ETV Bharat / international

Trump to surrender: জৰ্জিয়া প্ৰশাসনৰ সন্মুখত আত্মসমৰ্পণ কৰিব ট্ৰাম্পে

author img

By

Published : Aug 22, 2023, 10:58 AM IST

Trump to surrender
জৰ্জিয়া প্ৰশাসনৰ সন্মুখত আত্মসমৰ্পণ কৰিব ট্ৰাম্পে

নিৰ্বাচন সম্পৰ্কীয় আৰু আন কেইবাটাও বিষয়ৰ গোচৰৰ অভিযুক্ত হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প । নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ গ্ৰেপ্তাৰ হ'ব পাৰে ট্ৰাম্প । অৱশ্যে আত্মসমৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ২২ আগষ্ট : সমাগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন । বিভিন্ন প্ৰাৰ্থীয়ে ইতিমধ্যে নিজৰ দাবীদাৰ স্পষ্ট কৰিছে । প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও নিৰ্বাচন খেলাৰ ইচ্ছা প্ৰকাশ কৰিছে । কিন্তু তেওঁৰ আশা পূৰণ হোৱাৰ সম্ভাৱনা যথেষ্ট কম । আইনী প্ৰক্ৰিয়াৰ মাজত সোমাই পৰা ট্ৰাম্পৰ সন্মুখত বিভিন্ন প্ৰত্যাহ্বান আহিছে । তেওঁৰ গ্ৰেপ্তাৰক লৈও বহুতো জল্পনা-কল্পনা চলি আছে । অৱশ্যে ইয়াৰ মাজতে ট্ৰাম্পে ঘোষণা কৰে যে, তেওঁ বৃহস্পতিবাৰে জৰ্জিয়া কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰিব । য'ত তেওঁ ২০২০ ৰ নিৰ্বাচনত অবৈধভাৱে ষড়যন্ত্ৰ ৰচনা কৰা সম্পৰ্কীয় এক গোচৰৰ সন্মুখীন হ'ব ।

ট্ৰাম্পে সোমবাৰে নিশা সামাজিক মাধ্যমত কয় যে ৰাইজে বিশ্বাস কৰিব পাৰিব নে ? কিয়নো তেওঁ বৃহস্পতিবাৰে জৰ্জিয়াৰ আটলাণ্টালৈ যাব আৰু আত্মসমৰ্পণ কৰিব । ২,০০,০০০ ডলাৰৰ বণ্ড নিৰ্ধাৰণ হোৱাৰ কেইঘণ্টামান পাছতে ট্ৰাম্পে এই ঘোষণা কৰে ।

  • Trump rakes up India tax issue; says would impose reciprocal tax if voted to power
    The 77-year-old former president, facing a series of court cases and indictments, in an interview came down heavily on India's tax rates, which he alleged were quite high.https://t.co/HX1StWAj8t

    — ETV Bharat (@ETVBharatEng) August 22, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে যোৱা এপ্ৰিলৰ পৰা এয়া ট্ৰাম্পৰ চতুৰ্থ গ্ৰেপ্তাৰ হ'ব । তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসৰ প্ৰথমগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি যিয়ে ইমানবোৰ অভিযোগৰ সন্মুখীন হৈছে । ইয়াৰ মাজতে নিউয়ৰ্ক, ফ্ল'ৰিডা আৰু ৱাশ্বিংটন ডি.চি.-ত তেওঁৰ উপস্থিতিয়ে সংবাদ মাধ্যমৰ লগতে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে । সংবাদ মাধ্যমৰ হেলিকপ্টাৰে তেওঁৰ প্ৰতিটো পদক্ষেপ অনুসৰণ কৰি আছে ।

বণ্ডত তেওঁৰ মুক্তিৰ বিৱৰণ আলোচনা কৰিবলৈ ট্ৰাম্পৰ অধিবক্তাসকলে আটলাণ্টাত অভিযোগকাৰীৰ সৈতে সাক্ষাৎ কৰাৰ কেইঘণ্টামান পাছতে তেওঁ এই ঘোষণা কৰে । ফুলটন কাউণ্টি ডিষ্ট্ৰিক্ট এটৰ্নি ফানি উইলিছ, ট্ৰাম্পৰ প্ৰতিৰক্ষা অধিবক্তা আৰু ন্যায়াধীশৰ দ্বাৰা স্বাক্ষৰিত বণ্ড চুক্তি অনুসৰি প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক গোচৰটোৰ সহ-প্ৰতিবাদী, সাক্ষী বা ভুক্তভোগীসকলক ভয় খুৱাবলৈ বাধা দিয়া হৈছে । সামাজিক মাধ্যমত বণ্ড চুক্তি ভাইৰেল হৈ পৰিছে ।

ইফালে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বুধবাৰে ৰিপাব্লিকান পাৰ্টীৰ প্ৰাথমিক বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব । য'ত ট্ৰাম্পে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে । এই প্ৰক্ৰিয়াৰ এদিন পাছতে জৰ্জিয়াত ট্ৰাম্প উপস্থিতি হৈ আত্মসমৰ্পণ কৰিব । ট্ৰাম্পক গ্ৰেপ্তাৰৰ পাছত ফুলটন কাউণ্টি কাৰাগাৰত ৰখা হ'ব বুলি তেওঁ অনুমান কৰিছে । সম্প্ৰতি কাৰাগাৰখন দুৰ্বল আন্তঃগাঁথনি আৰু লেতেৰা অৱস্থাৰ বাবে শিৰোনামত আছে । যোৱা মাহত ফুলটন কাউণ্টি কাৰাগাৰত থকা তিনিজন লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক :America politics: ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাথমিক বিতৰ্ক ত্যাগ কৰিব ট্ৰাম্পে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.