দিছপুৰত সাংবাদিকসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ নতুন দিনৰ আলাপ LIVE

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 12:13 PM IST

Updated : Jan 1, 2024, 2:10 PM IST

thumbnail

গুৱাহাটী, 1 জানুৱাৰী: আজি নৱবৰ্ষ ৷ পুৰণি বছৰটোক বিদায় দি নতুন আশাৰ কিৰণ লৈ আজিৰ পৰা ৰাজ্যজুৰি নৱবৰ্ষৰ উলহে মালহে পালন কৰা হৈছে ৷ নতুুন বছৰ, নতুন চিন্তা ! নতুন বছৰ উপলক্ষে আজি দিছপুৰৰ জনতা ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক অনুষ্ঠানৰ আয়োজন কৰিছে ৷ পহিলা জানু্ৱাৰী উপলক্ষে ৰাজ্যৰ সংবাদ প্ৰতিষ্ঠানসমূহৰ সম্পাদক আৰু জ্যেষ্ঠ সাংবাদিকসকলৰ সৈতে 'নতুন দিনৰ আলাপ'ৰ নামৰ এক অনুষ্ঠান আয়োজন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে  ৷ পাৰ হৈ যোৱা বছৰটোৰ কাৰ্য ক্ৰমণিকাৰ লগতে ২০২৪ ৰ পৰিকল্পনা আদিৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলৰ সৈতে মত-বিনিময় কৰে ৷ এই অনুষ্ঠানত শৰ্মা মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীৰ লগতে জ্যেষ্ঠ আমোলাবৰ্গই অংশগ্ৰহণ কৰে ৷ জনতা ভৱনৰ লোক প্ৰশাসন ভৱন প্ৰাংগণত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ 'নতুন দিনৰ আলাপ’ অনুষ্ঠানৰ পোনপটায়া সম্প্ৰচাৰ...

Last Updated : Jan 1, 2024, 2:10 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.