ETV Bharat / science-and-technology

6 জানুৱাৰীৰ পৰা সূৰ্যক চাবলৈ আৰম্ভ কৰিব ভাৰতৰ আদিত্য এল-1 এ

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 7:29 PM IST

Indias Aditya L1 : ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰথম সৌৰ অভিযান আদিত্য এল-১ ৬ জানুৱাৰীত বিয়লি ৪ বজাৰ ওচৰত লেগ্ৰেঞ্জ পইণ্ট ১ (এল১)ত উপস্থিত হ’বলৈ সাজু হৈছে। ইছৰোৰ অধ্যক্ষ এছ সোমনাথে জনায় যে আদিত্য এল ১ গন্তব্যস্থানৰ বহু ওচৰত আৰু ছটা পেলোডৰ সকলোবোৰ পৰীক্ষা কৰা হৈছে আৰু ই সুন্দৰভাৱে কাম কৰি আছে ৷ ​

Indias Aditya L1
৬ জানুৱাৰীত নিৰ্ধাৰিত স্থানত উপনীত হ’ব আদিত্য এল-1

নিউজ ডেস্ক, 29 ডিচেম্বৰ : ভাৰতৰ প্ৰথমটো সৌৰ অভিযান আদিত্য এল-1 অহা 6 জানুৱাৰীত সূৰ্য-পৃথিৱী ব্যৱস্থাৰ লেগ্ৰেঞ্জ পইণ্ট 1 (এল1)ত উপস্থিত হ’ব ৷ যাৰ ফলত উপগ্ৰহটোৱে কোনো ধৰণৰ গ্ৰহণ নোহোৱাকৈ সূৰ্য চাব পাৰিব বুলি বৃহস্পতিবাৰে ইছৰোৰ মুৰব্বী এছ সোমনাথে প্ৰকাশ কৰে ৷

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি(আই আই টি) বম্বেৰ বাৰ্ষিক বিজ্ঞান আৰু প্ৰযুক্তি অনুষ্ঠান টেকফেষ্ট 2023ত ভাষণ দি ইছৰোৰ অধ্যক্ষ এছ সোমানাথে কয়, "আদিত্য এল-1 এতিয়া প্ৰায় ওচৰ চাপিছে ৷ অহা 6 জানুৱাৰীৰ বিয়লি ৪ বজাত আদিত্য এল-1 লেগ্ৰেঞ্জ পইণ্টত উপস্থিত হ'ব ৷ আদিত্য এল-1 ৰ ইঞ্জিনটো অতি নিয়ন্ত্ৰিতভাৱে জ্বলোৱা হয় যাতে ই হালঅ’ অৰবিট নামৰ কক্ষপথত প্ৰৱেশ কৰিব পাৰে ৷"

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সৌৰ অভিযান চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত আৰম্ভ হৈছিল আৰু এই অভিযানৰ জৰিয়তে পৃথিৱী আৰু সূৰ্যৰ মাজৰ মাধ্যাকৰ্ষণ শক্তি নিস্ক্ৰীয় হ’ব পৰা অঞ্চল লেগ্ৰেঞ্জ পইণ্টত উপনীত হ’ব ৷ চন্দ্ৰ, মংগল, শুক্ৰৰ দৰে আন বস্তু থকাৰ বাবে নিৰপেক্ষ নিস্ক্ৰীয়কৰণ সম্ভৱ নহয় বুলি সোমনাথে কয় ৷ ছটা পেলোডেই পৰীক্ষা কৰা হৈছে আৰু “সুন্দৰভাৱে কাম কৰি আছে” বুলিও তেওঁ কয় আৰু লগতে কয় যে সকলোৱেই অতি ভাল তথ্য দিছে ৷

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী ড৹ জিতেন্দ্ৰ সিঙে জনাইছিল যে আদিত্য-এল-1 এ অহা মাহৰ আৰম্ভণিতে সঠিকভাৱে ক’বলৈ গ’লে 2024 চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ আশে-পাশে গন্তব্যস্থান লেগ্ৰেঞ্জ পইণ্ট-1ত উপস্থিত হ’ব ৷

ভাৰতৰ চন্দ্ৰ অভিযান চন্দ্ৰযান-3ৰ ওপৰত ইছৰোৰ অধ্যক্ষ এছ সোমনাথে কয় যে তথ্য সংগ্ৰহৰ ক্ষেত্ৰত 14 দিনৰ অৱদানৰ অন্তত প্ৰজ্ঞান ৰভাৰখনে চন্দ্ৰপৃষ্ঠত “অতি ভালদৰে শুই আছে” ৷ "ই ইতিহাসত চিৰদিনৰ বাবে শুই আছে ৷ দুৰ্ভাগ্যজনকভাৱে আমি আশা কৰিছিলো যে ই সাৰ পাব, কিন্তু সেয়া নহ'ল ৷ আমি যেতিয়া আমাৰ পৰীক্ষাগাৰত গোটেই ব্যৱস্থাটো পৰীক্ষা কৰিলোঁ, তেতিয়া ই কাম কৰি আছিল ৷"

সোমনাথে বুজাই দিয়ে যে পৰীক্ষাগাৰত কাম কৰা কিছুমান ব্যৱস্থাই বিকিৰণৰ দৰে বিভিন্ন কাৰণত চন্দ্ৰপৃষ্ঠত কাম নকৰিবও পাৰে ৷

লগতে পঢ়ক : ভাৰতত নতুনকৈ Covid-19 আক্ৰান্তৰ সংখ্যা ৭৯৭ জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.