাৰ সৈতে ফটো শ্বেয়াৰ কৰিলে ৰণবীৰে

ছ'চিয়েল মিডিয়াযোগে পত্নী দীপিকা পাডুকনৰ সৈতে উঠা ফটো শ্বেয়াৰ কৰিলে ৰণবীৰ সিঙে । প্ৰায় দুমাহৰ অন্তত পত্নীৰ সৈতে একেলগে ফটো শ্বেয়াৰ কৰিলে ৰণবীৰে । মাৰ্শ্বিয়েল আৰ্টৰ দক্ষতা প্ৰদৰ্শন কৰি অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিলে অভিনেতা বিকী কৌশলেও ।

চিটাৰা ডেস্ক,১৩ মাৰ্চ: সপ্তাহৰ অন্তিম দিনটো উদযাপন কৰাৰ বাবে যেন উৎসাহিত হৈছে বলীউডৰ তাৰকাসকল । ছ'চিয়েল মিডিয়াত দেখা পোৱা গৈছে ইজনৰ পিছত সিজন বলীউড তাৰকাৰ নতুন নতুন ফটো, ভিডিঅ' । ৰান্থামভ'ৰ ভ্ৰমণৰ স্মৃতি ৰোমন্থন কৰি শনিবাৰে ইনষ্টাগ্ৰাম পোষ্টযোগে দীপিকা পাডুকনৰ সৈতে উঠা ফটো শ্বেয়াৰ কৰিলে ৰণবীৰ সিঙে । ফটোখনত দুয়োকে গৰম কাপোৰ পৰিধান কৰা দেখা গৈছে ।

আলিয়া ভাট, ৰণবীৰ কাপুৰ আৰু নীতু কাপুৰৰ সৈতে নতুন বছৰৰ আৰম্ভণিতে দীপিকা আৰু ৰণবীৰে ৰাজস্থানৰ ৰান্থামভ'ৰ ৰাষ্ট্ৰীয় উদ্যানলৈ যাওঁতে এই ফটোখন তোলা হৈছিল । ফটোখন শ্বেয়াৰ কৰি ৰণবীৰে লিখিছে যে, এই ফটোখনত এঘণ্টাতকৈও কম সময়ৰ ভিতৰত ৪ লাখতকৈ অধিক অনুৰাগীয়ে 'লাইক' কৰিছিল । ৰণবীৰে দীপিকাৰ সৈতে অতিবাহিত কৰা ভাল লগা মুহুৰ্তবোৰ মনত পেলাই আনন্দিত হোৱা দেখা যায় ।

আনহাতে, বিকী কৌশলে আগন্তুক ছবি 'দ্য ইমম’ৰ্টেল অশ্বত্থামা'ৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে । ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰাম পোষ্টযোগে এটা ভিডিঅ' শ্বেয়াৰ কৰিছে, য'ত মাৰ্শ্বিয়েল আৰ্টৰ দক্ষতা প্ৰদৰ্শন কৰা দেখা গৈছে । ভিডিঅ' শ্বেয়াৰ কৰি বিকীয়ে লিখিছে যে, "পৰ্বতৰ দৰে হওঁক আৰু এখন ডাঙৰ নদীৰ দৰে প্ৰবাহিত হওঁক" । উল্লেখ্য যে, ৰণবীৰ বৰ্তমান '৮৩' আৰু 'জয়েশভাই জোৰদাৰ'ৰ মুক্তিৰ অপেক্ষাত আছে ।

লগতে পঢ়ক: এতিয়াৰে পৰা Spotifyত ১২ টা ভাৰতীয় ভাষাত উপলব্ধ হ'ব সংগীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.