ETV Bharat / international

International Womens Day 2023 : আন্তৰ্জাতিক নাৰী দিৱসৰ উদ্দেশ্য আৰু বিষয়বস্তু

author img

By

Published : Feb 9, 2023, 2:58 PM IST

আন্তৰ্জাতিক নাৰী দিৱস, 2023-ৰ বাবে এক বিশেষ বিষয়বস্তু প্ৰস্তুত কৰা হৈছে (International Womens Day 2023) । যাৰ উদ্দেশ্য হৈছে লিংগ সমতা সৃষ্টি কৰা আৰু সকলো নাৰীক অধিক শক্তিশালী কৰি তোলা । ইয়াৰ বাবে নতুন ডিজিটেল যুগত উদ্ভাৱন আৰু প্ৰযুক্তিগত পৰিৱৰ্তনৰ শিক্ষা প্ৰয়োজনীয় ।

International womens day
International womens day

নিউজ ডেস্ক, ৯ ফেব্ৰুৱাৰী : অহা ৮ মাৰ্চত বিশ্বজুৰি উদযাপন কৰা হ'ব আন্তৰ্জাতিক নাৰী দিৱস, 2023 (International Womens Day 2023) । ৰাষ্ট্ৰসংঘই নাৰীসকলক বিশেষ স্বীকৃতি দিবলৈ আৰু বিশ্ব মঞ্চত তেওঁলোকৰ কৃতিত্বৰ ওপৰত আলোকপাত কৰিবলৈ ৮ মাৰ্চত আন্তৰ্জাতিক মহিলা দিৱস উদযাপন কৰা আৰম্ভ কৰিছিল । ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে এক নিৰ্দিষ্ট বিষয়বস্তুৰ অধীনত আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ পৰম্পৰা আৰম্ভ হৈছিল (first international womens day) । তেতিয়াৰে পৰা প্ৰতি বছৰে ইয়াৰ বাবে এটা সুকীয়া থীম বা বিষয়বস্তু মুকলি কৰা হয় আৰু সেই কথা মনত ৰাখিয়ে অনুষ্ঠানৰ আয়োজন কৰা হয় (theme of international womens day 2023) ।

২০২৩ চনৰ আন্তৰ্জাতিক নাৰী দিৱসৰ নতুন বিষয়বস্তুত পৰিৱৰ্তনশীল প্ৰযুক্তি আৰু ডিজিটেল শিক্ষাৰ উন্নতিত সহায় কৰা নাৰী আৰু যুৱতীসকলক চিনাক্ত কৰিব বিচৰা হৈছে (gender equality programme in womens day) । আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ সময়ত বিশ্বজুৰি চলি থকা অৰ্থনৈতিক আৰু সামাজিক অসমতাৰ ওপৰত ডিজিটেল লিংগ ব্যৱধানৰ প্ৰভাৱ অন্বেষণ কৰা হ'ব । লগতে আন্তৰ্জাতিক নাৰী দিৱসত অনুষ্ঠিত হ'বলগীয়া বিশেষ অনুষ্ঠানটোত ডিজিটেল স্থানত নাৰী আৰু যুৱতীৰ অধিকাৰ সুৰক্ষিত কৰাৰ গুৰুত্ব আৰু অনলাইন আৰু সকলো ধৰণৰ যোগাযোগ মাধ্যমৰ জৰিয়তে লিংগভিত্তিক হিংসাৰ কথা মনত ৰাখি কাৰ্যসূচীসমূহৰ সিদ্ধান্ত লোৱা হ'ব ।

নাৰী আৰু অন্যান্য অৱহেলিত গোটবোৰক প্ৰযুক্তিৰ ক্ষেত্ৰলৈ অনাটোৱে সমাজলৈ বহুতো লাভালাভ আনিব বুলি অনুমান কৰা হৈছে । ইয়াৰ ফলত অধিক সৃষ্টিশীল সমাধান আৰু উদ্ভাৱনৰ অধিক সম্ভাৱনা থাকিব বুলি আশা কৰা হৈছে । এই সকলোবোৰে নাৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰে আৰু লিংগ সমতাক প্ৰচাৰ কৰিব (Innovation and technology for gender equality) ।

