ETV Bharat / sitara

চনু নিগমক সমৰ্থন আদনান চামিৰ

author img

By

Published : Jun 23, 2020, 7:11 PM IST

adnan sami came in support of sonu nigam
চনু নিগমক সমৰ্থন আদনান চামিৰ

"যি সকল সঁচাকৈ প্ৰতিভাশালী,তেওঁলোকে উশাহ লোৱাৰ সুবিধা পাওক" বুলি মন্তব্য কৰে জনপ্ৰিয় কন্ঠশিল্পী আদনান চামিয়ে ৷

চিটাৰা ডেস্ক,23জুনঃ জনপ্ৰিয় অভিনেতা সুশান্ত সিঙৰ মৃত্যুৰ পিছতে নেপ'টিজমৰ বিৰুদ্ধে তোলপাৰ লাগিছে সমগ্ৰ বলীউড জগতখনত ৷ শেহতীয়াকৈ জনপ্ৰিয় কন্ঠশিল্পী চনু নিগম সৰৱ হৈ উঠে নেপ'টিজমৰ বিৰুদ্ধে আৰু তাৰ পিছতেই এই সংক্ৰান্তত মতানৈক্য ঘটে টি চিৰিজৰ স্বত্ত্বাধিকাৰী ভূষণ কুমাৰৰ সৈতে ৷

জনপ্ৰিয় কন্ঠশিল্পী চনু নিগমক সম্প্ৰতি সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছে বহু তাৰকা ৷ শেহতীয়াকৈ চনু নিগমক সমৰ্থন কৰিছে , জনপ্ৰিয় কন্ঠশিল্পী আদনান চামিয়ে ৷

আদনান চামিয়ে নিজৰ ছ'চিয়েল মিডিয়া একাউন্ট যোগে ভাৰতৰ ছবি আৰু সংগীত জগতত বহু নতুন শিল্পী, প্ৰবীন শিল্পী আৰু গীতিকাৰ সকলক শোষণ কৰা হৈছে বুলি ব্যক্ত কৰে ৷

শেহতীয়াকৈ বিগত দিনকেইটাত কেৱল চনু নিগমেই নহয়,কংগনা ৰাণাৱত ,অভিনৱ কাশ্যপ,ৰবীনা টেণ্ডনেও বলীউড ক্ষেত্ৰখনত চলি থকা দুৰ্ব্যৱহাৰৰ বিষয়ে মুখ খুলি জনসাধাৰণৰ ওচৰত নিজৰ মন্তব্য প্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃ"শিশু হৈ আছা শিশুৰ দৰে থাকা"- ভূষণ কুমাৰক কটাক্ষ কমেডিয়ান সুনীল পালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.