16 বছৰ অনুৰ্ধৰ ব্যৱহাৰকাৰীৰ বাবে ইনষ্টাগ্ৰামৰ নতুন ব্যৱস্থা

author img

By

Published : Jul 28, 2021, 4:53 PM IST

Instagram makes accounts for users under 16 private by default

১৬ বছৰ অনুৰ্ধৰ ব্যৱহাৰকাৰীৰ একাউণ্ট সুৰক্ষিত কৰাৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ইনষ্টাগ্ৰামে(Instagram) । ইনষ্টাগ্ৰামৰ নতুন সুবিধা অনুসৰি, ১৬ বছৰ অনুৰ্ধৰ নতুন ব্যৱহাৰকাৰীৰ একাউণ্ট নিজে নিজে ব্যক্তিগত একাউণ্টলৈ পৰিৱৰ্তিত হ'ব । যিকোনো বিজ্ঞাপন তেওঁলোকৰ একাউণ্টত প্ৰদৰ্শন কৰিব নোৱাৰিব বিজ্ঞাপনদাতাই ।

নেশ্যনেল ডেস্ক, ২৮ জুলাই: ব্যৱহাৰকাৰীৰ সুবিধাৰ্থে ইনষ্টাগ্ৰামে প্ৰায়েই নতুন নতুন সুবিধা আগবঢ়ায় । লগতে ব্যৱহাৰকাৰীৰ একাউণ্টৰ সুৰক্ষাৰ দিশটোতো গুৰুত্ব আৰোপ কৰে । শেহতীয়াকৈ ১৬ বছৰ অনুৰ্ধৰ ব্যৱহাৰকাৰীৰ বাবে কেতবোৰ নতুন ব্যৱস্থা গ্ৰহণ কৰিছে প্লেটফৰ্মটোৱে । এতিয়াৰে পৰা এইসকল ব্যৱহাৰকাৰীৰ একাউণ্টত সহজে কোনো বিজ্ঞাপন প্ৰদৰ্শন কৰিব নোৱাৰিব বিজ্ঞাপনদাতাই । ১৬ বছৰ অনুৰ্ধৰ নতুন ব্যৱহাৰকাৰীৰ একাউণ্ট নিজে নিজে ব্যক্তিগত একাউণ্টলৈ পৰিৱৰ্তিত হ'ব ।

ইনষ্টাগ্ৰাম কৰ্তৃপক্ষই জনোৱা মতে, আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, ফ্ৰান্স, ইংলেণ্ড আৰু জাপানত এই নতুন সুবিধাবোৰ ইতিমধ্যে ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ কৰা হৈছে । শীঘ্ৰেই আন বহু দেশতো এই সুবিধাসমূহ উপলব্ধ কৰোৱা হ'ব বুলি জানিবলৈ দিছে ইনষ্টাগ্ৰাম কৰ্তৃপক্ষই । চলিত সপ্তাহত ১৬ বছৰ অনুৰ্ধৰ নতুন ব্যৱহাৰকাৰীৰ একাউণ্ট নিজে নিজে ব্যক্তিগত একাউণ্টলৈ পৰিৱৰ্তিত হ'ব । অৱশ্যে কোনো কোনো দেশত ১৮ বছৰৰ অনুৰ্ধৰ ক্ষেত্ৰতহে এই সুবিধা আগবঢ়োৱা হৈছে ।

ইনষ্টাগ্ৰামৰ ৰাজহুৱা নীতি সঞ্চালক কৰীণা নিউটনে কয় যে, তেওঁলোকে বিচাৰে যে, যুৱ প্ৰজন্মই ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰি আনন্দ লাভ কৰক আৰু ইনষ্টাগ্ৰামে তেওঁলোকৰ গোপনীয়তা আৰু সুৰক্ষাৰ সৈতে আপোচ নকৰে বুলি নিশ্চিত হওক ।

ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই ভাল পোৱা সকলো সুবিধা দি সঠিক ভাৰসাম্য বজাই ৰাখিব বিচাৰে আৰু লগতে তেওঁলোকৰ একাউণ্টৰ তথ্য সুৰক্ষিত কৰি ৰাখিব বিচাৰে বুলি জানিবলৈ দিছে কৰীণা নিউটনে । তেওঁ কয় যে, যদি কোনো লোকৰ ব্যক্তিগত একাউণ্ট থাকে, তেন্তে সেই লোকজনৰ পোষ্ট, ষ্ট'ৰীজ আৰু ৰিল চাবলৈ মানুহে তেওঁক অনুসৰণ কৰিব লাগিব । অৱশ্যে আন ব্যৱহাৰকাৰীয়ে এই ক্ষেত্ৰত মন্তব্য কৰিব নোৱাৰে । বৰ্তমান ইনষ্টাগ্ৰামত পাব্লিক একাউণ্ট থকা ১৬ বছৰ অনুৰ্ধৰ ব্যৱহাৰকাৰীসকলৰ বাবে ইনষ্টাগ্ৰামে ব্যক্তিগত একাউণ্টৰ লাভালাভ সন্দৰ্ভত আলোকপাত কৰা আৰু তেওঁলোকৰ গোপনীয়তা ছেটিংছ কেনেদৰে সলনি কৰিব লাগে এই বিষয়ে বৰ্ণনা কৰিব ।

অৱশ্য়ে ১৬ বছৰ অনুৰ্ধৰ ব্যৱহাৰকাৰীসকলে নিজৰ একাউণ্ট ৰাজহুৱা একাউণ্টলৈ সলনি কৰিবলৈ ইনষ্টাগ্ৰামে বিকল্প দিব বুলিও তেওঁ উল্লেখ কৰে । আনহাতে ইনষ্টাগ্ৰামে বৰ্তমান এটা নতুন প্ৰযুক্তি বিকশিত কৰিছে যিয়ে, সম্ভাৱ্য সন্দেহজনক আচৰণ প্ৰদৰ্শন কৰা একাউণ্টবোৰক বিচাৰি উলিয়াব পাৰে আৰু সেই একাউণ্টবোৰক ১৬ বছৰ অনুৰ্ধৰ ব্যৱহাৰকাৰীৰ সৈতে বাৰ্তালাপ কৰাত বাধা প্ৰদান কৰে । কোম্পানীটোৱে কেৱল ১৮ বছৰৰ অনুৰ্ধৰ লোকসকলৰ বয়স, লিংগ আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি বিজ্ঞাপনদাতাসকলক বিজ্ঞাপন প্ৰদৰ্শন কৰিবলৈ অনুমতি দিব ।

লগতে পঢ়ক:ভাৰতত তিনিটা ৰঙত উপলব্ধ হ’ব Xiaomi Mi 11 Lite

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.