ETV Bharat / jagte-raho

বিএছএফৰ অভিযানত জব্দ লক্ষাধিক মূল্যৰ বাৰ্মিজ চিগাৰেট

author img

By

Published : Sep 3, 2020, 12:02 AM IST

বিএছএফৰ অভিযানত জব্দ লক্ষাধিক মূল্যৰ বাৰ্মিজ চিগাৰেট
বিএছএফৰ অভিযানত জব্দ লক্ষাধিক মূল্যৰ বাৰ্মিজ চিগাৰেট

গোপন সূত্ৰৰ পম খেদি বিএছএফে এইদৰে নিজা অভিযানত জব্দ কৰে লাখ টকা মূল্যৰ অবৈধ চিগাৰেটখিনি । জব্দ হোৱা চিগাৰেটসহ ট্ৰাকখনৰ পৰা চালকৰ লগতে তিনি যুৱকক আটক কৰি কৰিমগঞ্জ আৰক্ষীৰ হাতত গতাই দিয়ে বিএছএফে ।

কৰিমগঞ্জ, 2 ছেপ্টেম্বৰ : কৰিমগঞ্জত সীমান্তৰক্ষী বাহিনীৰ চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে সাফল্য ৷ মিজোৰামৰ সীমান্তৰে অসমত প্ৰৱেশ কৰা এখন মিনি ট্ৰাকৰ পৰা জব্দ হয় অবৈধ চিগাৰেট ৷ ট্ৰাকখনৰ পৰা বাৰ্মিজ চিগাৰেট জব্দ কৰে বাহিনীৰ দলে । AS 10 AC 3495 নম্বৰৰ এখন মিনি ট্ৰাকৰ পৰা জব্দ হয় 3700 বাণ্ডিল বাৰ্মিজ চিগাৰেট যাৰ বজাৰ মূল্য প্ৰায় 10 লাখ টকা ।

গোপন সূত্ৰৰ পম খেদি বিএছএফে এইদৰে নিজা অভিযানত জব্দ কৰে লাখ টকা মূল্যৰ অবৈধ চিগাৰেটখিনি । জব্দ হোৱা চিগাৰেটসহ ট্ৰাকখনৰ পৰা চালকৰ লগতে তিনি যুৱকক আটক কৰি কৰিমগঞ্জ আৰক্ষীৰ হাতত গতাই দিয়ে বিএছএফে ।

বিএছএফৰ অভিযানত জব্দ লক্ষাধিক মূল্যৰ বাৰ্মিজ চিগাৰেট

মিজোৰামৰ পৰা কেনেকৈ তিনিখন আৰক্ষী থানা পাৰ হৈ কৰিমগঞ্জত প্ৰৱেশ কৰিব পাৰিলে ইয়াক লৈ সন্দেহ উত্থাপন হৈছে । কূম্ভকৰ্ণ নিদ্ৰাত থকা শুল্ক বিভাগে কিয় ধৃতৰাষ্ট্ৰ ভূমিকা গ্ৰহণ কৰিছে ইয়াৰ ৰহস্য লৈ স্থানীয় ৰাইজৰ মাজত যথেষ্ট প্ৰশ্ন উত্থাপিত হৈছে ।

লগতে পঢ়ক : অৱহেলিত হৈ ৰৈছে ডিব্ৰুগড়ৰ ঐতিহাসিক বৃটিছ সমাধিক্ষেত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.