ETV Bharat / sitara

ঋষি কাপুৰক স্মৰণ: নীতু কাপুৰৰ চকুত চকুপানী

author img

By

Published : Mar 27, 2021, 6:21 PM IST

স্বামীক ঋষি কাপুৰক সুঁৱৰি আবেগিক হৈ পৰিল নীতু কাপুৰ
স্বামীক ঋষি কাপুৰক সুঁৱৰি আবেগিক হৈ পৰিল নীতু কাপুৰ

ইণ্ডিয়ান আইডল-১২ ৰ মঞ্চত উপস্থিত থকাৰ সময়তে চকুপানীৰে উপচি পৰিল নীতু কাপুৰৰ দুচকু । ৰিয়েলিটি শ্ব'ত নীতুৰ স্বামী তথা প্ৰয়াত অভিনেতা ঋষি কাপুৰক স্মৰণ কৰিছিল কন্যা ৰিদ্ধিমা কাপুৰ ছাহানী আৰু অভিনেতাগৰাকীৰ পুৰণি বন্ধুৱে । সেই সময়তে আবেগিক হৈ পৰে নীতু কাপুৰ ।

চিটাৰা ডেস্ক, ২৭ মাৰ্চ: জনপ্ৰিয় ৰিয়েলিটি শ্ব' ইণ্ডিয়ান আইডল-১২ৰ মঞ্চত হঠাতে আবেগিক হৈ পৰিল প্ৰবীণ বলীউড অভিনেত্ৰী নীতু কাপুৰ । অনুষ্ঠানটোত নীতু কাপুৰ অতিথি বিচাৰক হিচাপে উপস্থিত আছিল । স্বামী তথা অভিনেতা ঋষি কাপুৰৰ বিয়োগৰ পিছত প্ৰথমবাৰৰ বাবে ৰিয়েলিটি শ্ব'লৈ আহিছে নীতু কাপুৰ । সকলো দুখ একাষৰীয়া কৰি মুখত এটি হাঁহি লৈ তেওঁ অনুষ্ঠানত উপস্থিত হৈছিলহি ।

  • " class="align-text-top noRightClick twitterSection" data="">

কিন্তু জিতেন্দ্ৰ, ৰাকেশ ৰোছনৰ দৰে লোকসকলে অনুষ্ঠানত ঋষি কাপুৰক স্মৰণ কৰাত হঠাতে আবেগিক হৈ পৰে অভিনেত্ৰীগৰাকী । ঋষি কাপুৰ আৰু নীতু কাপুৰৰ কন্যা ৰিদ্ধিমা কাপুৰ ছাহানীয়েও পিতৃক স্মৰণ কৰে । ইণ্ডিয়ান আইডল-১২ৰ এই খণ্ডৰ দৃশ্যগ্ৰহণ শেহতীয়াকৈ সম্পন্ন হৈছে আৰু ইয়াৰ প্ৰম'ছ'নেল ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে । ভিডিঅ'টো দেখা গৈছে যে, কঠিন সময়তো নীতু কাপুৰে স্বামীৰ যত্ন লোৱাৰ বাবে জিতেন্দ্ৰই প্ৰশংসা কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, ১৯৮০ চনত নীতু আৰু ঋষি কাপুৰৰ বিবাহ সম্পন্ন হৈছিল । 'খেল খেল মে', 'ৰাফু চক্কৰ', 'কভি কভি', 'অমৰ আকবৰ এন্থনি', 'দুনিয়া মেৰি জেব মে', 'জেহৰিলা ইনছান', 'জিন্দা দিল', 'দুচৰা আদমি', 'আনজানে মে' আৰু 'জুথা কহি কা' আদি ছবিত দুয়োগৰাকীয়ে একেলগে কাম কৰিছিল । কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পিছতে ঋষি কাপুৰে চিকিৎসাৰ বাবে প্ৰায় এবছৰ আমেৰিকাত আছিল । অৱশেষত ২০২০ চনৰ ৩০ এপ্ৰিলত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

লগতে পঢ়ক: গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনালে নীল আকাশ দাসে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.