উদ্ভাৱন, প্ৰযুক্তি আৰু ডিজিটেল শিক্ষাৰ প্ৰতি এক উমৈহতীয়া লিংগভিত্তিক দৃষ্টিভংগীয়ে নাৰী আৰু যুৱতীসকলৰ মাজত তেওঁলোকৰ অধিকাৰ আৰু নাগৰিকৰ অংশগ্ৰহণৰ বিষয়ে সজাগতা বৃদ্ধি কৰিব বুলি বিশ্বাস কৰা হয় । ডিজিটেল প্ৰযুক্তিৰ অগ্ৰগতিয়ে উন্নয়ন আৰু মানৱীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ লগতে 2030-ৰ কাৰ্যসূচীৰ বহনক্ষম উন্নয়ন লক্ষ্য লাভ কৰাৰ বাবে বিশাল সুযোগ প্ৰদান কৰে । দুৰ্ভাগ্যবশত সমগ্ৰ বিশ্বতে ডিজিটেল বিপ্লৱৰ সুযোগবোৰে লিংগ বৈষম্যৰ বৰ্তমানৰ আৰ্হিটো স্থায়ী কৰাৰ আশংকাও প্ৰকট কৰে । যদি সকলোৰে ডিজিটেল দক্ষতা আৰু প্ৰযুক্তিৰ প্ৰৱেশাধিকাৰ থাকে তেতিয়া অসমতাও দ্ৰুতগতিত হ্ৰাস হ'ব । এই ডিজিটেল লিংগ বৈষম্যৰ ফলস্বৰূপে নাৰীসকল পিছ পৰি আছে । সেয়েহে সামগ্ৰিক আৰু পৰিৱৰ্তনশীল প্ৰযুক্তি আৰু ডিজিটেল শিক্ষাৰ প্ৰয়োজনীয়তা হৈছে এক বহনক্ষম পদক্ষেপ আৰু এক উন্নত ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ (Gender Responsive Approach) ।

২০২৩ চনত ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিষয়বস্তু হৈছে 'ডিজিটেল : লিংগ সমতাৰ বাবে উদ্ভাৱন আৰু প্ৰযুক্তি' (DigitALL: Innovation and technology for gender equality)। সেয়েহে 8 মাৰ্চ, 2023 তাৰিখে এক উচ্চ-পৰ্যায়ৰ অনুষ্ঠানত সকলো অংশীদাৰৰ ভূমিকা নিশ্চিত কৰিব লাগিব যাতে প্ৰযুক্তিবিদ, উদ্ভাৱক, উদ্যোগী আৰু লিংগ সমতাৰ বাবে কাম কৰি থকা কৰ্মীসকলে প্ৰতিটো শ্ৰেণী আৰু লিংগৰ বাবে ডিজিটেল সঁজুলি লাভ হয় ।

উল্লেখ্য, আন্তৰ্জাতিক নাৰী দিৱস ১৯০৮ চনত আৰম্ভ হৈছিল । ইয়াৰ পটভূমি আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত ১৫,০০০ তকৈও অধিক নাৰী ৰাজপথলৈ ওলাই অহাটো । তাত মহিলাসকলৰ কামৰ বাবে কম সময় নিৰ্ধাৰণ, উন্নত দৰমহা আৰু ভোটদানৰ অধিকাৰ দাবী কৰিছিল । মহিলাসকলৰ প্ৰতিবাদৰ প্ৰায় এবছৰ পিছত আমেৰিকাৰ ছচিয়েলিষ্ট পাৰ্টীয়ে প্ৰথম ৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰাৰ কথা ঘোষণা কৰে । একে সময়তে ১৯১১ চনত অষ্ট্ৰিয়া, ডেনমাৰ্ক, জাৰ্মানী আৰু ছুইজাৰলেণ্ডত প্ৰথম আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা বুলি দাবী কৰা হয় ।

লগতে পঢ়ক :Hindenburg Research report on Adani firms : হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদনৰ তদন্ত সন্দৰ্ভত শুকুৰবাৰে হ'ব শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.