ETV Bharat / science-and-technology

Bird flu virus: H3N8 বাৰ্ড ফ্লু কেনেকৈ মানুহৰ শৰীৰত কেনেকৈ বিয়পে ? এই লক্ষণসমূহৰ পৰা সাৱধান

author img

By

Published : Apr 16, 2023, 6:35 PM IST

New mutation in bird flu virus shows potential for humans outbreak: Report
এভিয়ান ইনফ্লুৱেঞ্জা ভাইৰাছ H5N1 ৰ নতুন মিউটেচন

শেহতীয়াকৈ এজন ব্যক্তিৰ শৰীৰত ধৰা পৰিছে এভিয়ান ইনফ্লুৱেঞ্জা ভাইৰাছ H5N1 ৰ নতুন মিউটেচন (New mutation in bird flu virus) ৷ ইয়াৰ ৰোগ মানুহৰ মাজত বিয়পি পৰাৰ আশংকা কৰা হৈছে ।

শেহতীয়াকৈ দক্ষিণ আমেৰিকাৰ এজন লোকক শৰীৰত ধৰা পৰিছে এভিয়ান ইনফ্লুৱেঞ্জা ভাইৰাছ H5N1 ৰ নতুন মিউটেচন (Bird flu virus shows potential for humans outbreak) ৷ এই নতুন মিউটেচন মানুহৰ মাজত বিয়পি পৰাৰ আশংকা কৰা হৈছে । ইউৰোপিয়ান চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল (ইচিডিচি)ৰ মতে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ এই ৰোগ বিয়পি পৰাৰ আশংকা কম যদিও দেখা পোৱা নতুন পৰিৱৰ্তনসমূহ চিন্তনীয় । ইয়াৰ পৰা অনুমান কৰিব পাৰি যে মানুহৰ বাবে সম্ভাৱ্য বিপদ বৃদ্ধি পাইছে ৷

যোৱা মাহত চিলিৰ স্বাস্থ্য মন্ত্ৰালয়ে নিশ্চিত কৰিছিল যে এজন ৫৩ বছৰীয়া ব্যক্তিৰ শৰীৰত H5N1 ভাইৰাছ পজিটিভ পোৱা গৈছে । তীব্ৰ নিউমোনিয়াত আক্ৰান্ত হোৱা লোকজনৰ অৱস্থা গুৰুতৰ যদিও বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে (New mutation in bird flu virus )।

আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনৰ বিষয়াসকলৰ মতে, এই ব্যক্তিজনৰ পৰা পৃথক কৰা ভাইৰাছৰ নমুনাত দুটা জিনীয় মিউটেচন আছে যিবোৰ স্তন্যপায়ী প্ৰাণীৰ সৈতে খাপ খোৱাৰ লক্ষণ বুলি নিউয়ৰ্ক টাইমছত প্ৰকাশ পাইছে । পৰীক্ষামূলক পশুৰ অধ্যয়নত এই মিউটেচন, যি দুয়োটা PB2 জিন নামেৰে জনাজাত, পূৰ্বতে স্তন্যপায়ী প্ৰাণীৰ কোষত ভাইৰাছটোক ভালদৰে প্ৰতিলিপি কৰাত সহায় কৰা দেখা গৈছে।

স্বাস্থ্য বিষয়াসকলে জনোৱা মতে, জনসাধাৰণৰ বাবে ই কম বিপদাপন্ন আৰু চিকিৎসালয়ত ভৰ্তি হৈ থকা চিলিৰ লোকজনৰ সৈতে কোনো অতিৰিক্ত মানৱ ৰোগীৰ সম্পৰ্ক নাই বুলিও কয় ।

ছেইণ্ট জুড চিলড্ৰেনছ ৰিচাৰ্চ হাস্পতালৰ বাৰ্ড ফ্লুৰ বিশেষজ্ঞ ৰিচাৰ্ড জে ৱেবীৰ উদ্ধৃতিৰে কোৱা হৈছে যে, ‘আমি ভাবো যে এইচ ৫ক চৰাইৰ ভাইৰাছ হোৱাৰ পৰা মানৱ ভাইৰাছলৈ সলনি হ’বলৈ তিনিটা ডাঙৰ শিতানৰ পৰিৱৰ্তন কৰিব লাগিব ।’

