ETV Bharat / science-and-technology

বিজ্ঞানী নাম্বি নাৰায়ণৰ জীৱনীমূলক ছবিক লৈ ISROৰ বিজ্ঞানীৰ ক্ষোভ

author img

By

Published : Aug 25, 2022, 3:35 PM IST

ইছৰোৰ প্ৰাক্তন বিজ্ঞানীৰ এটা দলে বুধবাৰে অভিযোগ কৰে যে ইছৰ’ৰ প্ৰাক্তন বিজ্ঞানী নাম্বী নাৰায়ণনে ‘ৰকেটৰী: দ্য নাম্বি ইফেক্ট’ ছবিখনত আৰু কিছুমান টেলিভিছন চেনেলৰ জৰিয়তে কৰা দাবীসমূহ মিছা আৰু মহাকাশ সংস্থাটোক বদনাম কৰাৰ সমান ।

Ex ISRO scientists find fault with Nambi Narayan's biographical movie
বিজ্ঞানী নাম্বি নাৰায়ণৰ জীৱনীমূলক ছবিক লৈ ক্ষোভ প্ৰকাশ ISROৰ বিজ্ঞানীৰ

নেশ্যনেল ডেস্ক, 25 আগষ্ট: ইছৰোৰ প্ৰাক্তন বিজ্ঞানীৰ এটা দলে ‘ৰকেটৰী: দ্য নাম্বি ইফেক্ট’ চিনেমাত আৰু কিছুমান টেলিভিছন চেনেলৰ জৰিয়তে কৰা দাবীসমূহ মিছা আৰু মহাকাশ সংস্থাটোক বদনাম কৰাৰ সমান বুলি বুধবাৰে অভিযোগ কৰে(Ex ISRO scientists find fault with Nambi Narayan) ।

ইছৰ’ৰ এল পি এছ ইৰ সঞ্চালক ড৹ এ ই মুথুনায়াগাম, বুধবাৰে সংবাদ মাধ্যমক সাক্ষাৎ কৰি ক্ৰাইজেনিক ইঞ্জিনৰ প্ৰজেক্ট ডাইৰেক্টৰ অধ্যাপক ই ভি এছ নাম্বুথিৰী আৰু ক্ৰাইজেনিক ইঞ্জিনৰ উপ-সঞ্চালক ডি ছাচিকুমাৰণ আৰু ইছৰ’ৰ অন্যান্য প্ৰাক্তন বিজ্ঞানীসকলে চিনেমাখনত কৰা দাবীক “অস্বীকাৰ” কৰিবলৈ সংবাদ মাধ্যমক সাক্ষাৎ কৰে ।

Ex ISRO scientists find fault with Nambi Narayan's biographical movie
ৰকেট্ৰি: দ্য নাম্বি ইফেক্ট

অভিনেতা আৰ মাধৱনৰ দ্বাৰা পৰিচালিত, প্ৰযোজনা আৰু ৰচনা কৰা এই জীৱনীমূলক ছবিখন এৰোস্পেচ অভিযন্তা নম্বী নাৰায়ণনৰ জীৱনৰ ওপৰত আধাৰিত। চিনেমাখনত মুখ্য চৰিত্ৰটোত অভিনয় কৰিছে মাধৱনে(Nambi Narayan Biographical movie) । "আমি জনসাধাৰণক কিছুমান কথা ক'বলৈ বাধ্য হৈছো কিয়নো নম্বী নাৰায়ণনে ৰকেট্ৰি: দ্য নাম্বি ইফেক্ট(Rocketry The Nambi Effect) চিনেমাখনৰ জৰিয়তে ইছৰো আৰু অন্যান্য বিজ্ঞানীসকলক বদনাম কৰি আহিছে, লগতে টেলিভিছন চেনেলৰ জৰিয়তেও । তেওঁ বহু প্ৰজেক্টৰ পিতৃ বুলি কৰা দাবী মিছা । তেওঁ আনকি চিনেমাখনত দাবী কৰিছিল যে তেওঁ এবাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা এ পি জে আব্দুল কালামক সংশোধন কৰিছিল । সেয়াও মিছা ।’- প্ৰাক্তন বিজ্ঞানীসকলে কয় ।

