ETV Bharat / international

আইনৰ ৰোষত শান্তিৰ ন’বেল বঁটা বিজয়ী মহম্মদ ইউনুছ, ছয়মাহৰ কাৰাদণ্ডৰ ৰায় আদালতৰ

author img

By PTI

Published : Jan 2, 2024, 9:29 AM IST

Updated : Jan 2, 2024, 12:23 PM IST

শ্ৰমিক আইন ভংগৰ অপৰাধত শান্তিৰ ন’বেল বঁটা বিজয়ী মহম্মদ ইউনুছক কঠোৰ শাস্তি বাংলাদেশৰ শ্ৰমিক আদালতৰ ৷ ইউনুছক ছয়মাহৰ বাবে কাৰাদণ্ডৰ ৰায় দিছে আদালতে (Bangladesh court sentences Yunus to six months in prison for violating labour laws) ৷

Yunus sentenced to six months in prison for violating labour laws
আইনৰ ৰোষত শান্তিৰ নবেল বঁটা বিজয়ী মুহাম্মাদ ইউনুছ

ইন্টাৰনেশ্য়নেল ডেস্ক, 2 জানুৱাৰী : শান্তিৰ ন’বেল বঁটা বিজয়ী মহম্মদ ইউনুছ পৰিছে আইনৰ ৰোষত ৷ সোমবাৰে বাংলাদেশৰ এখন শ্ৰমিক আদালতে শান্তিৰ ন’বেল বঁটা বিজয়ী ইউনুছক দেশখনৰ শ্ৰম আইন উলংঘা কৰাৰ অভিযোগৰ শুনানী গ্ৰহণ কৰি ছয় মাহৰ কাৰাদণ্ড প্ৰদান কৰে ।

উল্লেখ্য যে, গ্ৰামীণ টেলিকম নামেৰে এক অ-লাভজনক সংগঠন প্ৰতিষ্ঠা কৰিছিল ইউনুছে ৷ কিন্তু সংগঠনটোত নিয়োজিত শ্ৰমিকসকলক দেশখনৰ শ্ৰমিক আইনৰ অনুসৰি দিয়া হোৱা নাছিল সুবিধা ৷ এই সন্দৰ্ভত ঢাকাৰ শ্ৰমিক আদালতৰ মুৰব্বী শ্বেখ মেৰিনা চুলতানাই তেওঁৰ ৰায়ত কয়, ‘‘ইউনুছৰ সংগঠনটোৱে বাংলাদেশী শ্ৰমিক আইন উলংঘা কৰিছে ৷ 67 জন গ্ৰামীণ টেলিকম কৰ্মীক স্থায়ী কৰ্মচাৰী প্ৰদানৰ কথা আছিল ৷ জৰুৰীকালীন বা বিশেষ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত কৰ্মচাৰীসকলক সহায় কৰাৰ বাবে কেতিয়াও শ্ৰমিকৰ কল্যাণ পুঁজি গঠন কৰা হোৱা নাছিল । সংগঠটোৰ নীতি অনুসৰণ কৰি, গ্ৰামীণৰ লভ্যাংশৰ 5 শতাংশ কৰ্মচাৰীসকলক বিতৰণ কৰাৰ কথা আছিল ৷ কিন্তু সেই নীতি উলংঘা কৰিছিল সংগঠনটোৱে ৷ সেয়ে ইউনুছক সংগঠটোৰ অধ্যক্ষ হিচাপে আৰু সংগঠনটোৰ আন তিনিজন সঞ্চালকক দোষী সাব্যস্ত কৰে আৰু প্ৰত্যেককে আদালতে ছয় মাহৰ কাৰাদণ্ড প্ৰদান কৰে । লগতে ইউনুছক 30 হাজাৰ টকা বা 260 আমেৰিকান ডলাৰ জৰিমনা বিহা হৈছে ।’’

