ETV Bharat / jagte-raho

3 দিন ধৰি সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই নিকিতা সৰকাৰ হত্যাকাণ্ডৰ দোষীক

author img

By

Published : Nov 7, 2020, 7:29 AM IST

বৰপেটাৰোডৰ নিকিতা সৰকাৰ হত্যাকাণ্ডৰ হত্যাকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই বৰপেটা আৰক্ষীয়ে ৷ আৰক্ষীৰ ফালৰ পৰা তদন্ত প্ৰক্ৰিয়া আৰম্ভ ৷ শীঘ্ৰে দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব বুলি স্পষ্ট হ'ব আৰক্ষীৰ ৷

in-the-last-three-days-baksa-police-have-not-been-able-to-identify-the-child-murder-killer
তিনিদিন ধৰি সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই নিকিতা সৰকাৰ হত্যাকাণ্ডৰ দোষীক

বৰপেটাৰোড, 7 নৱেম্বৰ : বৰপেটাৰোডৰ সমীপৰ তথা গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত জাখলিৰপাৰৰ খগেন সৰকাৰৰ 8 বছৰীয়া কন্যা নিকিতা সৰকাৰৰ মৃতদেহ বৃহস্পতিবাৰে উদ্ধাৰ হোৱাৰ পিচতে এই হত্যাকাণ্ডৰ লগত জড়িত কোনো এজন লোককো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

শুকুৰবাৰে বাক্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাং হাউ ডংগেল আৰু শালবাৰী মহকুমা আৰক্ষী বিষয়া সমিৰণ বৈশ্যসহ আৰক্ষীৰ দল এটাই ঘটনা‌স্থলী পৰিদৰ্শন কৰি তদন্ত অব্যাহত ৰখাৰ লগতে অতি সোণকালে হত্যাকাৰীক আটক কৰিব বুলি জানিবলৈ দিয়ে । আনকি,এই হত্যাকাণ্ডৰ লগত জড়িত লোকৰ যাৱতীয় তথ্য লাভ কৰা বুলি জানিবলৈ দি শীঘ্ৰে অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হ'ব বুলি জানিবলৈ দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

উল্লেখ্য যে, 4 নৱেম্বৰত 8 বছৰীয়া কন্যা নিকিতা সৰকাৰ নিজ গৃহৰ পৰা নিৰুদ্দেশ হৈছিল ৷ পৰৱৰ্তী সময়ত বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত নিকিতা সৰকাৰৰ ঘৰৰ ওচৰতে ভাড়াতীয়া হিচাপে থকা বিতু নামৰ এজন লোকৰ বিচনাৰ তলৰ পৰা নিকিতা সৰকাৰৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ পৰিয়ালক চমজাই দিয়ে আৰক্ষীয়ে ৷

লগতে পঢ়ক : বিটিচিত এইবাৰ বিজেপিৰ চৰকাৰঃ ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.