ইছৰোৰ বৰ্তমানৰ অধ্যক্ষ এছ সোমনাথক চিনেমাখনত কৰা ভুৱা দাবীৰ সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ কৈছে বুলিও তেওঁলোকে জানিবলৈ দিয়ে।

বিজ্ঞানীসকলে কয় যে চিনেমাখনত নাৰায়ণনে তেওঁক গ্ৰেপ্তাৰ কৰাৰ ফলত ভাৰতত ক্ৰাইজেনিক প্ৰযুক্তি লাভ কৰাত পলম হোৱা বুলি কৰা দাবীটো ভুল ।

তেওঁলোকে কয় যে, ১৯৮০ চনৰ পৰা ইছৰ’ই ক্ৰাইজেনিক প্ৰযুক্তিৰ বিকাশ আৰম্ভ কৰিছিল আৰু ই ভি এছ নাম্বুথিৰীৰ দায়িত্বত আছিল । তেওঁলোকে দাবী কৰে যে নাৰায়ণনৰ প্ৰকল্পটোৰ সৈতে কোনো সম্পৰ্ক নাছিল ।

ইছৰোৰ সৈতে জড়িত চিনেমাখনত উল্লেখ কৰা কমেও ৯০ শতাংশ বিষয় মিছা বুলিও দাবী কৰিছে প্ৰাক্তন বিজ্ঞানীৰ দলটোৱে । তেওঁলোকে কয়, "আমি এইটোও জানিব পাৰিলোঁ যে নাৰায়ণনে কিছুমান টেলিভিছন চেনেলত দাবী কৰিছে যে চিনেমাখনত যিখিনি কথা কোৱা হৈছিল, সেই সকলোবোৰ সঁচা । আনকি কিছুমান বিজ্ঞানীয়ে তেওঁলোকৰ বহু কৃতিত্ব নাৰায়ণনে লৈ আছিল বুলিও উদ্বেগ প্ৰকাশ কৰিছে ।" প্ৰাক্তন বিজ্ঞানীসকলৰ অভিযোগ সন্দৰ্ভত নাৰায়ণন বা চিনেমাখনৰ প্ৰযোজকসকলৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল ।

২০১৮ চনত উচ্চতম ন্যায়ালয়ে ইছৰ’ৰ চোৰাংচোৱাগিৰিৰ গোচৰত কেৰেলা আৰক্ষীৰ ভূমিকা সম্পৰ্কে তদন্তৰ নিৰ্দেশ দিছিল, য’ত ৭৬ বছৰীয়া নাৰায়ণন অভিযুক্ত আছিল । এই গোচৰত গ্ৰেপ্তাৰ হোৱা নাৰায়ণনে প্ৰায় দুমাহ কাৰাগাৰত কটাবলগীয়া হৈছিল আৰু পিছত চিবিআইয়ে গম পাইছিল যে চোৰাংচোৱাগিৰিৰ গোচৰটো ভুৱা ।

এই কেলেংকাৰীৰ ৰাজনৈতিক ফল আউটো হৈছিল ৷ কংগ্ৰেছৰ এটা অংশই এই বিষয়টোক লৈ তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰয়াত কে কৰুণাকৰনক লক্ষ্য কৰি লৈছিল, যাৰ ফলত অৱশেষত তেওঁ পদত্যাগ কৰিছিল । বাওঁপন্থীসকলেও তদানীন্তন কংগ্ৰেছ চৰকাৰক লক্ষ্য কৰি এই ঘটনা ব্যৱহাৰ কৰিছিল ।

লগতে পঢ়ক : R Madhavan new film : OTT ত মুক্তি পাব আৰ মাধৱনৰ ‘ৰকেটৰী: দ্য নাম্বি ইফেক্ট’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.