ETV Bharat / sitara

কেঞ্চাৰৰ সৈতে যুঁজি যুঁজি শৰ্মাজী নমকিনৰ শ্বুটিং কৰিছিল ঋষি কাপুৰে

author img

By

Published : Mar 17, 2022, 1:20 PM IST

neetu kapoor
বলীউডৰ জনপ্ৰিয় অভিনেতা ঋষি কাপুৰ পত্নী নীতু কাপুৰৰ সৈতে

17 মাৰ্চত মুক্তি পালে বলীউডৰ জনপ্ৰিয় অভিনেতা ঋষি কাপুৰৰ অন্তিমখন চিনেমা শৰ্মাজী নমকিনৰ ট্ৰেইলাৰ ৷ ছবিখনৰ শ্বুটিং সম্পূৰ্ণ হোৱাৰ আগতেই কেঞ্চাৰৰ ওচৰত হাৰ মানি আমাৰ মাজৰ পৰা বিদায় লয় ঋষি কাপুৰে ৷ শৰ্মাজী নমকিন ছবিখনত কিমান হেঁপাহেৰে অভিনয় কৰিছিল ঋষি কাপুৰে সেই বিষয়ে ছবিখনৰ মুক্তিৰ পূৰ্বে প্ৰকাশ কৰিলে পত্নী নীতু কাপুৰে (Neetu Kapoor on Rishi Kapoor last film) ৷

চিটাৰা ডেস্ক, 17 মাৰ্চ : প্ৰায় 50 বছৰ ধৰি বলীউডত দপদপাই থকা অভিনেতা ঋষি কাপুৰে অভিনয়ৰ সমান্তৰালকৈ ছবি নিৰ্মাণ আৰু প্ৰযোজনাৰ কামো কৰিছিল ৷ নিজৰ নিৰ্ভেজাল অভিনয়েৰে দৰ্শকৰ অন্তৰত এক সুকীয়া স্থান দখল কৰা অভিনেতাজনে লাভ কৰিছিল চাৰিটাকৈ ফিল্মফেয়াৰ এৱাৰ্ড আৰু এটা নেশ্যনেল ফিল্ম এৱাৰ্ড ৷

neetu kapoor
শৰ্মাজী নামকিন সম্পৰ্কত নীতু কাপুৰৰ মন্তব্য

জনপ্ৰিয় অভিনেতা ঋষি কাপুৰে 2020 চনৰ 30 এপ্ৰিলত কেঞ্চাৰৰ সৈতে যুঁজি শেষ নিশ্বাস ত্যাগ কৰে (Rishi Kapoor death reason) ৷ হিন্দী ছবিজগতৰ প্ৰতিজন দৰ্শকে সদায় মনত ৰাখিব এইজন মহান অভিনেতাক ৷ 17 মাৰ্চত তেওঁৰ শেষৰখন ছবি ‘শৰ্মাজী নমকিন’ৰ ট্ৰেইলাৰ মুকলি হয় (sarmaji namkeen trailer) ৷

পত্নী নীতু কাপুৰে নিজৰ ইন্ষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে প্ৰয়াত স্বামীৰ এই ছবিখনৰ প্ৰতি থকা অধীৰ আগ্ৰহৰ কথা প্ৰকাশ কৰে ৷ তেওঁ লিখে যে এই ছবিখন তেওঁৰ অতি আদৰৰ ৷ বেমাৰৰ সৈতে যুঁজিও ছবিখনৰ শ্বুটিং শেষ কৰিবলৈ ঋষি কাপুৰ কিদৰে চেষ্টা কৰিছিলে সেইয়া সুৱঁৰি উচুপি উঠে নীতু কাপুৰ (Rishi Kapoor last film) ৷

হিতেশ ভাইটিয়াই নিৰ্মাণ কৰা এই ছবিখনত মুখ্যতঃ দেখুওৱা হৈছে অৱসৰৰ পিছত এজন মানুহে ৰন্ধন-প্ৰকৰণক লৈ তেওঁৰ নিচাক কিদৰে উদ্ভাৱন কৰে ৷ ছবিখনৰ শ্বুটিং চলি থকাৰ মাজতে ঋষি কাপুৰৰ মৃত্যু ঘটাত ছবিখনৰ শ্বুটিং আধৰুৱা হৈ ৰয় ৷

তাৰ পিছত ঋষি কাপুৰৰ চৰিত্ৰটো পৰেশ ৰাৱলে ৰূপায়ন কৰে ৷ ভাৰতীয় ছবিজগতৰ প্ৰথমখন ছবি য’ত এটা চৰিত্ৰত দৰ্শকে দুজনকৈ বিশিষ্ট অভিনেতাক দেখিবলৈ পাব ৷

ছবিখনত জুহি চাওলাক মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব ৷ 31 মাৰ্চত আমাজন প্ৰাইমত মুক্তি লাভ কৰিব ছবিখনে (Rishi Kapoor last film release date) ৷

লগতে পঢ়ক: Rishi Kapoor last film: শীঘ্ৰেই মুক্তি পাব ঋষি কাপুৰৰ অন্তিম খন ছবি 'শৰ্মাজী নামকিন'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.