ETV Bharat / jagte-raho

মহানগৰীত গ্ৰীল ভাঙি চোৰে লুটিলে লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ

author img

By

Published : Jun 21, 2020, 4:08 PM IST

মালিগাঁৱৰ মা-লক্ষ্মী নামৰ জুৱেলাৰী দোকান খনত চোৰে চলালে চাফাই অভিযান ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত ইতিমধ্যে তদন্ত অব্যাহত আৰম্ভ কৰিছে ৷

Theft Incident At Guwahati
মহানগৰীত গ্ৰীল ভাঙি চোৰে লুটিলে লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ

গুৱাহাটী, 21জুনঃ মহানগৰী মালিগাঁও আনন্দ নগৰত চোৰে চলালে চাফাই অভিযান ৷ মা-লক্ষ্মী নামৰ জুৱেলাৰী দোকান খনৰ পৰা চোৰে লুটি নিলে প্ৰায় লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ ৷

মহানগৰীত গ্ৰীল ভাঙি চোৰে লুটিলে লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ

লক ডাউনৰ মাজতে মহানগৰীত চোৰে চলালে চাফাই অভিযান। দেওবাৰে মহানগৰী মালিগাঁও আনন্দ নগৰৰ ৰাজপথৰ দাঁতিতে থকা মা লক্ষ্মী জুৱেলাৰীত সংঘটিত হয় এই চুৰিকাণ্ড। উক্ত বিপনীখনৰ গ্ৰীল ভাঙি চোৰে প্ৰায় ১ লাখ টকা সোণৰ আ-অলংকাৰ লৈ উধাও হয়। ইফালে দোকানৰ স্বত্তাধিকাৰী পিন্টু দাস বর্তমান কোচ বিহাৰলৈ যোৱা বুলি জানিবলৈ পোৱা গৈছে । দোকান খনৰ মালিক নথকাৰ সুযোগতে এনেদৰে চোৰে লুটপাত চলাই বিপনীখনত। উক্ত ঘটনাটো স্থানীয় ৰাইজে জালুকবাৰী আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে । জালুকবাৰী আৰক্ষী চকীৰ সমীপতে এনেদৰে গ্ৰীল ভাঙি চুৰি কাণ্ড সংঘটিত হোৱা ঘটনাত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটো ৷

লগতে পঢ়ক- নাওবৈচাত ড্ৰাগছসহ আটক দুই যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.