ভাৰতত তিনিটা ৰঙত উপলব্ধ হ’ব Xiaomi Mi 11 Lite

author img

By

Published : Jun 21, 2021, 7:21 PM IST

Xiaomi Mi 11 Lite will come in three colour options in India

নতুন স্মাৰ্টফোন Xiaomi এমআই ১১ লাইট ভাৰতত তিনিটা ৰঙত উপলব্ধ হ’ব । স্মাৰ্টফোনটো টাস্কানি প্ৰবাল, জেজ নীলা, ভিনাইল ব্লেক ৰঙত উপলব্ধ হ'ব । Xiaomi এমআই ১১ লাইট হৈছে কোৱালকম স্নেপড্ৰেগন ৭৮০ জি প্ৰচেছৰ প্ৰদৰ্শন কৰা বিশ্বৰ প্ৰথম স্মাৰ্টফোন ।

বিজনেছ ডেস্ক, 21 জুন : গোলকীয় স্মাৰ্টফোন ব্ৰেণ্ড Xiaomi-এ ২২ জুনত তিনিটা ৰঙত আহিবলগীয়া স্মাৰ্টফোন এম আই ১১ লাইট ভাৰতত মুকলি কৰিব বুলি ঘোষণা কৰিছে । কোম্পানীটোৱে কয় যে, স্মাৰ্টফোনটো টাস্কানি প্ৰবাল, জেজ নীলা, ভিনাইল ব্লেকত উপলব্ধ হ'ব । Xiaomi ইণ্ডিয়াই টুইটাৰত লিখিছে যে, "এই ৰঙবোৰ ইটালীৰ এটা অঞ্চল, এটা সংগীত শৈলী আৰু ফ’ন’গ্ৰাফিক ৰেকৰ্ডৰ দ্বাৰা অনুপ্ৰাণিত" ৷

চীনত Xiaomi Mi 11 লাইট 8 জিবি + 128 জিবিৰ মূল্য 2,299 ইউয়ান (প্ৰায় 26,415 টকা) আৰু 8 জিবি + 256 জিবিৰ মূল্য 2,599 ইউয়ান (প্ৰায় 29,860 টকা) । এমআই ১১ লাইট হৈছে কোৱালকম স্নেপড্ৰেগন ৭৮০ জি প্ৰচেছৰ প্ৰদৰ্শন কৰা বিশ্বৰ প্ৰথম স্মাৰ্টফোন । ডিভাইচটোত 8 জিবি ৰেম আৰু 256 জিবি লৈকে ইউএফএছ 2.2 ষ্ট’ৰেজ আছে, যাক বাহ্যিক মাইক্ৰ'এছডি কাৰ্ডৰ জৰিয়তে 512 জিবি লৈকে সম্প্ৰসাৰিত কৰিব পাৰি ।

স্মাৰ্টফোনটোৱে 90 হাৰ্জ উচ্চ সতেজতাৰ হাৰৰ সৈতে 6.55 ইঞ্চিৰ FHD+ AMOLED ডিচপ্লে উপলব্ধ আছে ।

অপ্টিক্সৰ ক্ষেত্ৰত, স্মাৰ্টফোনটোত 20 মেগাপিক্সেল পাঞ্চ-হোল চেলফি কেমেৰা আছে ৷ আনহাতে পিছফালে 64 মেগাপিক্সেল প্ৰাথমিক চেন্সৰ, 8 মেগাপিক্সেল আল্ট্ৰা-ৱাইড-এংগল লেন্স আৰু 5 মেগাপিক্সেল মেক্ৰো চেন্সৰৰ সৈতে ট্ৰিপল কেমেৰা মডিউল উপলব্ধ আছে । ডিভাইচটো এটা ডাঙৰ 4,250 mAh বেটাৰী পেকৰ দ্বাৰা চালিত, যি 33 ৱাটলৈকে দ্ৰুত চাৰ্জিং সমৰ্থন কৰে ।

লগতে পঢ়ক: অচিৰে বৃদ্ধি পাব মাৰুতি(Maruti Suzuki India)ৰ বাহনৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.