ETV Bharat / sitara

ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব বিকী-কেটৰিণা !

author img

By

Published : Oct 27, 2021, 2:28 PM IST

Katrina Kaif and Vicky Kaushal to get married
বিকী কৌশল-কেটৰিণা কাইফৰ বিয়া

চলিত বৰ্ষৰে ডিচেম্বৰ মাহত বিবাহপাশত আৱদ্ধ হ’ব বলীউডৰ চৰ্চিত যুটি বিকী কৌশল(Vicky Kaushal) আৰু কেটৰিণা কাইফ(Katrina Kaif)য়ে ৷ ইতিমধ্যে কেটৰিণাই বিবাহৰ প্ৰস্তুতি আৰম্ভ কৰা বুলি সংবাদ মাধ্যমযোগে চৰ্চা লাভ কৰিছে ৷

চিটাৰা ডেস্ক, 27 অক্টোবৰ : বিকী কৌশল(Vicky Kaushal) আৰু কেটৰিণা কাইফ(Katrina Kaif)ৰ অনুৰাগীসকলৰ বাবে এক সুখবৰ ৷ চলিত বৰ্ষৰে ডিচেম্বৰ মাহত বিবাহপাশত আৱদ্ধ হ’ব বলীউডৰ চৰ্চিত যুটি বিকী-কেটৰিণাই ৷ বিগত কেইদিনমানৰ পৰা চৰ্চাত থকা বিকী-কেটৰিণাই গোপনে Engagement কৰাৰ বাতৰিও ইতিমধ্যে প্ৰকাশ পাই আহিছে ৷

জানিব পৰা মতে, বিকী-কেটৰিণাই তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কক বিবাহৰ নাম দিবলৈ সাজু হৈছে ৷ ইতিমধ্যে বিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিছে অভিনেত্ৰী কেটৰিণাই ৷ সংবাদ মাধ্যমৰ সূত্ৰই জনোৱা মতে, দুয়ো আগন্তুক ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

Katrina Kaif and Vicky Kaushal to get married
বিকী কৌশল-কেটৰিণা কাইফৰ বিয়া

বিবাহৰ বাবে কেটৰিণাই প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সব্যসাচীৰ লেহেংগা পৰিধান কৰিব বুলিও চৰ্চিত হৈছে ৷ কেটৰিণাই চিল্ক ফেব্ৰিকৰ লেহেংগা বাচনি কৰিছে ৷ অৱশ্যে এতিয়ালৈকে বিকী আৰু কেটৰিণাৰ সম্পৰ্কৰ কথা দুয়োৱে ৰাজহুৱা কৰা নাই ৷ দুয়োকে বহুবাৰ একেলগে দেখা পোৱা গৈছে যদিও ছ’চিয়েল মিডিয়াত বিকী-কেটৰিণাই বৰ্তমানেও একেলগে তোলা ফটো শ্বেয়াৰ কৰা নাই ৷

আনকি দুয়ো কেইবাবাৰো অৱসৰ-বিনোদনৰ বাবে বিদেশলৈ যোৱা দৃশ্য আৰু ফটো সাংবাদিকৰ কেমেৰাত বন্দী হৈছে ৷ শেহতীয়াকৈ বিকী কৌশলৰ ছবি ‘চৰদাৰ উধম’ৰ স্ক্ৰীণিঙৰ সময়ত দুয়োকে একেলগে প্ৰত্যক্ষ কৰা হৈছিল ৷ দুয়োৰে মাজত থকা এনেধৰণৰ বহুকেইটা অন্তৰংগ মূহুৰ্তই তেওঁলোকৰ সম্পৰ্কটো সঁচাৰ দিশে প্ৰতিফলিত কৰে ৷

লগতে পঢ়ক : 'চৰ্দাৰ উধম'ত বিকি কৌশলৰ অভিনয়ক প্ৰশংসা কেটৰীণাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.