ইফালে শান্তিৰ ন’বেল বঁটা বিজয়ী ইউনুছে শ্ৰমিক আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই ইয়াৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ কথা উল্লেখ কৰে ৷ এই ক্ষেত্ৰত তেওঁ কয়, ‘‘আমি নকৰা অপৰাধৰ বাবে আমাক শাস্তি দিয়া হৈছে । এয়া মোৰ ভাগ্য, ৰাষ্ট্ৰৰ ভাগ্য আছিল । আমি এই ৰায় গ্ৰহণ কৰিছো, কিন্তু এই ৰায়ৰ বিৰুদ্ধে আপীল কৰিম আৰু এই শাস্তিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিম ৷’’

এজন প্ৰতিৰক্ষা অধিবক্তাই এই ৰায়ক সমালোচনা কৰি কয় যে এইটো অন্যায় আৰু আইনৰ বিৰুদ্ধে । আন এজন অধিবক্তা আব্দুল্লা আল মামুনে কয় যে আমি ন্যায়ৰ পৰা বঞ্চিত হৈছো ।

উল্লেখ্য যে, যিহেতু ইউনুছৰ পশ্চিমৰ বিশেষকৈ আমেৰিকাৰ ৰাজনৈতিক অভিজাত শ্ৰেণীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা বুলি জনা যায়, সেয়েহে বহুতে ভাবে যে এই ৰায়দানে আমেৰিকাৰ সৈতে বাংলাদেশৰ সম্পৰ্কত নেতিবাচক প্ৰভাৱ পেলাব পাৰে । কিন্তু সোমবাৰে বৈদেশিক সচিব মাছুদ বিন মমেনে কয় যে বাংলাদেশ আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কত কোনো এজন ব্যক্তিৰ সৈতে জড়িত কোনো বিষয়ৰ প্ৰভাৱ নপৰে ।

ইউনুছৰ সমৰ্থকসকলৰ মতে, প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে হিমশীতল সম্পৰ্কৰ বাবেই তেওঁক হাৰাশাস্তি কৰা হৈছে । বাংলাদেশ চৰকাৰে এই অভিযোগ অস্বীকাৰ কৰিছে । ইফালে অহা ৭ জানুৱাৰীত দেশখনত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনত হাছিনাৰ প্ৰধান প্ৰতিদ্বন্দ্বী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ নেতৃত্বত দেশৰ প্ৰধান বিৰোধী দল বাংলাদেশ নেচনেলিষ্ট পাৰ্টিয়ে নিৰ্বাচন বৰ্জনৰ আহ্বান কৰাৰ মাজতে সোমবাৰে এই ৰায়দান আহে । দলটোৱে হাচিনাৰ প্ৰশাসনে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ সন্দেহ ব্যক্ত কৰে ।

আগষ্ট মাহত ১৭০ জনতকৈ অধিক বিশ্বৰ নেতা আৰু নোবেল বঁটা বিজয়ীয়ে এখন মুকলি পত্ৰযোগে হাছিনাক ইউনুছৰ বিৰুদ্ধে চলি থকা সকলো আইনী প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ আহ্বান জনাইছিল ৷ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামা, ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব প্ৰধান বান কি মুন আৰু প্ৰায় শতাধিক নোবেল বঁটা বিজয়ীয়ে পত্ৰখনত কয় যে শেহতীয়াকৈ বাংলাদেশৰ গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ প্ৰতি ভাবুকিৰ বাবে তেওঁলোক গভীৰভাৱে চিন্তিত ।

হাছিনাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ আৰু অধিবক্তাসকলক বাংলাদেশলৈ আহি আইনী প্ৰক্ৰিয়াৰ মূল্যায়ন আৰু ইউনুছৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সৈতে জড়িত নথি-পত্ৰ পৰীক্ষা কৰিবলৈ আদৰণি জনাব ।

লগতে পঢ়ক : জাপানত শক্তিশালী ভূমিকম্প; ছুনামিৰ সতৰ্কবাণী জাৰি

Last Updated : Jan 2, 2024, 12:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.