ETV Bharat / science-and-technology

কানাডাত প্ৰথমটো Bivalent Covid-19 বুষ্টাৰ ড'জৰ অনুমোদন

author img

By

Published : Sep 2, 2022, 3:02 PM IST

Canada approves first bivalent Covid-19 booster
কানাডাত প্ৰথমটো Bivalent Covid-19 বুষ্টাৰ ড'জৰ অনুমোদন

কানাডাত হেলথ কানাডাই মডাৰ্না স্পাইকেভেক্স কভিড-১৯ ভেকচিনৰ এটা নতুন সংস্কৰণৰ বাবে অনুমোদন জনাইছে, যিয়ে ২০১৯ চনৰ পৰা SARS-CoV-2 ভাইৰাছ আৰু Omicron (BA.1) ভেৰিয়েন্টপ সৈতে যুঁজ দিবলৈ সক্ষম হ'ব ।

নেশ্যনেল ডেস্ক, 2 আগষ্ট: কানাডাত হেলথ কানাডাই মডাৰ্না স্পাইকেভেক্স কভিড-১৯ ভেকচিনৰ(Moderna Spikevax Covid-19 vaccine) এটা নতুন সংস্কৰণৰ বাবে অনুমোদন জনাইছে, যিয়ে ২০১৯ চনৰ পৰা SARS-CoV-2 ভাইৰাছ আৰু Omicron (BA.1) ভেৰিয়েন্টপ সৈতে যুঁজ দিবলৈ সক্ষম হ'ব । বৃহস্পতিবাৰে সংস্থাটোৱে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, “বাইভেলেণ্ট” ভেকচিন হিচাপে পৰিচিত এই ভেকচিনটো ১৮ বছৰ বা তাতকৈ অধিক বয়সৰ ব্যক্তিৰ ক্ষেত্ৰত বুষ্টাৰ ড’জ হিচাপে ব্যৱহাৰৰ বাবে অনুমোদন জনোৱা হৈছে ।

সংস্থাটোৱে জনোৱা মতে, কানাডাত অনুমোদিত এইটোৱেই হৈছে প্ৰথমটো বাইভেলেণ্ট ক’ভিড-১৯ ভেকচিন ৷ বাইভেলেণ্ট মডাৰ্না স্পাইকেভেক্স বুষ্টাৰ ড'জটো সম্পূৰ্ণ নিৰাপদ আৰু ফলপ্ৰসূ হোৱাৰ লগতে এই ভেকচিনে অতি ক্ষীপ্ৰতাৰে ক'ভিড-19 আৰু অমিক্ৰনৰ সৈতে যুঁজ দিবলৈ সক্ষম বুলিও সংবাদ সংস্থা জিনহুয়াই প্ৰকাশ কৰিছে । সংস্থাটোৱে লগতে কয় যে, ক্লিনিকেল ট্ৰায়েলৰ ফলাফলত দেখা গৈছে যে, বাইভেলেণ্ট মডাৰ্না স্পাইকেভেক্স ভেকচিনৰ বুষ্টাৰ ড’জে অমিক্ৰন (BA.1) আৰু SARS-CoV-2 ভাইৰাছৰ ষ্ট্ৰেইন দুয়োটাৰে বিৰুদ্ধে শক্তিশালীভাৱে মানব দেহত কাম কৰে ।

ইয়াৰ উপৰিও ই Omicron BA.4 and BA.5 subvariantৰ বিৰুদ্ধে ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক সক্ৰিয় কৰি তোলে আৰু ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দীৰ্ঘকালীন হোৱাৰ সম্ভাৱনা অধিক বুলি হেলথ কানাডাই(Health Canada) আশা প্ৰকাশ কৰে ৷

লগতে পঢ়ক : ভাৰতীয় বজাৰত বিৰল Sputnik V Vaccineৰ বাবে চিন্তিত জনসাধাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.