ETV Bharat / sitara

সুনীল ছেট্টীৰ এপাৰ্টমেন্টক মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন ঘোষণা

author img

By

Published : Jul 12, 2021, 7:13 PM IST

Updated : Jul 12, 2021, 7:46 PM IST

Brihanmumbai Municipal Corporation has sealed actor Suniel Shetty's building
ক'ভিডৰ সংক্ৰমণ বৃদ্ধিৰ বাবে বি এম চিয়ে ছীল কৰিলে সুনীল ছেট্টীৰ এপাৰ্টমেণ্ট

বলিউদৰ অভিনেতা সুনীল ছেট্টী(Suniel Shetty) বাস কৰা 'পৃথ্বী এপাৰ্টমেণ্টক মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা ৷ শনিবাৰে বৃহানমুম্বাই পৌৰ নিগম(Brihanmumbai Municipal Corporation)এ অভিনেতাiৰাকীয়ে বাস কৰা এপাৰ্টমেণ্টটোক মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে ৷

চিটাৰা ডেস্ক, ১২ জুলাই: মুম্বাইত ক'ভিড-১৯(COVID-19)ৰ সংক্ৰমণ ৰোধৰ বাবে তৎপৰতাৰে কাম কৰি আছে বৃহানমুম্বাই পৌৰ নিগম(Brihanmumbai Municipal Corporation)এ । ক'ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ইতিমধ্যে ক'ভিড আক্ৰান্তৰ সংখ্যা অধিক হোৱা স্থানসমূহলৈ অহা-যোৱা কৰাত বাধা আৰোপ কৰা হৈছে । শনিবাৰে বলিউডৰ অভিনেতা সুনীল ছেট্টী(Suniel Shetty) বাস কৰা দক্ষিণ মুম্বাইৰ অল্টামাউণ্ট ৰোডস্থিত 'পৃথ্বী এপাৰ্টমেণ্ট' লৈ প্ৰৱেশ নিষিদ্ধ কৰে পৌৰ নিগমে ৷

অট্টালিকাটোত ক'ভিড-১৯(COVID-19)ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে পৌৰ নিগমে এপাৰ্টমেণ্টটো মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷ এতিয়ালৈকে উক্ত এপাৰ্টমেণ্টত মুঠ ৫ জন লোক মহামাৰীৰ কবলত পৰিছে । সোমবাৰে বিএমচিৰ (ডি ৱাৰ্ড)ৰ সহকাৰী আয়ুক্ত প্ৰশান্ত গায়কৱাড়ে কয় যে, পৃথ্বী এপাৰ্টমেণ্টলৈ মানুহৰ প্ৰৱেশ আৰু প্ৰস্থান নিষিদ্ধ কৰা বুলি জানিবলৈ দিয়ে ৷

অৱশ্যে, ইয়াৰ পাচতো এপাৰ্টমেণ্টটোলৈ অহা-যোৱা অব্যাহত আছে বুলি অভিযোগ উত্থাপন হৈছে ৷ এই সন্দৰ্ভত সাংবাদিকে প্ৰশান্ত গায়কৱাড়ক প্ৰশ্ন কৰাত তেওঁ উক্ত লোকসকলে ক'ভিড-১৯ প্ৰট'কল উলংঘন কৰিছে বুলি মন্তব্য কৰে ৷ তেওঁ লগতে কয় যে, এপাৰ্টমেণ্ট চৌহদৰ বাহিৰলৈ কোনো লোক যাতে ওলাব নোৱাৰে তাৰ বাবে এতিয়াৰ পৰা এপাৰ্টমেণ্টৰ বাহিৰত আৰক্ষী মোতায়েন কৰা হ'ব, ।

উল্লেখ্য যে, অভিনেতা সুনীল চেট্টীৰ পৰিয়ালে এই এপাৰ্টমেণ্টটোৰ ১৮ মহলাত বাস কৰে । বিএমচিৰ বিষয়াগৰাকীয়ে জনোৱা মতে, সুনীল ছেট্টী আৰু তেওঁৰ পৰিয়াল সুস্থ হৈ আছে । বিএমচিৰ নিৰ্দেশনা অনুসৰি, যদি কোনো অট্টালিকাত ৫ জন বা তাতকৈ অধিক লোক ক'ভিড-১৯ত আক্ৰান্ত হয়, তেন্তে সেই অট্টালিকাটো মাইক্ৰ'-কণ্টেনমেণ্ট জ'ন হিচাপে ঘোষণা হ'ব । সেয়ে, নিয়ম অনুসৰি সুনীল ছেট্টীয়ে বাস কৰা অট্টালিকাটোও মাইক্ৰ'-কণ্টেনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ।

লগতে পঢ়ক:Vamika ৰ ছমহীয়া জন্মদিন উদযাপন অনুষ্কা-বিৰাটৰ

Last Updated :Jul 12, 2021, 7:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.