ETV Bharat / jagte-raho

পুনৰ তিনিমাহলৈ বৃদ্ধি কাফিল খানৰ কাৰাবাস

author img

By

Published : Aug 16, 2020, 7:50 PM IST

ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত উত্তৰ প্ৰদেশ চৰকাৰে কা-বিৰোধী আন্দোলনৰ নেতা ডাঃ কাফিল খানৰ কাৰাবাস পুনৰ তিনিমাহলৈ বৃদ্ধি কৰিছে ৷

Kafeel Khan's detention under NSA extended by 3 months
পুনৰ তিনিমাহলৈ বৃদ্ধি কাফিল খানৰ কাৰাবাস

নিউজ ডেস্ক, 16 আগষ্ট : নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ বিৰোধী প্ৰতিবাদৰ অন্যতম নেতা ডাঃ কাফিল খানৰ কাৰাবাসৰ ম্যাদ পুনৰ বৃদ্ধি কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে ৷ 2019ৰ 10 ডিচেম্বৰত নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ বিৰোধী প্ৰতিবাদৰ সময়তে, আলিগড় মুছলিম বিশ্ববিদ্যালয়ত উগ্ৰ আৰু উত্তেজক ভাষণ প্ৰদান কৰিছিল ডাঃ কাফিল খানে ৷ পৰৱৰ্তী সময়ত 29 জানুৱাৰীত ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল ডাঃ কাফিল খানক ৷

দেওবাৰে উত্তৰ প্ৰদেশ চৰকাৰে ডাঃ খানৰ কাৰাবাসৰ ম্যাদ পুনৰ তিনিমাহলৈ বৃদ্ধি কৰে ৷ আগষ্টৰ 8 তাৰিখত জাৰী কৰা নিৰ্দেশত উত্তৰ প্ৰদেশৰ গৃহবিভাগে কয় যে, 13 ফেব্ৰুৱাৰীত আলিগড় জিলা দণ্ডাধীশৰ আগত প্ৰস্তুত কৰিছিল ডাঃ খানক ৷ ইয়াৰ পৰৱৰ্তী সময়ত সমগ্ৰ বিষয়টো এখন উপদেষ্টা আয়োগক প্ৰদান কৰিছিল আৰু আয়োগে খানক জেলত ৰখাৰ বহুটো কাৰণ দৰ্শায় ৷ যাৰ ফলত এইদৰে পুনৰ তিনিমাহ বৃদ্ধি কৰা হয় ডাঃ খানৰ কাৰাবাস ৷ ইয়াৰ পৰৱৰ্তী সময়ত 6 মে'ত খানত পৰৱৰ্তী তিনিমাহৰ বাবে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত কাৰাবাসৰ সময়সীমা বৃদ্ধিৰ নিৰ্দেশ প্ৰদান কৰে ৷

উত্তৰ প্ৰদেশ চৰকাৰৰ উপদেষ্টা আয়োগে ইয়াৰ প্ৰতিবেদনত কয় যে, আলিগড় জিলা দণ্ডাধীশৰ পৰা লাভ কৰা তথ্য আৰু প্ৰতিবেদনৰ ভিত্তিত ৰাজ্যখনৰ গৱৰ্নৰ আনন্দিবেন পেটেলে তেওঁৰ ক্ষমতা ব্যৱহাৰ কৰি ডাঃ কাফিল খানৰ কাৰাবাস পুনৰ তিনিমাহলৈ বৃদ্ধি কৰা নিৰ্দেশত অনুমতি প্ৰদান কৰে ৷ যাৰ ফলত 13 নৱেম্বৰলৈ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত কাৰাবাস খাটি থাকিব লাগিব ডাঃ কাফিল খানে ৷

উল্লেখ্য যে, 2017ৰ গোৰখপুৰ বাবা ৰাঘৱ দাস মেডিকেল কলেজত সংঘটিত এক ঘটনাৰ পিচতেই সংবাদ শিৰোনাম দখল কৰিছিল ডাঃ কাফিল খানে ৷ উক্ত ঘটনাত অক্সিজেন চিলিণ্ডাৰৰ অভাৱত কেবাগৰাকীও শিশুৱে মৃত্যুক আকোৱালি লৈছিল ৷ ডাঃ খানে তেওঁৰ কেইগৰাকীমান সহযোগীৰ সহায়ত চিকিৎসালয়খনত অক্সিজেন চিলিণ্ডাৰৰ যোগান ধৰি বহুকেইটা শিশুৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল ৷ পৰৱৰ্তী সময়ত এই কাণ্ডৰ বাবে ডাঃ খানে মেডিকেল কলেজৰ আন 9 গৰাকী চিকিৎসক তথা সহকৰ্মীৰ সহায়ত আইনী প্ৰক্ৰিয়াৰ বলি হৈছিল আৰু জেললৈ যাবলগীয়াও হৈছিল ৷ পৰৱৰ্তী সময়ত জামিনত মুক্তি লাভ কৰিছিল ডাঃ কাফিল খানে ৷

লগতে পঢ়কঃ তৈল নিৰ্গমণ নিষ্কাশনৰ বাবে মৰিচাচলৈ ৰাওনা ভাৰতীয় বায়ুসেনাৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.