ETV Bharat / sitara

'IN TO THE WILD'ত পুত্ৰৰ মনৰ ইচ্ছাৰ কথা ক'লে অক্ষয় কুমাৰে

author img

By

Published : Sep 8, 2020, 4:27 PM IST

ডিস্ক'ভাৰী চেনেলত সম্প্ৰচাৰ হ'বলগীয়া 'IN TO THE WILD'ত ব্যক্তিগত জীৱনৰ কথা উনুকিয়ালে ছুপাৰষ্টাৰ অক্ষয় কুমাৰে । নিজৰ পুত্ৰৰ প্ৰসংগ উত্থাপন কৰি অক্ষয়ে কয় যে, 'আৰৱে নিজৰ পৰিচয় নিজে গঢ়িব বিচাৰে আৰু এতিয়ালৈকে আৰৱৰ ছবিজগতত ভুমুকি মৰাৰ সপোন নাই ।'

'IN TO THE WILD'ত পুত্ৰৰ মনৰ ইচ্ছাৰ কথা ক'লে অক্ষয় কুমাৰে
'IN TO THE WILD'ত পুত্ৰৰ মনৰ ইচ্ছাৰ কথা ক'লে অক্ষয় কুমাৰে

চিটাৰা ডেস্ক,৮ছেপ্টেম্বৰ : সংবাদ মাধ্যমৰ পৰা বহু দূৰত থাকি নিজৰ সুকীয়া পৰিচয় গঢ়ি তুলিব বিচাৰে ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ পুত্ৰ আৰৱে । ডিস্ক'ভাৰী প্লাছ এপত সম্প্ৰচাৰ হ'বলগীয়া বিয়েৰ গ্ৰীলছৰ 'IN TO THE WILD'ত পুত্ৰৰ মনৰ ইচ্ছাৰ বিৱৰণ দিলে অক্ষয় কুমাৰে । নিজৰ পুত্ৰৰ প্ৰসংগ উত্থাপন কৰি অক্ষয়ে কয় যে, 'আৰৱে নিজৰ পৰিচয় নিজে গঢ়িব বিচাৰে আৰু এতিয়ালৈকে আৰৱৰ ছবিজগতত ভুমুকি মৰাৰ সপোন নাই ।' লগতে তেওঁ কয় যে, 'মোৰ পুত্ৰ আনতকৈ পৃথক । আৰৱে নিজকে মোৰ পুত্ৰ বুলি চিনাকী দি গ্লেমাৰ নিবিচাৰে । সংবাদ শিৰোনাম দখলৰ পৰা আৰৱ দূৰত থাকিব বিচাৰে ।'

নিজৰ পুত্ৰৰ মাজত তেওঁ পিতৃৰ অস্তিত্ব বিচাৰিবলৈ চেষ্টা কৰে অভিনেতাগৰাকীয়ে । পিতৃৰ সকলো উপদেশ তথা নীতি-নিয়ম মানি চলি আহিছে বুলি কৈ নিজৰ পুত্ৰকো একে শিক্ষাই দিছে বুলি মন্তব্য কৰে অক্ষয় কুমাৰে । অহা ১১ ছেপ্টেম্বৰত নিশা ৮বজাত ডিস্ক'ভাৰী প্লাছ এপত ১২টা ডিস্ক'ভাৰী চেনেলত সম্প্ৰচাৰ হ'ব ইন টু দ্য ৱাইল্ড । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছুপাৰষ্টাৰ ৰজনীকান্তেও এই অনুষ্ঠানত অংশ লৈছিল ।

লগতে পঢ়ক : ৰজনীকান্তৰ পিছত মেন ভাৰ্চেজ ৱাইল্ডত অক্ষয় কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.