ETV Bharat / jagte-raho

ৰাজ্যত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ

author img

By

Published : Oct 10, 2019, 10:33 AM IST

নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ হোজাই আৰক্ষীৰ

তিনি বছৰৰ পাছত ৰাজস্থানৰ পৰা উদ্ধাৰ হোজাই জিলা কাকীৰ এগৰাকী মহিলা ৷ হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাৰী সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত দুগৰাকী মহিলাক ৷

হোজাই, 10 অক্টোবৰঃ তিনি বছৰৰ পূৰ্বে হোজাই জিলাৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী মহিলাক ৰাজস্থানৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ নগাঁও জিলাৰ কামপুৰৰ পৰা অনুৰাধা পাটৰ আৰু হোজাই জিলাৰ কাকী জৰাবাৰীৰ আইমনি দেউৰী নামৰ দুই নাৰী সৰবৰাহকাৰীয়ে মহিলাগৰাকীক তিনি বছৰ পূৰ্বে বিক্ৰী কৰিছিল ৰাজস্থানত ৷ বিক্ৰী কৰা মহিলাগৰাকীক কাকী আৰক্ষীয়ে ২৬ নবেম্বৰত উদ্ধাৰ কৰে ৰাজস্থানৰ ঝুনঝুনা জিলাৰ পৰা ৷

নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ হোজাই আৰক্ষীৰ

বুধবাৰে ঘটনাৰ আলম লৈ কাকী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলা দুগৰাকীক ৷ কাকী আৰক্ষী থানাত ৰুজু হোৱা ৩৯/১৯ নং গোচৰটোত আটকাধীন দুই সৰবৰাহকাৰী মহিলাক হোজাইৰ আদালতে ভাৰতীয় দণ্ডবিধি আইনৰ 366/370 ধাৰাত জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়কঃ কলগাছিয়াত কংগ্ৰেছৰ মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন

Intro:তিনি বছৰৰ মুৰত ৰাজস্থানৰ পৰা উদ্ধাৰ হোজাই জিলা কাকীৰ এগৰাকী মহিলা। Body:তিনি বছৰৰ মুৰত ৰাজস্থানৰ পৰা উদ্ধাৰ হোজাই জিলা কাকীৰ এগৰাকী মহিলা। আৰক্ষীৰ জালত দুই নাৰী সৰবৰাহকাৰী।


হোজাই জিলাৰ কাকী আৰক্ষীয়ে আটক কৰিচে দুই নাৰী সৰবৰাহকাৰী মহিলাক।নগাঁও জিলাৰ কামপুৰৰ পৰা অনুৰাধা পাটৰ আৰু হোজাই জিলাৰ কাকী জৰাবাৰীৰ পৰা আইমনি দেউৰী নামৰ এই দুই নাৰী সৰবৰাহ কাৰীয়ে মইনা ৰংপিপী নামৰ এগৰাকী মহিলাক ৰাজস্থানত বিক্ৰী কৰাৰ অভিযোগত আটক কৰে কাকী আৰক্ষীয়ে।তিনি বছৰ পূৰ্বে সুদুৰ ৰাজস্থানত নি বিক্ৰী কৰা কাকী জৰাবাৰীৰ মইনা ৰংপিপী নামৰ মহিলা গৰাকীক কাকী আৰক্ষীয়ে ৰাজস্থানৰ ঝুনঝুনা জিলাৰ নদালগড় আৰক্ষী চকীৰ খীড়মিঠা গাঁওৰ পৰা যোৱা ২৬ নবেম্বৰত উদ্ধাৰ কৰাৰ পাছতে উক্ত ঘটনাৰ লগত জড়িত থকা দুই নাৰী সৰবৰাহকাৰীক কাকী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। কাকী আৰক্ষী থানাত ৰুজু হোৱা ৩৯/১৯ নং গোচৰটোত আটকাধীন দুই সৰবৰাহকাৰী মহিলাক হোজাইৰ আদালতে ভাৰতীয় দণ্ডবিধিৰ 366/370 ধাৰাত জেল হাজোতলৈ প্ৰেৰণ কৰে।



Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.