ETV Bharat / jagte-raho

মধ্য প্ৰদেশত ৰেচন কাৰ্ডৰ নামত বিয়াগোম দুৰ্নীতি

author img

By

Published : Jan 19, 2021, 4:17 PM IST

মধ্য প্ৰদেশৰ ইণ্ডোৰত ৰেচন কাৰ্ডৰ নামত সংঘটিত হৈ আছে বিয়াগোম দুৰ্নীতি ৷ 50,000 হিতাধিকাৰীয়ে ভূৱা পৰিচয় পত্ৰ উলিয়াই চৰকাৰী সামগ্ৰী আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

Biggest ever ration racket busted in Indore
মধ্য প্ৰদেশত ৰেচন কাৰ্ডৰ নামত বিয়াগোম দুৰ্নীতি

নিউজ ডেস্ক, 19 জানুৱাৰী : মধ্য প্ৰদেশত চলি থকা দুৰ্নীতি বিৰোধী অভিযানৰ অংশ হিচাপে মঙলবাৰে মধ্য প্ৰদেশৰ ইণ্ডোৰত ৰেচন কাৰ্ডত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে এক সফল অভিযান সমাপ্ত কৰে আৰক্ষীয়ে ৷ এই বিয়াগোম দুৰ্নীতিৰ লগতে জড়িত থকা মূল অভিযুক্ত ভাৰত দেৱক মঙলবাৰে ইণ্ডোৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে, আৰক্ষীয়ে ৰেচন কাৰ্ডৰ দুৰ্নীতিৰ বিৰুদ্ধে 12 টা গোচৰ ৰুজু কৰিছে আৰু 40 গৰাকী অভিযুক্তৰ নাম চিনাক্ত কৰিছে ৷ লগতে, 'National Security Act' ৰ অধীনত তেওঁলোকৰ তদন্ত কৰা হ'ব বুলিও জানিব দিয়ে ৷

ইণ্ডোৰ আৰক্ষী অধীক্ষক মনিষ সিঙে জানিব দিয়া অনুসৰি, মঙলবাৰে ইণ্ডোৰৰ 12 খন সুলভ মূল্যৰ দোকান পৰিদৰ্শন কৰে ৷ পৰিদৰ্শন কৰাৰ অন্তত বিষয়া গৰাকীয়ে 50,000 হিতাধিকাৰীৰ বিপৰীতে এক বৃহৎ দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য ফাদিল কৰিছে বিষয়া গৰাকীয়ে ৷

তদন্তত আকৌ স্পষ্ট হৈছিল যে, বহুতো প্ৰভাৱশালী লোকে নিজৰ নামৰ লগতে পৰিয়ালৰ আন সদস্যৰ নামতো ৰেচন কাৰ্ড উলিয়াই সেই সমূহ সামগ্ৰী বজাৰত বিক্ৰী কৰি আহিছে ৷ ইফালে, বিষয়া গৰাকীয়ে সন্দেহ কৰা অনুসৰি, ৰেচন কাৰ্ডৰ বিয়াগোম দুৰ্নীতি কেৱল ইণ্ডোৰতে নহয় সমগ্ৰ ৰাজ্যতে সংঘটিত হৈ আছে ৷

লগতে পঢ়ক : অষ্ট্ৰেলিয়াৰ মাটিত ঐতিহাসিক জয়েৰে বিজয়ধ্বজা উৰুৱালে ভাৰতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.