ETV Bharat / sitara

লক্ ডাউনৰ সময়ত চুটি ছবিৰ কামত ব্যস্ত অভিনেত্ৰী চিত্ৰাংগদা সিং

author img

By

Published : May 4, 2020, 8:22 PM IST

লক্ ডাউনৰ সময়খিনি সদ ব্যৱহাৰ কৰিছে অভিনেত্ৰী চিত্ৰাংগদা সিঙে ৷ লক্ ডাউনৰ সময়খিনিত চুটি ছবি লিখাৰ কামত ব্যস্ত হৈ আছে অভিনেত্ৰী গৰাকী ৷

Chitrangda Singh working on short film amid lockdown
ক্ ডাউনৰ সময়ত চুটি ছবিৰ কামত ব্যস্ত অভিনেত্ৰী চিত্ৰাংগদা সিং

চিটাৰা ডেস্ক,4 মে'ঃ লক্ ডাউনৰ মাজতে এখন চুটি ছবিৰ চিত্ৰনাট্যৰ কামত ব্যস্ত হৈ আছে অভিনেত্ৰী চিত্ৰাংগদা সিং ৷ লক্ ডাউনৰ সময়খিনি সদ ব্যৱহাৰ কৰাৰ প্ৰচেষ্টা কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷

"মই বৰ্তমান এখন চুটি ছবিৰ বাবে চিত্ৰনাট্য লিখি আছোঁ ৷ এতিয়া মোৰ ওচৰত যথেষ্ট খালী সময় আছে ৷ আৰু মই অতি সোনকালেই এই কাম সম্পূৰ্ণ কৰিম ৷ মই এই কামটোৰ প্ৰতিটো অংশক যথেষ্ট ভাল পাইছো ৷ " শেহতীয়াকৈ ছ'চিয়েল মিডিয়াযোগে এনেদৰে জনালে অভিনেত্ৰী চিত্ৰাংগদা সিঙে ৷

Chitrangda Singh working on short film amid lockdown
লক্ ডাউনৰ সময়ত চুটি ছবিৰ কামত ব্যস্ত অভিনেত্ৰী চিত্ৰাংগদা সিং

অভিনেত্ৰী গৰাকীক আগন্তুক ছবি "ব'ব বিশ্বাস"ত দেখিবলৈ পোৱা যাব অভিনেতা অভিষেক বচ্চনৰ সৈতে ৷ অভিনেত্ৰী গৰাকীয়ে কেৱল কাহিনী লিখাই নহয় তেওঁ 2018 চনত এখন ছবিও পৰিচালনা কৰিছিল ৷ চুৰমা নামেৰে এখন খেলৰ বায়পিক নিৰ্মাণ কৰিছিল চিত্ৰাংগদা সিঙে ৷ য'ত দিলজিৎ দৌচাঞ্জে ভাৰতৰ হকী খেলুৱৈ চনদীপ সিঙৰ চৰিত্ৰত অভিনয় কৰিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.