ETV Bharat / jagte-raho

নাহৰকটীয়াত বিবাহিত পুৰুষৰ কামনাৰ বলি নাবালিকা

author img

By

Published : Nov 21, 2019, 5:01 PM IST

তৃতীয় শ্ৰেণীত অধ্যয়নৰত আছিল নাবালিকা গৰাকী ৷ অভিযুক্ত দিপল ৰংচোৱাল ওৰফে বাবাটু আটক ৷

নাহৰকটীয়াত বিবাহিত পুৰুষৰ কামনাৰ বলি নাবালিকা

নাহৰকটীয়া, 21 নৱেম্বৰ: ৰাজ্যত পুনৰ সংঘটিত হৈছে নাবালিকা নিৰ্যাতনৰ দৰে জঘন্য ঘটনা ৷ এইবাৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত এজন বিবাহিত পুৰুষৰ কামনাৰ বলি হ'ল তৃতীয় শ্ৰেণীত অধ্যয়নৰত এগৰাকী নাবালিকা ৷ এই জঘন্য ঘটনা সংঘটিত হৈছে যোৱা 16 নৱেম্বৰৰ নিশা ৷ ঘটনা অনুসৰি ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দুষ্কাৰ্য সংঘটিত কৰিছিল নাবালিকা গৰাকীৰ চুবুৰীয়া দিপল ৰংচোৱাল ওৰফে বাবাটুৱে ৷ কিন্তু ঘটনাৰ পাছৰ পৰাই অভিযুক্ত বাবাটুৱে নিৰ্যাতিত কিশোৰী গৰাকীৰ পৰিয়ালক ভাবুকি প্ৰদান কৰি অহাৰ ফলতে পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপিবলৈ সাহস কৰা নাছিল ৷ অৱশেষত বুধবাৰে জিলা মহিলা আৰু শিশু কল্যাণ কোষৰ লগতে ছাত্ৰীগৰাকীয়ে অধ্যয়ন কৰা বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলৰ সহযোগত ভুক্তভোগী পৰিয়ালটোৱে নাহৰকটীয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰে ৷ আৰক্ষীয়ে পক্‌চ’ আইনৰ অধীনত ইতিমধ্যে অপৰাধীক কৰায়ত্ত কৰিছে ৷ নাবালিকাৰ পৰিয়ালৰ লগতে তেওঁ অধ্যয়ন কৰা বিদ্যালয়খনৰ শিক্ষয়িত্ৰীসকলে অভিযুক্তক কঠোৰতম শাস্তি বিহিবলৈ আৰক্ষীক অনুৰোধ জনাইছে ৷

নাহৰকটীয়াত বিবাহিত পুৰুষৰ কামনাৰ বলি নাবালিকা

আৰু পঢ়ক: অৱসৰ পাচত গুৱাহাটীত উপস্থিত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

Intro:নাহৰকটীয়াত জঘন্য ঘটনাঃ
বিবাহত পুৰুষৰ কামনাৰ বলি এগৰাকী নাবালিকাঃ

নাহৰকটীয়াত সংঘটিত হৈছে এক জঘন্য ঘটনা৷ বিবাহিত পুৰুষৰ কামনাৰ বলি হৈছে তৃতীয় শ্ৰেণীত পঢ়ি থকা এগৰাকী নবছৰীয়া ছাত্ৰী ৷ এই ঘটনা ১৬ নৱেম্বৰ তাৰিখৰ নিশাৰ যদিও অভিযুক্তৰ পৰিয়ালে প্ৰদান কৰি অহা ভাবুকিৰ ফলতেই ভুক্তভোগীৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপিবলৈ সাহস কৰা নাছিল ৷ অৱশেষত বুধবাৰে জিলা মহিলা আৰু শিশু কল্যাণ কোষ আৰু ছাত্ৰীগৰাকীয়ে অধ্যয়ন কৰা বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকল আগবাঢ়ি অহাতহে ভুক্তভোগীৰ পৰিয়ালে নাহৰকটীয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰে ৷ ইতিমধ্যে পক্‌চ’ আইনৰ অধীনত গোচৰ ৰুজু কৰি আৰক্ষীয়ে অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে নাবালিকা নিৰ্যাতনৰ সৈতে জড়িত অভিযুক্তৰ নাম দিপল ৰংচোৱাল ওৰফে বাবাতু৷Body:DOConclusion:DO
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.