ETV Bharat / international

G20 Summit: সন্ধিয়া দিল্লী পাবহি মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেন, প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা

author img

By ANI

Published : Sep 8, 2023, 6:55 AM IST

Joe Biden hold talks with PM Modi
আজি ভাৰতত উপস্থিত হ’ব মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেন

নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া G20 সন্মিলনত অংশগ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন ৰাওনা হৈছে ভাৰতলৈ ৷ G20 সন্মিলনত জলবায়ু পৰিৱৰ্তনৰ লগতে বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ দৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ সংস্কাৰৰ দৰে বিষয়বোৰ আলোচনা কৰা হ’ব ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 8 ছেপ্টেম্বৰ: 18 সংখ্যক G20 সন্মিলনত অংশগ্ৰহৰ বাবে ভাৰতলৈ বৃহস্পতিবাৰে ৰাওনা হোৱা মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন শুকুৰবাৰ অৰ্থাৎ 8 আগষ্টৰ সন্ধিয়া নতুন দিল্লীত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে ৷ সন্মিলনৰ বাবে ভাৰত ভ্ৰমণৰ সময়ত বাইডেনে চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (চিডিচি)ৰ ক’ভিড-19 ৰ গাইডলাইন মানি চলিব বুলি হোৱাইট হাউছে প্ৰকাশ কৰিছে ।

সোমবাৰে ফাৰ্ষ্ট লেডী জিল বাইডেন (72)ৰ দেহত ধৰা পৰে কোভিড-19 পজিটিভ । ইয়াৰ পিচতে 80 বছৰীয়া মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনৰ ক’ভিড টেষ্ট কৰা হৈছিল যদিও তেওঁৰ ফলাফল নিগেটিভ পোৱা গৈছিল । কোভিড পজিটিভ পোৱাৰ পাছত ডেলাৱেৰৰ ঘৰত কোৱাৰেণ্টাইন হৈ থকা ফাৰ্ষ্ট লেডীগৰাকী ৰাষ্ট্ৰপতিৰ সৈতে ভাৰত আৰু ভিয়েটনামলৈ যোৱা নাই । অৱশ্যে বৃহস্পতিবাৰে তেওঁৰ কাৰ্যালয়ে জনায় যে ফাৰ্ষ্ট লেডী জিল বাইডেন ক’ভিড নিগেটিভ ৷

বায়ুসেনা ৱানত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যাত্ৰা কৰা লোকসকলৰ ভিতৰত আছে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভান, উপ-মুখ্য কৰ্মচাৰী জেন অ’মেলি ডিলন আৰু অ’ভেল অফিচৰ পৰিচালনাৰ সঞ্চালক এনি টমাচিনি । ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে প্ৰধান উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জন ফাইনাৰ, প্ৰেছ সচিব কেৰিন জিন-পিয়েৰ, ভাষণৰ সঞ্চালক ভিনাই ৰেড্ডী, যোগাযোগ সঞ্চালক বেন লাবল্ট, সময়সূচী আৰু এডভান্সৰ সঞ্চালক ৰিয়ান মণ্টোয়া, প্ৰট’কলৰ ভাৰপ্ৰাপ্ত মুৰব্বী ইথান ৰ’জেনজৱেইগ, এন এছ চিৰ কৌশলগত যোগাযোগৰ সমন্বয়ক জন কিৰ্বি, শক্তি আৰু বিনিয়োগৰ জ্যেষ্ঠ উপদেষ্টা এমোছ হচষ্টেইন, যোগাযোগৰ উপ-সঞ্চালক হাৰ্বি জিস্কেণ্ড, দক্ষিণ এছিয়াৰ জ্যেষ্ঠ সঞ্চালক হাৰ্বি জিস্কেণ্ড, ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ জ্যেষ্ঠ সঞ্চালক আইলিন ল'বাচাৰ আদি ।

শুকুৰবাৰে নতুন দিল্লীত উপস্থিত হোৱাৰ পিচতে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁৰ দ্বিপাক্ষিক বৈঠক হোৱাৰ সম্ভাৱনা আছে । G20 সন্মিলন সফলতাৰে সম্পন্ন হোৱাৰ বাবে আগ্ৰহী বাইডেনে জলবায়ু পৰিৱৰ্তনৰ লগতে বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ দৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ সংস্কাৰৰ দৰে বিষয়বোৰ আলোচনাৰ বাবে আগ্ৰহী ৷

আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে আফ্ৰিকান ইউনিয়নক G 20 ৰ সদস্য হিচাপে ভাৰতলৈ আদৰণি জনাব ৷ এই পদক্ষেপক বিশ্বৰ নেতাসকলে সমৰ্থনৰ লগতে উৎসাহিত কৰিছে । এই বৈঠকৰ সময়ত দুয়োগৰাকী নেতাই জুন মাহত প্ৰধানমন্ত্ৰী মোডীৰ ৱাশ্বিংটনলৈ আনুষ্ঠানিক আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ সময়ত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ ক্ষেত্ৰত যি অগ্ৰগতি লাভ কৰিছিল সেই বিষয়ে পুনৰীক্ষণ কৰাৰ সম্ভাৱনা আছে ।

ভিয়েটনামৰ হানয়লৈ যোৱাৰ পূৰ্বে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে G 20 ৰ নেতাসকলৰ সৈতে ৰাজ ঘাট স্মাৰক পৰিদৰ্শন কৰিব বুলি হোৱাইট হাউছে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: G20 Joint Declaration Draft : ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ভাৰতৰ পদক্ষেপ যথেষ্ট নাছিল; ইউৰোপীয় ইউনিয়নৰ জ্যেষ্ঠ বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.