তেওঁ লগতে কয়, "চিলিৰ ব্যক্তিজনৰ পৰা পোৱা ক্ৰমবোৰত সেই শ্ৰেণীৰ পৰিৱৰ্তনৰ এটা আছে । কিন্তু আমি জানো যে, সেই তিনিটা পৰিৱৰ্তনৰ গোটৰ ভিতৰত এইটোৱেই হৈছে ভাইৰাছটোৱে কৰা আটাইতকৈ সহজ ।"

বিশ্বজুৰি ২০০৪ চনৰ পৰা ২৩খন দেশত এভিয়ান ইনফ্লুৱেঞ্জা এ(এইচ৫এন১)ৰ দ্বাৰা মানুহৰ সংক্ৰমণৰ ৪৫৮জনৰ মৃত্যু (কেছ-ফেটালিটিৰ হাৰ: ৫২.৪ শতাংশ)কে ধৰি ৮৭৪টা মানুহৰ সংক্ৰমণ হৈছে । বৰ্তমানলৈকে এই ৰোগ কোনো এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সংক্ৰমণ হোৱা নাই ।

এই সপ্তাহত প্ৰকাশিত এক প্ৰতিবেদনত সংস্থাটোৱে কয় যে, এইচ ৫এন১ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে বিপদৰ মূল্যায়নত “উচ্চ অনিশ্চয়তা” আছে, য’ত আমেৰিকাত ইয়াৰ প্ৰৱৰ্তন আৰু জীৱ-জন্তুৰ মাজত বিয়পি পৰে । শেহতীয়াকৈ স্পেইনৰ মিংকত PB2 জিন চিনাক্ত কৰা হৈছে ।

এইচ ৫ এন ১ বনৰীয়া চৰাইৰ পৰা হাজাৰ হাজাৰ খেতি কৰা জীৱ-জন্তুলৈ বিয়পি পৰিছে ৷ কেইসপ্তাহমানৰ ভিতৰতে চাৰি শতাংশতকৈ অধিক ৰক্তক্ষৰণজনিত নিউমোনিয়াত মৃত্যুমুখত পৰিছে জীৱ-জন্তু । মুঠতে ৫০ হাজাৰ জীৱ-জন্তুক হত্যা কৰা হৈছে বুলি দ্য টেলিগ্ৰাফে প্ৰকাশ কৰিছে ।

বিশেষজ্ঞসকলে লক্ষ্য কৰিছে যে, স্তন্যপায়ী প্ৰাণীৰ সংক্ৰমণ বৃদ্ধিয়ে মানুহৰ বাবে অধিক বিপদৰ সৃষ্টি কৰিব পাৰে । যোৱা মাহত চীনৰ এগৰাকী মহিলা H5N1 ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হোৱাৰ বিপৰীতে চলিত মাহৰ আৰম্ভণিতে এগৰাকী কণমানি ছোৱালীৰ মৃত্যু হোৱাৰ লগতে কম্বোডিয়াত ক’ভিড-১৯ত আক্ৰান্ত হোৱা পিতৃক কোৱাৰেণ্টাইনত ৰখা হৈছিল ।

কম্বোডিয়াৰ ৰোগীৰ ক্ৰমবিন্যাসৰ সময়ত দেখা গৈছিল যে, ভাইৰাছটোৱে মানুহক সংক্ৰমিত কৰিব পৰাকৈ আশা কৰা মিউটেচনবোৰ সঁচাকৈয়ে আছিল যদিও ৰোগকাৰক জীৱাণুৱে মানুহৰ মাজত ভালদৰে বিয়পিবলৈ সলনি হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাছিল বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক: Pumpkin Seeds Benefits: ৰঙালাও ৰন্ধাৰ সময়ত ইয়াৰ বীজবোৰ পেলাই দিয়ে নেকি ? জানি লওক ৰঙালাওৰ বীজৰ লাভালাভসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.