ETV Bharat / sitara

বাফ্টা এৱাৰ্ডছত ইৰফান খান আৰু ঋষি কাপুৰলৈ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Apr 12, 2021, 2:20 PM IST

Irrfan Khan, Rishi Kapoor
ইৰফান খান আৰু ঋষি কাপুৰ

দেওবাৰে নিশা লণ্ডনৰ ৰয়েল এলবাৰ্ট হলত অনুষ্ঠিত 74 সংখ্যক ব্ৰিটিছ একাডেমী ফৰ ফিল্ম এণ্ড টেলিভিশ্বন আৰ্টছ (BAFTA) এৱাৰ্ডছত বলিউডৰ প্ৰয়াত অভিনেতা ঋষি কাপুৰ আৰু ইৰফান খানক আইকনৰ ভিতৰত স্মৰণ কৰি শ্বীন ক’নৰী, কিৰ্ক ড’গলাছ আৰু চাদউইক বোছমেনৰ সৈতে শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ উক্ত অনুষ্ঠানত ‘ইন মেমৰিয়াম’ খণ্ডত বিগত বছৰত ইহলীলা সম্বৰণ কৰা তাৰকাসকলক সন্মানিত কৰা হয় ৷

চিটাৰা ডেস্ক,12 এপ্ৰিল : বিগত বৰ্ষত ইহলীলা সম্বৰণ কৰা ভাৰতীয় তাৰকা ইৰফান খান আৰু ঋষি কাপুৰৰ নাম অন্তৰ্ভুক্ত হয় বাফ্টাৰ ‘ইন মেমৰিয়াম’ খণ্ডত সন্মানিত হোৱা ব্যক্তিসকলৰ তালিকাত ৷ উক্ত বঁটা প্ৰদান অনুষ্ঠানত প্ৰিন্স ফিলিপ, চাদউইক বোছমেন আৰু ক্ৰিষ্টোফাৰ প্লামাৰৰ লগতে ভাৰতীয় অভিনেতাদ্বয়ক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷

উল্লেখ্য যে, 2020 বৰ্ষৰ 29 এপ্ৰিলত ভাৰতৰ লগতে সমগ্ৰ বিশ্বত খ্যাতি লাভ কৰা অভিনেতা ইৰফান খানে কৰ্কটৰোগত আক্ৰান্ত হৈ দুবছৰীয়া যুঁজত পৰাজিত হৈ 54 বছৰ বয়সতে অকাল মৃত্যুক সাৱটিবলগীয়া হয় ৷ আনহাতে, বলিউডৰ ৰোমাণ্টিক নায়ক ঋষি কাপুৰেও বিগত বৰ্ষৰ 30 এপ্ৰিলত কৰ্কট ৰোগত আক্ৰান্ত হৈ 67 বছৰ বয়সত ইহলীলা সম্বৰণ কৰে ৷

চলিত বৰ্ষৰ 9 এপ্ৰিলত উইণ্ডছৰ কেচেলত মৃত্যু হোৱা ডিউক অৱ এডিনবাৰ্গৰ প্ৰিন্স ফিলিপ, সুৰকাৰ এননিঅ মৰিকন, চেন ক’নৰী, জৰ্জ চেগাল, পৰিচালক বাৰ্ট্ৰেণ্ড টাভাৰনিয়াৰ, বাৰবাৰা জেফৰ্ড, বেন ক্ৰছ, ইয়ান হল্ম, বাৰবাৰা উইণ্ডছৰ আৰু কিৰ্ক ড’গলাছকো ‘ইন মেমৰিয়াম’ খণ্ডত স্মৰণ কৰা হয় ৷

লগতে পঢ়ক : বাফটা এৱাৰ্ড 2021: বঁটা বিজয়ীসকলৰ সম্পূৰ্ণ তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.