ETV Bharat / sitara

Vicky-Katrina wedding : বিকী-কেটৰিনাৰ বিবাহৰ এমাহ সম্পূৰ্ণ

author img

By

Published : Jan 9, 2022, 9:42 PM IST

Vicky Katrina wedding
বিকী কেটৰিনাৰ বিবাহৰ এমাহ সম্পূৰ্ণ

বলীউডৰ অভিনেতা বিকী কৌশল আৰু কেটৰিনা কাঈফৰ বিবাহৰ এমাহ সম্পূৰ্ণ (Vicky Katrina marriage one month complete)। বিশেষ মূহুৰ্তত সামাজিক মাধ্যমত কেটৰিনা কাঈফে শ্বেয়াৰ কৰিলে বিশেষ ফটো । সকলোৱে শুভেচ্ছা জনালে বলীউডৰ দম্পতীটোক ।

চিটাৰা ডেস্ক, ৯ জানুৱাৰী : যোৱা ৯ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল বলীউডৰ অভিনেতা বিকী কৌশল আৰু অভিনেত্ৰী কেটৰিনা কাঈফ । এমাহ পূৰ্বে বিকী-কেটৰিনাৰ বিয়াই সমগ্ৰ বলীউড প্ৰেমীৰ মাজত উন্মাদনাৰ সৃষ্টি কৰিছিল । তেওঁলোকৰ বিয়াৰ এমাহ সম্পূৰ্ণ হোৱাৰ লগে লগে দুয়োগৰাকীয়ে উদযাপন কৰিছে বিশেষ দিনটো (Vicky Katrina marriage one month complete)।

দুয়োগৰাকীয়ে সামাজিক মাধ্যমত এই বিশেষ দিনটো উদযাপন কৰাৰ মূহুৰ্ত শ্বেয়াৰ কৰিছে । দুয়োগৰাকীয়ে আলিংগন কৰি থকা এখন বিশেষ ফটো কেটৰিনাই শ্বেয়াৰ কৰিছে । ইনষ্টাগ্ৰামত অভিনেত্ৰীগৰাকীয়ে ফটোখন শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীসকলেও বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

কেটৰিনা কাঈফৰ পোষ্টটোত বলীউডৰ বহু তাৰকাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । অভিনেত্ৰী দীয়া মিৰ্জা, নেহা ধুপিয়া, বাণী কাপুৰকে ধৰি বহু তাৰকাই হাৰ্ট ইমোজিৰে কমেন্ট দিয়া দেখা গৈছে । অনুৰাগীসকলেও দুয়োগৰাকীকে অসংখ্য শুভেচ্ছাবাণী প্ৰেৰণ কৰিছে ।

উল্লেখ্য যে, ৯ ডিচেম্বৰত ৰাজস্থানৰ চৱাই মাধোপুৰৰ Six Senses Fortত বিবাহপাশত আৱদ্ধ হৈছিল বিকী আৰু কেটৰিনা(Vicky-Katrina wedding) ৷ বিয়াৰ পাছতে মালদ্বীপলৈও গৈছিল নৱবিবাহিত দম্পতী । শেহতীয়াকৈ পৰিয়ালৰ উপস্থিতিত ধৰ্মীয় ৰীতি নীতিৰে তেওঁলোকে নতুন ঘৰত প্ৰৱেশ কৰিছিল ।

লগতে পঢ়ক :Aamir Ali-Sanjeeda Shaikh's fairy tale love story ends : আমীৰ-সঞ্জিদাৰ যুগ্মজীৱনৰ সামৰণি

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.