ETV Bharat / jagte-raho

সন্ত্ৰাসবাদৰ পিচতে জম্বু-কাশ্মীৰবাসীৰ বাবে বৃহৎ প্ৰত্যাহ্বান হৈছে ড্ৰাগছ: DGP

author img

By

Published : Jan 1, 2021, 4:36 PM IST

বিগত বৰ্ষত জম্বু-কাশ্মীৰত 1,600 গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীৰ শীৰ্ষ বিষয়াই প্ৰকাশ কৰিছে এই তথ্য ৷

Narcotic smuggling biggest challenge after terrorism in J&K: Police chief
সন্ত্ৰাসবাদৰ পিচতে জম্বু-কাশ্মীৰবাসীৰ বাবে বৃহৎ প্ৰত্যাহ্বান হৈছে ড্ৰাগছ: DGP

নিউজ ডেস্ক, 1 জানুৱাৰী : 2020 বৰ্ষত জন্মু-কাশ্মীৰত 1,600 গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ৷ DGP দিলবাগ সিঙে শনিবাৰে প্ৰকাশ কৰিছে তথ্য ৷

উল্লেখ্য যে, 2020 বৰ্ষৰ আৰম্ভণিৰ পৰাই কেন্দ্ৰীয় শাসিত অঞ্চলটোত ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ হৈছিল ৷ তেওঁ প্ৰকাশ কৰা তথ্য অনুসৰি, 2020 বৰ্ষত জম্বু-কাশ্মীৰত ড্ৰাগছ সম্পৰ্কীয় 1,132 টা গোচৰ পঞ্জীয়ন হৈছিল ৷ একেদৰে, 1,672 গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল ৷

আনহাতে, বিষয়া গৰাকীয়ে পুনৰ জনোৱা অনুসৰি, ড্ৰাগছ আৰু নিচা জাতীয় এই সমূহ সামগ্ৰীয়ে সন্ত্ৰাসবাদক জীয়াই ৰাখিছে ৷ যাৰবাবে এই সমূহ ঘাটি উচ্ছেদ কৰাটো অন্যন্ত জৰুৰী ৷

তথ্য অনুসৰি, জন্মু-কাশ্মীৰত 2020 বৰ্ষত 152.18 কেজি হেৰইন, 563.61 ভাং আৰু 22,230.48 কেজি অপিয়াম আৰু পপি ফুল জব্দ কৰিবলৈ সক্ষম হৈছে ৷

একেদৰে, 3,39,603 টা কেপচুল, 57,925 টা বটল আৰু 265 টা ইনজেকচন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : বলুকা ভাস্কৰ্যৰে দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা সুদৰ্শন পাটনায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.