ETV Bharat / science-and-technology

Hong Kongs eye on ICMR: ICMRত হংকঙৰ শেনচকু, 24 ঘন্টাত 6000 বাৰ হেক কৰাৰ চেষ্টা

author img

By

Published : Dec 6, 2022, 5:09 PM IST

দিল্লী এইমছ আৰু জল শক্তি মন্ত্ৰণালয়ৰ টুইটাৰ একাউণ্ট হেক কৰাৰ পিছত এতিয়া ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ(Indian Council of Medical Research) চাইটত প্ৰৱেশৰ চেষ্টা আৰম্ভ কৰিছে হেকাৰে ।

Hong Kongs eye on ICMR which saves from Corona dared to hack 6000 times in 24 hours
কৰ’নাৰ পৰা ৰক্ষা কৰা ICMRত হংকঙৰ শেনচকু, 24 ঘন্টাত 6000 বাৰ হেক চেষ্টা

নিউজ ডেস্ক, 6 ডিচেম্বৰ: চাইবাৰ ক্ৰাইমৰ ঘটনা দেশত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে, দিল্লীৰ চৰকাৰী চিকিৎসালয় এইমছ, ছফদৰজং আৰু কেন্দ্ৰীয় চৰকাৰৰ জল শক্তি মন্ত্ৰণালয়ৰ টুইটাৰ একাউণ্ট হেক কৰাৰ ঘটনা মাৰ নৌযাওতেই হেকাৰে IMCR অৰ্থাৎ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ হেক কৰাৰ এক খবৰ আহি পৰিছে । হেকাৰে আক্ৰমণ আৰম্ভ কৰিছে ৱেবছাইট(Hong Kongs eye on ICMR) । বিগত কেইদিনমানৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ৱেবছাইটত সোঁৱৰাই দিয়া উচিত যে এয়া চতুৰ্থটো বৃহৎ চাইবাৰ আক্ৰমণ ।

নেশ্যনেল ইনফৰ্মেটিক্স চেণ্টাৰত কৰ্মৰত এজন চৰকাৰী বিষয়াই নাম প্ৰকাশ নকৰাৰ চৰ্তত মানি কণ্ট্ৰ’লক জনাইছে যে, বিগত ৩০ নৱেম্বৰত চাইবাৰ আক্ৰমণকাৰীয়ে ২৪ ঘণ্টাৰ ভিতৰত ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ অফিচিয়েল চাইট হেক কৰিছিল(ICMR Cyber Attack) ।

6000 বাৰ হেক কৰাৰ চেষ্টা কৰিছিল । হেকাৰজনৰ বিষয়ে সোধাত এই চৰকাৰী বিষয়াজনে জনাইছে যে, হংকঙত অৱস্থিত ব্লেকলিষ্টেড ip address 103.152.220.133ৰ পৰা IMCRৰ অফিচিয়েল চাইটটো এবাৰ নহয় কেইবাবাৰো আক্ৰমণ কৰাৰ চেষ্টা কৰা হৈছে ।

হেকাৰক ব্লক কৰা হৈছে

নিজৰ কথাটো আগুৱাই লৈ তেওঁ কয় যে, হেকাৰসকলক ব্লক কৰা হৈছে, যাৰ বাবে তেওঁলোকে নিজৰ পৰিকল্পনাত সফল হ’ব পৰা নাই । এই সন্দৰ্ভত দলটোক সতৰ্ক কৰি দিয়া হৈছে । IMCRত কৰ্মৰত এইগৰাকী চৰকাৰী বিষয়াই কয় যে, যদিহে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ অফিচিয়েল চাইটত ত্ৰুটি থাকে তেন্তে হেকাৰে সহজেই চাইটটোৰ নিৰাপত্তা ভংগ কৰাত সফল হ’ব পাৰে ।

ফায়াৰৱাল আপডেট কৰি ৰখাৰ পৰামৰ্শ

সম্প্ৰতি এই সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে আইচিএমআৰৰ বিষয়াগৰাকীয়ে । এন আই চিয়ে সকলো চৰকাৰী সংস্থাক ফায়াৰৱাল আপডেট(Firewall updates) কৰি ৰাখিবলৈ পৰামৰ্শ দিছে । ইয়াৰ সমান্তৰালকৈ অপাৰেটিং চিষ্টেমৰ ছিকিউৰিটি(operating system security) পেজটোও আপডেট কৰিবলৈ কোৱা হৈছে । চৰকাৰী বিষয়াগৰাকীয়ে কয় যে ২০২০ চনৰ পৰা স্বাস্থ্য সংস্থাটোৰ ৱেবছাইটত চাইবাৰ আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে ।

প্ৰথমে চীন, এতিয়া হংকঙৰ সৈতে সংযোগঃ দিল্লীৰ চৰকাৰী চিকিৎসালয় এইমছৰ চাৰ্ভাৰত আক্ৰমণৰ আঁৰত চীনৰ হাত কোৱা হৈছে, আনহাতে এতিয়া হংকঙৰ পৰা আই এম চি আৰৰ স্থানত আক্ৰমণ কৰাৰ চেষ্টা কৰা হৈছে ।

লগতে পঢ়ক: Apple plans to shift production: এপলে চীনৰ পৰা স্থানান্তৰ কৰিব বিচাৰিছে উৎপাদন কাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.